ৰাজ্যখনত প্ৰতিদিনে অভাৱনীয় হাৰত বৃদ্ধি পোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য তথা ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বৰপেটাত জিলা কংগ্ৰেছে আজি এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।
উল্লেখযোগ্য যে বৰপেটা চহৰৰ ৰাজীৱ ভৱনৰ সন্মুখতে বৰপেটা জিলা কংগ্ৰেছ তথা প্ৰতিবাদকাৰী সকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। আৰু কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ জনবিৰোধী কাৰ্যৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে বৰপেটাৰ আকাশ-বতাহ মুখৰিত কৰি তোলে।
আনহাতে পথৰ ওপৰতে প্ৰতিবাদ কাৰী সকলে ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰাত পথতো আবদ্ধ হৈ পৰাত আৰক্ষীয়ে পথ মুকলি কৰাৰ উদ্দেশ্যে প্ৰতিবাদকাৰী সকলক আটক কৰে। আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলৰ লগতে আটক কৰে সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন আৰু বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানক।
আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলৰ আটক কৰি বৰপেটা সদৰ থানাত আবদ্ধ কৰি ৰাখে বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।
আনহাতে প্ৰতিবাদকাৰী সকলে মূল্যবৃদ্ধি ৰোধৰ দাবা জনাই ৰাষ্ট্ৰপতিলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে।