• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সোমবাৰে হোৱাইট হাউছত ড’নাল্ড ট্ৰাম্পৰ সৈতে বৈঠক জেলেনস্কিৰ, থাকিব ইউৰোপীয় নেতাসকলো

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 18, 2025 12:58 pm
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভ’ল’ডিমাইৰ জেলেনস্কিৰ সৈতে আজি (সোমবাৰে) বৈঠকত মিলিত হ’ব। চলিত বৰ্ষৰ আৰম্ভণিতে হোৱাইট হাউছত ট্ৰাম্পৰ সৈতে উত্তপ্ত বাৰ্তালাপৰ পিছত এইখনেই হৈছে দুয়োগৰাকী ৰাষ্ট্ৰপতিৰ মাজত প্ৰথমখন বৈঠক। অৱশ্যে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে সোমবাৰে অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত ইউৰোপীয় মিত্ৰ দেশসমূহো উপস্থিত থাকিব।

ইউক্ৰেইন যুদ্ধৰ অন্ত পেলাবলৈ আয়োজন কৰা এই বৈঠকৰ বাবে নাটোৰ প্ৰধান সচিব মাৰ্ক ৰুট আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ছাৰ কেইৰ ষ্টাৰমাৰে আন কেইবাজনো নেতাৰ সৈতে ৱাশ্বিংটনত জেলেনস্কিৰ সৈতে যোগ দিব।

Apply Now

ইয়াৰ পূৰ্বে শুকুৰবাৰে আলাস্কাত ট্ৰাম্প-পুটিনৰ বৈঠকত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে স্থায়ী শান্তি চুক্তিত উপনীত হ’বলৈ চেষ্টা কৰিছিল যদিও যুদ্ধবিৰতি ঘোষণা কৰা হোৱা নাছিল, কোনো ডাঙৰ কৃতিত্বও লাভ হোৱা নাছিল।

এই বৈঠক তাৰ তিনিদিন পিছত জেলেনস্কি আৰু ইউৰোপীয় নেতাসকলৰ সৈতে অনুষ্ঠিত হৈছে। যাৰ বাবে এই বৈঠক স্বাভাৱিকতে এক অতি গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে।

কাৰণ ইয়াৰ পূৰ্বে দুয়োখন পাৰমাণৱিক শক্তি ৰাছিয়া আৰু আমেৰিকাৰ বৈঠকত কি হৈছিল সেই সন্দৰ্ভত কোনো স্পষ্ট ঘোষণা কৰা হোৱা নাছিল।

সোমবাৰৰ বৈঠকত ইউৰোপীয় নেতাসকলে এটা বিষয় গুৰুত্বপূৰ্ণভাৱে তুলি ধৰিব বিচৰিব, সেইটো হ’ল ইউক্ৰেইনৰ অনুপস্থিতিত সেই দেশখনক লৈ যাতে কোনো চুক্তি কৰা নহয়, আৰু যিকোনো চুক্তিৰ হ’লে সেয়া যাতে শক্তিশালী নিৰাপত্তা নিশ্চিত কৰি কৰা হয়।

দেওবাৰে আমেৰিকাৰ এজন দূতে কয় যে পুটিনে ইউক্ৰেইনৰ বাবে নাটোৰ দৰে নিৰাপত্তা চুক্তিত সন্মতি প্ৰকাশ কৰিছে।

ট্ৰাম্পে নিজৰ সামাজিক প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলতো লিখিছে, “ৰাছিয়াৰ সৈতে বৃহৎ অগ্ৰগতি হৈছে। লগত থাকক।” কিন্তু তেওঁ বিতংভাৱে কোৱা নাছিল।

সোমবাৰৰ বৈঠকৰ বাবে ৱাশ্বিংটনলৈ গৈ আছে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নি, জাৰ্মানীৰ চ্যান্সেলৰ ফ্ৰেড্ৰিখ মাৰ্জ, ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাবছ আৰু ইউৰোপীয় কমিছনৰ প্ৰেছিডেন্ট উৰ্চুলা ভন ডেৰ লেয়েন।

তেওঁলোক সকলোৱে হোৱাইট হাউছলৈ যাত্ৰা কৰিব নে নকৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ইমান কম সময়ৰ ভিতৰতে আটলাণ্টিক মহাসাগৰ পাৰ হৈ ইমানকেইগৰাকী ৰাষ্ট্ৰপতিৰ যাত্ৰা অভূতপূৰ্ব ঘটনা। অৱশ্যে সংকটৰ ভয়াৱহতাই ইয়াৰ এটা কাৰণ হ’ব পাৰে।

কূটনৈতিক সূত্ৰই জনোৱা মতে, বিশেষকৈ যোৱা শুকুৰবাৰে জেলেনস্কিৰ অবিহনে ট্ৰাম্পে আমেৰিকাৰ মাটিত পুটিনৰ সৈতে সাক্ষাৎ কৰাৰ পিছত ট্ৰাম্পে জেলেনস্কিক কিছুমান চৰ্তত সন্মতি দিবলৈ হেঁচা প্ৰয়োগ কৰিব পাৰে বুলি ইউৰোপীয় নেতাসকলে চিন্তিত হৈ পৰিছে।

অৱশ্যে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই বিবিচিৰ অংশীদাৰ চিবিএছক জনাইছে যে ট্ৰাম্পে জেলেনস্কিৰ ওপৰত শান্তি চুক্তিত সন্মতি দিয়াৰ হেঁচা এটা হাস্যকৰ সংবাদ মাধ্যমৰ কাহিনী।

যোৱা ফেব্ৰুৱাৰী মাহত ট্ৰাম্প-জেলেনস্কিৰ বৈঠকৰ সময়ত উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতিৰ পুনৰাবৃত্তিও নাটোৰ নেতাসকলে নিবিচাৰে।

সেই বৈঠকত ট্ৰাম্পে জেলেনস্কিক কৈছিল যে জেলেনস্কিয়ে “তৃতীয় বিশ্বযুদ্ধক লৈ  জুৱা খেলিছে”। ইয়াৰ ফলত ৱাশ্বিংটন-কিয়ভৰ সম্পৰ্কও জোকাৰি গৈছে।

সেই ঘটনাৰ পিছৰে পৰা ইউৰোপীয় নেতাসকলে পুনৰ সম্পৰ্ক গঢ়ি তুলিবলৈ পৰ্দাৰ আঁৰত অক্লান্তভাৱে কাম কৰি আহিছে। ইউৰোপীয় নেতাসকলেও জেলেনস্কিক চুক্তি কৰাৰ ক্ষেত্ৰত অধিক কৌশলী ভাষা ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে। কোনো কাৰণতে ট্ৰাম্পৰ ওপৰত অসন্তুষ্ট নহ’ব বা ড’নাল্ড ট্ৰাম্পক আৰু অধিক অনুপ্ৰাণিত কৰা ভাষাত কথা কোৱাৰ কথা কৈছে।

যোৱা এপ্ৰিল মাহত ইউক্ৰেইনে খনিজ সম্পদৰ চুক্তিত স্বাক্ষৰ কৰিছিল, য’ত আমেৰিকাও দেশখনৰ আৰ্থিক অংশীদাৰ হৈ পৰিছিল। একে মাহতে ভেটিকানত পোপ ফ্ৰান্সিছৰ অন্ত্যেষ্টিক্ৰিয়াতো ব্যক্তিগতভাৱে কথা পাতিছিল ট্ৰাম্প আৰু জেলেনস্কিয়ে। সেই সময়ত ইউক্ৰেইনেও আমেৰিকাৰ পৰা অস্ত্ৰ ক্ৰয়ৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল।

যোৱা জুলাই মাহত দুয়োগৰাকী নেতাৰ মাজত ফোন হৈছিল, যিটোক জেলেনস্কিয়ে অতি গুৰুত্বপূৰ্ণ আৰু ইতিবাচক বুলি অভিহিত কৰিছিল।

ইয়াৰ পিছতে ট্ৰাম্পেও ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণক লৈ ক্ৰমাৎ বিৰক্তি প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে। ট্ৰাম্পে পুটিনক ‘পাগল’ বুলিও অভিহিত কৰে। আৰু মস্কোৰ ওপৰত অৰ্থনৈতিক নিষেধাজ্ঞাৰ ভাবুকি দিয়ে।

এফালে এই আলোচনা চলি থকাৰ সময়তে আনফালে ৰাছিয়াৰ সৈন্যই ইউক্ৰেইনৰ দিশে আগবাঢ়িছিল।

২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়াই ইউক্ৰেইনত পূৰ্ণাংগ আক্ৰমণ আৰম্ভ কৰাৰ পিছৰে পৰা ইতিমধ্যে ইউক্ৰেইনৰ প্ৰায় এক পঞ্চমাংশ দখল কৰি লৈছে।

দেওবাৰে ইউৰোপীয় নেতাসকলৰ সৈতে হোৱা ভাৰ্চুৱেল শীৰ্ষ সন্মিলনত যোগদান কৰে জেলেনস্কিয়ে, য’ত ফ্ৰান্স, ব্ৰিটেইন আৰু জাৰ্মানীকে ধৰি ইউৰোপীয় সংঘৰ নেতাসকলে ইউক্ৰেইনক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

ইয়াৰ পিছত ইমানুৱেল মেক্ৰনে সাংবাদিকৰ আগত কয় যে সোমবাৰে ট্ৰাম্পৰ সৈতে সাক্ষাৎ কৰাৰ সময়ত তেওঁলোকে ইউৰোপৰ এক ঐক্যবদ্ধ স্থিতি উপস্থাপন কৰাৰ পৰিকল্পনা কৰিছে।

শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰদূত ষ্টিভ উইটকফে আমেৰিকাৰ টেলিভিছনক জনাইছিল যে পুটিনে শক্তিশালী নিৰাপত্তাৰ নিশ্চয়তাৰ বাবে সন্মতি প্ৰকাশ কৰিছে।

জেলেনস্কি আৰু নাটোৰ নেতাসকলে অধিক জানিবলৈ আগ্ৰহী, কিয়নো আমেৰিকাৰ ৰাষ্ট্ৰদূত ষ্টিভ উইটকফে আমেৰিকাৰ টেলিভিছনক জনাইছে যে শুকুৰবাৰে পুটিনে শক্তিশালী নিৰাপত্তাৰ নিশ্চয়তা দিবলৈ সন্মত হৈছে, আৰু তেওঁ সেইটোক “গেম চেঞ্জাৰ” বুলি অভিহিত কৰিছে।

উইটকফে কয় যে এই চুক্তিয়ে ইউক্ৰেইনক ভৱিষ্যতৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰিব পাৰে।

তেওঁ চিএনএনক কয় যে “আমি এনে এক চুক্তিত উপনীত হৈছো যিয়ে ইউক্ৰেইনক সুৰক্ষা দিব পাৰে।” তেওঁ লগতে কয় যে ইউক্ৰেইনৰ পাঁচটা বিবাদিত অঞ্চলৰ ওপৰত ৰাছিয়াই “কিছুমান ৰেহাই” দিছে।

আলাস্কাৰ বৈঠকৰ পিছত ইউৰোপীয় মিত্ৰ দেশসমূহৰ সৈতে হোৱা কথা-বতৰাত ট্ৰাম্পে কয় যে ডনবাছৰ মূল ডনেস্ক আৰু লুহানস্ক অঞ্চলৰ ওপৰত পুটিনে নিজৰ দাবী পুনৰবাৰ উল্লেখ কৰিছে।

কিন্তু দেওবাৰে নাটোৰ নেতাসকলৰ সৈতে হোৱা ভাৰ্চুৱেল বৈঠকত জেলেনস্কিয়ে জোৰ দি কয় যে ইউক্ৰেইনৰ সংবিধানত কোনো ভূখণ্ড এৰি দিয়াৰ অনুমতি নাই।

ইফালে, দেওবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰীয়ে সকীয়াই দিয়ে যে ইউৰোপৰ ৮০ বছৰৰ ভিতৰত আটাইতকৈ ভয়াৱহ সংঘাতৰ শীঘ্ৰেই অন্ত পৰিব বুলি আশা কৰাটো সঠিক নহয়। ৰুবিঅ’ই কয়, “আমাৰ এতিয়াও বহু দূৰ বাকী আছে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd