ডিমা হাচাওত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা। এগৰাকী ৪৮ বছৰীয়া জনজাতীয় মহিলাক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।
এই গোচৰত এতিয়ালৈকে মুঠ ৫ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। গোটেইকেইজন অভিযুক্ত ডিমা হাচাওৰ নামনি হাইড’ ইলেক্ট্ৰিক প্ৰকল্পৰ ঠিকাদাৰী প্ৰতিষ্ঠান এল এণ্ড টি কনষ্ট্ৰাকশ্যন কোম্পানীৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে।
ঘটনাৰ বিৱৰণ অনুসৰি, ভুক্তভোগী মহিলাগৰাকীয়ে এখন চাহ দোকান দিছিল। শুকুৰবাৰে গধূলি নিজৰ চাহ দোকানখন বন্ধ কৰি ঘৰলৈ উভটাৰ পথত মহিলাগৰাকী নিৰুদ্দেশ হয়। ইয়াৰ পিছত মহিলাগৰাকীৰ মোবাইলৰ নেটৱৰ্ক ট্ৰেক কৰি বনাঞ্চলৰ মাজত মহিলাগৰাকীক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে জনোৱা মতে, মহিলাগৰাকীৰ মূৰ আৰু শৰীৰৰ কেইবা ঠাইতো আঘাতৰ চিন স্পষ্ট।
মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।
ইয়াৰ পিছত শনিবাৰে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি জলবিদ্যুৎ প্ৰকল্পটোত কৰ্মৰত পাঁচজন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত সকল হৈছে সত্য আচাৰ্যী (ছাইট ইনচাৰ্জ), অয়ন চৌধুৰী (ফৰমেন), ৰবীন্দ্ৰ ৰানা ছেত্ৰী (ষ্ট’ৰ ইনচাৰ্জ), ষ্টেফান হান্সে (শ্ৰমিক) আৰু মানন্দ আব্দুল আলী (ফৰমেন)।
ইয়াৰে ৰবীন্দ্ৰ ৰাণা নামৰ অভিযুক্ত নেপালৰ নাগৰিক বুলি জানিব পৰা গৈছে।
এই ঘটনা সন্দৰ্ভত এতিয়া স্থানীয় লোক আৰু দল-সংগঠনে ঘটনাৰ ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দোষীক শীঘ্ৰেই কঠোৰ শাস্তি দিবলৈ দাবী জনাইছে। লগতে, এই প্ৰকল্পৰ লগত জড়িত এল এণ্ড টি কনষ্ট্ৰাকশ্যন কোম্পানীক কামৰ পৰা অব্যাহতি দিবলৈ দাবী জনাইছে।
আৰক্ষীয়ে গোচৰ ৰুজু কৰি অধিক তদন্ত অব্যাহত ৰাখিছে।