• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰসিদ্ধ সাংবাদিক পৰঞ্জয় গুহ ঠাকুৰতাৰ সৈতে সাক্ষাৎকাৰঃ তোলপাৰ লগাইছে তেওঁৰ প্ৰশ্নই, কি কৈছিল গুহই…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 19, 2025 1:06 pm
91
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৰ্থইষ্ট নাওৰ মুখ্য সম্পাদক পাৰেশ মালাকাৰৰ বিশেষ সাক্ষাৎকাৰ অনুষ্ঠানত, জ্যেষ্ঠ সাংবাদিক তথা ৰাজনৈতিক ভাষ্যকাৰ পৰঞ্জয় গুহ ঠাকুৰতাই ভাৰতৰ নিৰ্বাচন আয়োগ (ইচিআই)ৰ শেহতীয়াকৈ অনুষ্ঠিত সংবাদমেল সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা আগবঢ়ায়। চৰকাৰৰ নীতিসমূহৰ এজন তীব্ৰ সমালোচক হিচাপে গুহ ঠাকুৰতাই মুখ্য নিৰ্বাচন আয়ুক্ত (চিইচি)ৰ উত্তৰসমূহৰ গভীৰ বিশ্লেষণ আগবঢ়াইছে, য’ত ‘ভোট চোৰি’ আৰু ভোটাৰ তালিকাৰ অনিয়ম সম্পৰ্কে উঠা অভিযোগসমূহৰ প্ৰসংগত প্ৰশ্ন কৰা হৈছিল।

সম্পাদিত অংশসমূহত, গুহ ঠাকুৰতাই সংবাদমেলৰ আঁৰত থকা কাহিনী, ইয়াৰ সময় নিৰ্বাচন আৰু উদ্দেশ্য বৰ্ণনা কৰি কৈছে যে চিইচিৰ প্ৰযুক্তিগত আৰু বহু ক্ষেত্ৰত আত্মৰক্ষামূলক উত্তৰসমূহে ভাৰতৰ গণতান্ত্ৰিক নিৰ্বাচন ব্যৱস্থাৰ অৱস্থাটোক উন্মোচিত কৰিছে…

Apply Now

পাৰেশ মালাকাৰ: আপুনি নিৰ্বাচন আয়োগৰ সংবাদমেলত উপস্থিত আছিল। আপোনাৰ প্ৰশ্নবোৰৰ উত্তৰত সন্তুষ্ট আছিলনে?

পৰঞ্জয় গুহ ঠাকুৰতা: আপোনাৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে কিছু প্ৰসংগ আগবঢ়াম। এইখন আছিল ১৯ ফেব্ৰুৱাৰী, ২০২৫ত পদ গ্ৰহণ কৰা পৰা মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ প্ৰথমখন  মুকলি সংবাদমেল। সংবাদমেলখন অনুষ্ঠিত হৈছিল নেচনেল মিডিয়া চেন্টাৰত হৈছিল আৰু কেৱল স্বীকৃত সাংবাদিকসকলেহে অংশ ল’ব পাৰিছিল। মই যিহেতু ১৯৮০ দশকৰ শেষৰ পৰা তথ্য প্ৰচাৰ ব্যুৰো (PIB)-ৰ স্বীকৃত সাংবাদিক হিচাপে ক’ব পাৰো এনে ধৰণৰ সংবাদমেল আগতে কেতিয়াও হোৱা নাই।

সাধাৰণতে ইচিআইৰ সংবাদমেলবোৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিবলৈ অনুষ্ঠিত হয়। কিন্তু এইবাৰ বিশেষকৈ লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধী আৰু তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টি, ৰাজৰ (RJD) আৰু বিজু জনতা দলৰ নেতাসকলৰ দ্বাৰা কৰা অভিযোগৰ প্ৰত্যুত্তৰ দিবলৈ সংবাদমেলৰ আয়োজন কৰা হৈছিল। সংবাদমেলৰ সময়ও আছিল লক্ষ্যণীয়। সংবাদমেলখন অনুষ্ঠিত হৈছিল দেওবাৰ বিয়লি ৩ বজাত, যি সময়ত ৰাহুল গান্ধীয়ে বিহাৰৰ সাসাৰামত অনুষ্ঠিত তেওঁৰ ‘অধিকাৰ যাত্ৰা’ত অংশ লৈছিল।

আৰু এটা গুৰুত্বপূৰ্ণ বিষয় আছিল ১৪ আগষ্টত শীৰ্ষ আদালতৰ আদেশ। ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে নিৰ্বাচন আয়োগক বিহাৰত বিহাৰৰ ভোটাৰ তালিকাৰ পৰা ৬৫ লাখ নাম বিলোপ কৰাৰ তথ্য মেচিন-ৰিডেবল ফৰ্মেটত প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছিল।  ইয়াৰ উপৰিও, নাম বাদ পৰাৰ অভিযোগৰ বাবে আধাৰ কাৰ্ডক বৈধ নথি হিচাপে গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়া হৈছিল, যিটো পূৰ্বৰ ১১টা নথিৰ তালিকাৰ পৰা পৃথক আছিল। এইবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আছিল আৰু মোৰ বিশ্বাস জ্ঞানেশ কুমাৰ তীব্ৰ সমালোচনাৰ প্ৰেক্ষাপটত প্ৰতিক্ৰিয়া দিবলৈ বাধ্য হৈছিল।

আপোনাৰ প্ৰশ্নৰ উত্তৰত কওঁ, মই সন্তুষ্ট নহ’লোঁ। মোৰ প্ৰশ্নবোৰৰ পূৰ্ণ উত্তৰ পোৱা নাছিলোঁ। মই সোধিছিলোঁ, বিহাৰত কিয় ততালিকে নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে, বিশেষ কৈ যি সময় আছিল ভৰ বাৰিষাৰ। তেওঁ কৈছিল যে ২০০৩তো একেধৰণৰ ভোটাৰ তালিকা সংশোধন হোৱা হৈছিল। মোৰ মতে এইটো পলায়নবাদী দায় সামৰা ধৰণৰ উত্তৰ।

মহাৰাষ্ট্ৰত ভোটাৰ তালিকাত হঠাতে ৪ মিলিয়ন নাম বৃদ্ধি হোৱাৰ বিষয়তো প্ৰশ্ন কৰিছিলোঁ। তেওঁ কৈছিল যে বিৰোধীয়ে ৮ মাহ পিছত কিয় অভিযোগ তুলিছে আৰু প্ৰতিনিধিত্ব আইনৰ প্ৰযুক্তিগত ধাৰা উদ্ধৃত কৰিছিল। কিন্তু তেওঁ মহাৰাষ্ট্ৰত ভোটৰ যোগ্য লোকৰ সংখ্যাতকৈ পঞ্জীয়ন হোৱা ভোটাৰ অধিক নে? মোৰ  এই মূল প্ৰশ্নটোৰ উত্তৰ নিদিলে।

৫ বজাৰ পিছত হঠাতে ভোটদানে বৃদ্ধি হোৱাৰ বিষয়ে সোধাত তেওঁ কৈছিল যে শেষ এক ঘন্টাত ভোটদান ১০ শতাংশতকৈ কম আছিল। কিন্তু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নবীচৰ দৰে ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে নিৰ্বাচনৰ বিষয়ে প্ৰশ্নৰ উত্তৰ দিওঁতে নিৰ্বাচন আয়োগ কিয় নীৰৱ হৈ আছিল।

কিছুমান প্ৰশ্ন আংশিক উত্তৰ দিছিল, কিছুমান প্ৰশ্নৰ ডিপ্ল’মেটিক ভাবে উত্তৰ দিছিল  আৰু কেইটামান প্ৰশ্ন একেবাৰে এৰাই গৈছিল।

পাৰেশ মালাকাৰ: এইটো কি এক ধৰণৰ ধাৰা, য’ত চৰকাৰে ডিপ্ল’মেটিক ভাবে উত্তৰ দিয়ে কিন্তু মূল বিষয়টো এৰাই চলে?

পৰঞ্জয় গুহ ঠাকুৰতা: মই ক’ব পাৰোঁ যে চিইচি জ্ঞানেশ কুমাৰে ডিপ্ল’মেটিক উত্তৰ দিছিল। উদাহৰণস্বৰূপে, তেওঁ কৈছিল “মেচিন-ৰিডেবল” আৰু “মেচিন-চাৰ্চেবল”ৰ মাজত পাৰ্থক্য আছে।

ভোটকেন্দ্ৰৰ চিচিটিভি ফুটেজ ৪৫ দিনৰ পিছত ধ্বংস কৰাৰ প্ৰশ্নত তেওঁ কৈছিল এইটো গোপনীয়তাৰ লংঘন হ’ব পাৰে। তেওঁ মহিলাৰ গোপনীয়তাৰ কথা কৈছিল যে “আপোনাৰ মাতৃ বা ভনীয়েকৰ ছবিখন প্ৰকাশ হোৱাটো বিচাৰে নেকি?” কিন্তু ভোটকেন্দ্ৰ হৈছে এক ৰাজহুৱা ঠাই, ব্যক্তিগত শোৱনি কোঠা নহয়।

তেওঁ বাৰে বাৰে ৰাহুল গান্ধীৰ অভিযোগৰ কথা উল্লেখ কৰিছিল। নাম নোলোৱাকৈ তেওঁ ৰাহুলৰ পাৱাৰপইণ্ট প্ৰেজেণ্টেচনৰ কথা কৈছিল আৰু কৈছিল যে তেওঁ হয় শপতনামা দাখিল কৰক অনথ্যা ক্ষমা বিচাৰক। তেওঁ কাৰিকৰী কাৰণ দৰ্শাই কৈছিল যে ভোটাৰ এজন নিৰ্দিষ্ট নিৰ্বাচনী এলেকাৰ হ’ব লাগিব আৰু নিৰ্বাচনৰ ফলাফলৰ ৪৫ দিনৰ ভিতৰত শপতনামা দাখিল কৰিব লাগিব। তেওঁ কৈছিল যে বিজু জনতা দল আৰু সমাজবাদী পাৰ্টিৰ অভিযোগ শপতপত্ৰৰ অধীনত বা সময়ৰ ভিতৰত দাখিল হোৱা নাছিল।

কিন্তু তেওঁ এইটো উল্লেখ কৰা নাছিল যে বিজেপিৰ প্ৰাক্তন মন্ত্ৰী অনুৰাগ ঠাকুৰেও ৰায় বৰেলী আৰু ৱায়ানাডত মিছা ভোটৰ অভিযোগ কৰিছিল। একেই যুক্তিৰে, অনুৰাগ ঠাকুৰকো শপতপত্ৰ দাখিল কৰিবলৈ বা জাতিৰ ওচৰত ক্ষমা বিচাৰিবলৈ ক’ব নালাগেনে? কংগ্ৰেছ দলে বিশ্বাস কৰে যে নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া বিৰোধী দলৰ নেতাক অপ্ৰত্যক্ষভাৱে ভীতি দেখুওৱাৰ প্ৰয়াস, আৰু তেওঁলোকে আয়োগক পক্ষপাতদুষ্ট বুলি অভিযোগ কৰিছে।

পৰেশ মালাকাৰ: মই সংবাদমেলখনত যি দেখিছো, আৰু মোৰ ধাৰণা যে নিৰ্বাচন আয়োগে আত্মপক্ষগ্ৰহনকাৰী আৰু অহংকাৰী আছিল। তেওঁলোকে তথ্য প্ৰকাশ কৰা নাছিল, কেৱল আত্মপক্ষ সমৰ্থন কৰিছিল। মোৰ ধাৰণা সঠিক নেকি?

পৰঞ্জয় গুহ ঠাকুৰতা: আপুনি আপোনাৰ মতামত দিবলৈ স্বাধীন। মই আপোনাৰ সৈতে দ্বিমত পোষণ নকৰো। মই আপোনাৰ সকলো দৰ্শকক নিৰ্বাচন আয়োগৰ ৱেবছাইটত সম্পূৰ্ণ সংবাদমেল চাই নিজৰ সিদ্ধান্ত ল’বলৈ উৎসাহিত কৰোঁ।

পাৰেশ মালাকাৰ: ৰাহুল গান্ধীৰ অভিযোগৰ প্ৰসঙ্গত, এতিয়া কি হ’ব বুলি আপুনি ভাবে?

পৰঞ্জয় গুহ ঠাকুৰতা: মই সঁচাকৈয়ে নাজানো কি হ’ব। CEC-এ বাৰে বাৰে কৈছিল যে নাগৰিকসকলে ভোটাৰ তালিকাত বাদ পৰা বা দ্বৈত নামৰ অভিযোগৰ বাবে এতিয়াও ১৫ দিনৰ সময় আছে। চূড়ান্ত তালিকা ছেপ্টেম্বৰৰ আৰম্ভণিত প্ৰকাশ হ’লে কি হয়, সেয়া আমি দেখা পাম।

উচ্চতম ন্যায়ালয়ৰ এটা গুৰুত্বপূৰ্ণ মন্তব্য, যিটো চিইচিয়েও উল্লেখ কৰিছিল, যে ভোটাৰ হিচাপে প্ৰমাণৰ বাবে আধাৰ কাৰ্ডও গ্ৰহণ যোগ্য। এইটো গুৰুত্বপূৰ্ণ কাৰণ নিৰ্বাচন আয়োগে নাগৰিকত্ব সংশোধনী আইন (CAA) আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC)ৰ বাবে ব্যৱহৃত একেই কাট-অফ তাৰিখ—১ জুলাই, ১৯৮৭ আৰু ২ ডিচেম্বৰ, ২০০৪—ব্যৱহাৰ কৰি আহিছে। অসমৰ পৰা অহা আপুনি জানে এই তাৰিখবোৰ কিমান গুৰুত্বপূৰ্ণ।

কিছুমান ভোটাৰৰ ঠিকনা নথকাৰ বিষয়ে  সোধোঁতে চিইচিয়ে কৈছিল যে ইয়াৰ কাৰণ তেওঁলোক গৃহহীন হ’ব পাৰে। তেওঁ মূলতঃ ক’ব বিচাৰিছিল যে অভিযোগ কৰা ৰাজনৈতিক দলসমূহে সঠিক ভাবে গৱেষণাস কৰা নাই। কিন্তু নিৰ্বাচন আয়োগ এটা সাংবিধানিক সংস্থা, যাৰ দায়িত্ব হ’ল “এজন ব্যক্তি, এটা ভোট” নিশ্চিত কৰা আৰু নিৰ্বাচন মুক্ত আৰু ন্যায্য হোৱাটো নিশ্চিত কৰা। এইটোৱেই ভাৰতৰ গণতন্ত্ৰৰ মূলমন্ত্ৰ, য’ত প্ৰতিজন ১৮ বছৰৰ ওপৰৰ নাগৰিকৰ ভোটৰ অধিকাৰ আছে, তেওঁলোকৰ পৰিস্থিতি যিয়েই নহওক কিয়।

পাৰেশ মালাকাৰ: ভোটাৰ তালিকা শুদ্ধ কৰা আৰু ভোটৰ অধিকাৰ নিশ্চিত কৰাৰ দায়িত্ব মূলতঃ নিৰ্বাচন আয়োগৰ, নহয়নে?

পৰঞ্জয় গুহ ঠাকুৰতা: মই সম্পূৰ্ণৰূপে একমত। এইটো নিঃসন্দেহে ভাৰতৰ নিৰ্বাচন আয়োগৰ সম্পূৰ্ণ দায়িত্ব। মিষ্টাৰ কুমাৰে বহুতো পৰিসংখ্যা দিছিল, লাখ লাখ বুথ-লেভেল অফিচাৰ (BLO) আৰু এজেণ্টৰ কথা উল্লেখ কৰিছিল, যিসকল এই বিশাল কামৰ অংশ। কেৱল বিহাৰত ৯০,০০০ BLO-এ প্ৰায় ৮ কোটি ভোটাৰৰ ঘৰলৈ যাব লাগে। গতিকে, হয়, নিৰ্বাচন মুক্ত আৰু ন্যায্যভাৱে অনুষ্ঠিত হোৱাটো নিশ্চিত কৰাৰ দায়িত্ব নিৰ্বাচন আয়োগৰ। ৰাজনৈতিক দল আৰু নাগৰিকসকলে এই পৰিস্থিতিৰ প্ৰতি কেনে সঁহাৰি জনায়, সেয়া লক্ষণীয় হ’ব।




এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

July 5, 2026 12:13 pm
অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

July 5, 2026 11:20 am
ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

July 5, 2026 9:58 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

July 5, 2026 12:13 pm
অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

July 5, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd