• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘গৰু চুৰি-ভোট চুৰিৰ পিছত এইবাৰ মাটি চুৰিত লিপ্ত বিজেপি; হিমন্ত বিশ্ব শৰ্মা জনজাতি বিৰোধী মুখ্যমন্ত্ৰী’-কংগ্ৰেছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 14, 2025 8:56 pm
58
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ আৰু সাংসদ দিলীপ শইকীয়া নেতৃত্বাধীন বিজেপি দল জনজাতিবিৰোধী। আজি এই অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ একাংশ জনজাতীয় নেতাই।

দুধনৈ সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰী, বোকাজান সমষ্টিৰ প্ৰাক্তন বিধায়ক জগৎ সিং ইংতি আৰু কংগ্ৰেছ নেতা শৈলেন সোণোৱালে আজি এখন সংবাদমেলযোগে বিজেপি দল আৰু চৰকাৰৰ জনজাতিবিৰোধী নীতিৰ স্বৰূপ তথ্যপাতিসহ উদঙাই দিয়ে। বিধায়ক যাদৱ স্বৰ্গীয়াৰীয়ে কয় যে এইখন চৰকাৰে বড়ো চুক্তিক নস্যাৎ কৰি বড়ো জনগোষ্ঠীৰ লগতে অন্যান্য জনজাতীয় লোকৰ ট্ৰাইবেল বেল্টৰ মাটি অজনজাতীয় লোকক প্ৰদান কৰিব বিচাৰিছে।

Apply Now

বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই শেহতীয়াকৈ বিটিচি নিৰ্বাচনত প্ৰচাৰ চলাবলৈ গৈ ৰাজহুৱাভাৱে বিটিচি এলেকাত অজনজাতীয় লোকৰ ভূমি ক্ৰয়ৰ অধিকাৰ থাকিব বুলি উল্লেখ কৰা বিষয়টো গৰিহণাৰ যোগ্য বুলি উল্লেখ কৰি স্বৰ্গীয়াৰীয়ে কয় যে বড়ো জনজাতিৰ লোকসকলে দীঘলীয়া সংগ্ৰাম আৰু ত্যাগৰ পিছত ২০০৩ চনত বিটিচি চুক্তিৰ জৰিয়তে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচী (ভৈয়াম)ৰ সাংবিধানিক সুৰক্ষা লাভ কৰে।

কংগ্ৰেছ দলৰ তৎপৰতাত হোৱা বিটিচি চুক্তিৰ পিছত উদাৰ মনোভাব দেখুৱাই বড়ো জনগোষ্ঠীৰ নেতা হাগ্ৰামা মহিলাৰাকী বিটিচি চৰকাৰ গঠন কৰিবলৈ সুযোগ কৰি দিয়ে। বিটিচি চুক্তিৰ পূৰ্বে চলি থকা অশান্তি আৰু হিংসাজৰ্জৰ পৰিৱেশ কংগ্ৰেছৰ নেতৃত্বত নিয়ন্ত্ৰিত হৈছিল। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ষড়যন্ত্ৰ আৰু মন্ত্ৰণাত বিজেপি দলে জনজাতীয় লোকসকলৰ মৰ্যাদা আৰু অধিকাৰ খৰ্ব কৰিব বিচাৰিছে।

কংগ্ৰেছ দল সদায় জনজাতীয় লোকসকলৰ স্বাৰ্থ সুৰক্ষাৰ বাবে বদ্ধপৰিকৰ বুলি স্বৰ্গীয়াৰীয়ে উল্লেখ কৰে। একেদৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ (পাৰ্বত্য) ষষ্ঠ অনুসূচীৰ অধিকাৰ আৰু মৰ্যাদা বিজেপি দল আৰু চৰকাৰে মষিমূৰ কৰিব বিচাৰিছে বুলি আজি গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰাক্তন বিধায়ক জগৎ সিং ইংতিয়ে।

কাৰ্বি জনগোষ্ঠীৰ নেতা জগৎ সিং ইংতি আৰু বিদ্যাছিং ৰংপিয়ে সংবাদমেলত কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰৰ আবেষ্টনীত থকা হাজাৰ হাজাৰ বিঘা মাটি আদানি আৰু আম্বানিক হস্তান্তৰ কৰাৰ চক্ৰান্ত কৰিছে। কোনো অঞ্চলত যদি ১৮ হাজাৰ বিঘা, আন কোনো অঞ্চলত আকৌ ৩৬ হাজাৰ বিঘা মাটি পুঁজিপতি গোষ্ঠীক গতাই দিবলৈ হিমন্ত বিশ্ব চৰকাৰে অভিসন্ধি ৰচিছে। ইয়াৰ দ্বাৰা কাৰ্বি জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰা হৈছে।

হিমন্ত বিশ্ব শৰ্মাক এজন জনজাতিবিৰোধী মুখ্যমন্ত্ৰী বুলি অভিহিত কৰি কাৰ্বি জনগোষ্ঠীৰ দুয়োজন নেতাই কয় যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে পাবলগীয়া সাংবিধানিক অধিকাৰ এইখন চৰকাৰে নোহোৱা কৰিছে আৰু স্বায়ত্ত পৰিষদে আনকি প্ৰাথমিক শিক্ষকৰ পদ এটাতো নিজাকৈ নিযুক্তি দিব নোৱৰা হৈছে। সকলো নিযুক্তি প্ৰক্ৰিয়া অনলাইন প্ৰক্ৰিয়াৰ নামত দিছপুৰে নিজৰ হাতলৈ নিয়াৰ লগতে এতিয়া ভূমিৰ অধিকাৰো হস্তগত কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে।

বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে শেহতীয়াকৈ কাৰ্বি আংলঙৰ ৰাইজে সকলো সুবিধা লাভ কৰিছে বুলি উল্লেখ কৰা মন্তব্যৰ প্ৰতিবাদ কৰি ইংতি আৰু ৰংপিয়ে কয় যে কাৰ্বি জনগোষ্ঠীৰ লোকে সাংবিধানিকভাৱে স্বায়ত্তশাসিত ৰাজ্য আৰু আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ দাবীত সংগ্ৰাম অব্যাহত ৰাখিছে। বিজেপি দল আৰু চৰকাৰে কাৰ্বি ৰাইজক ইয়াৰ পৰা বিচলিত কৰিব নোৱাৰে বুলিও নেতাদ্বয়ে স্পষ্ট কৰি দিয়ে।

 প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক শৈলেন সোণোৱালে নিজৰ বক্তব্যত কয় যে কংগ্ৰেছ চৰকাৰৰ দিনতহে বিভিন্ন স্বায়ত্তশাসিত পৰিষদ আৰু উপগ্ৰহীয় স্বায়ত্তশাসনৰ জৰিয়তে অসমৰ জনজাতীয় লোকসকলে সা-সুবিধা লাভ কৰিছিল। তেওঁ মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু সোণোৱাল স্বায়ত্তশাসিত পৰিষদ গঠনৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয় সাহস কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰে। সোণোৱাল স্বায়ত্তশাসিত পৰিষদত সংঘটিত ভয়ংকৰ বিত্তীয় কেলেংকাৰীৰো তদন্তৰ দাবী উত্থাপন কৰি সোণোৱালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জনজাতিবিৰোধী নেতা বুলি অভিযোগ কৰে।

সংবাদমেলত উপস্থিত থাকি অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক গৰুৰচোৰৰ প্ৰসংগ তল পেলাই উচ্ছেদৰ নামত মানুহৰ মনোযোগ আঁতৰোৱাৰ অপচেষ্টা চলাইছে বুলি অভিযোগ কৰে।

বৰঠাকুৰে কয় যে এইখন চৰকাৰে হাজাৰ হাজাৰ বিঘা মাটি আদানি-আম্বানিক গতাই দি জনজাতীয় লোকসকলক উচ্ছেদ কৰিছে আৰু অসমৰ থলুৱা ৰাইজক ভাতে মৰাৰ ষড়যন্ত্ৰ কৰিছে। ছয়গাঁও, মিৰ্জাত এৰ’চিটিৰ নামত আদানিক হাজাৰ হাজাৰ বিঘা মাটি প্ৰদান কৰিলে অসমীয়া নিবনুৱা যুৱক-যুৱতীয়ে কেৱল ছিকিউৰিটি গাৰ্ড আৰু গাড়ীচালকৰ চাকৰিহে পাব বুলি বৰঠাকুৰে মাটিৰ অধিকাৰ থলুৱাৰ পৰা কাঢ়ি নিয়াৰ ষড়যন্ত্ৰত হিমন্ত বিশ্ব শৰ্মা লিপ্ত হোৱা বুলি অভিযোগ কৰে। বিজেপি দল আৰু চৰকাৰে গৰু চুৰি, ভোট চুৰিৰ পিছত এইবাৰ জনজাতীয় লোকৰ মাটি চুৰিত নামিছে বুলি বৰঠাকুৰে অভিযোগ কৰে। সংবাদমেলখন পৰিচালনা কৰে মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am
চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

June 16, 2026 9:56 am
দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

June 16, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am
চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd