আগন্তুক এদিনীয়া বিশ্বকাপৰ বাবে ভাৰতৰ মহিলা দলৰ ঘোষণা। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ দলটোও ঘোষণা কৰা হৈছে। বিশ্বকাপত ভাৰতক নেতৃত্ব দিব হৰমনপ্ৰীত কৌৰে, উপ-অধিনায়ক হিচাপে স্মৃতি মান্ধানা। অৱশ্যে বিধ্বংসী অ’পেনাৰ ছেফলী বাৰ্মাক বাদ দিয়া হৈছে।
মহিলা এদিনীয়া বিশ্বকাপত ভাৰতীয় দল
হৰমনপ্ৰীত কৌৰ (অধিনায়ক)
স্মৃতি মান্ধনা (ঘ অধিনায়ক)
প্ৰতিকা ৰাৱাল
হাৰ্লিন দেউল
দীপ্তি শৰ্মা
জেমাইমা ৰড্ৰিগেছ
ৰেণুকা সিং ঠাকুৰ
অৰুন্ধতী ৰেড্ডী
ৰিচা ঘোষ (উইকেটকীপাৰ)
ক্ৰান্তি গৌড়া
অমনজ্যোৎ কৌৰ
ৰাধা যাদৱ
শ্ৰী চৰণী
যস্তিকা ভাটিয়া (উইকেটকীপাৰ)
স্নেহ ৰানা
উল্লেখ্য যে, ৩০ ছেপ্টেম্বৰৰ পৰা ২ নৱেম্বৰলৈ ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’ব মহিলা বিশ্বকাপ।১২ বছৰৰ পাছত ভাৰতলৈ ঘূৰি আহিছে এই মেগা টুৰ্ণামেণ্ট। দেশৰ মুঠ ৫খন ষ্টেডিয়াম আৰু শ্ৰীলংকাৰ এখন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই খেল। অহা ৩০ ছেপ্টেম্বৰত ভাৰতৰ প্ৰথমখন খেল।বেংগালুৰুত হৰমনপ্ৰীতৰ প্ৰতিদ্বন্দ্বী হৈছে শ্ৰীলংকা। তাৰ পিছত পাকিস্তান। ৫ অক্টোবৰত শ্ৰীলংকাৰ কলম্বোত দুয়োটা দলৰ মুখামুখি হ’ব।চেম্পিয়নছ ট্ৰফীৰ দৰে এই প্ৰতিযোগিতাখনো হাইব্ৰিড মডেলত অনুষ্ঠিত হৈছে। ফলত পাকিস্তান ভাৰতলৈ আহিব নালাগে। ২৯ অক্টোবৰত প্ৰথম ছেমি ফাইনেল, ৩০ অক্টোবৰত দ্বিতীয় ছেমি ফাইনেল।২ নৱেম্বৰত বেংগালুৰুত অনুষ্ঠিত হ’ব ফাইনেল।আৰু যদি পাকিস্তানে জয়ী হয় তেন্তে কলম্বোত অনুষ্ঠিত হ’ব।