সন্মুখত থকা ২০২৬ৰ বিধানসভা নিৰ্বাচনক লৈ অসমৰ সমষ্টি সমষ্টিয়ে দলীয় টিকট বিচাৰিবলৈ সাজু হৈছে ১৪২০গৰাকী নেতা৷ ইয়াৰ বিপৰীতে নিৰ্দলীয়ভাৱে বিধানসভাত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে ১৫০গৰাকী নেতা। অসমৰ মুঠ বিধান সভাৰ সমষ্টিৰ সংখ্যা ১২৬টা ৷ কিন্তু এইবাৰ বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নিজকে সাজু কৰিছে ১,৫৭০গৰাকী নেতাই৷ সমষ্টিভিত্তিক এক সমীক্ষাত পোৱা তথ্য মতে, নিজ নিজ দলৰ টিকট বিচাৰিবলৈ সাজু হোৱা মুঠ ১,৪২০গৰাকী নেতা৷
১,৪২০গৰাকী নেতাৰ ভিতৰত শীৰ্ষত আছে শাসকীয় দল ভাৰতীয় জনতা পাৰ্টি। বিজেপিৰ নেতাসকলে কেন্দ্ৰীয় নেতৃত্বৰ পৰা টিকট পাবলৈ ইতিমধ্যে আৰম্ভ কৰিছে কুচকাৱাজ৷ লগতে নিজ নিজ সমষ্টিত ৰাইজৰ কাষলৈ গৈ জনসম্পৰ্ক স্থাপনৰ লগতে উন্নয়নমূলক কামো আৰম্ভ কৰিছে৷ এইক্ষেত্ৰত বৰ্তমান বিধায়ক হৈ থকা বহু সমষ্টিত দুইৰ পৰা সাতগৰাকীলৈ টিকটৰ দাবীদাৰ ওলাইছে৷ শেহতীয়া এক সমীক্ষাত পোৱা তথ্য মতে, BJPত টিকটৰ দাবীদাৰ এইপৰ্যন্ত ওলাইছে ৫৫০গৰাকী।
বিজেপিৰ বিপৰীতে বিৰোধী কংগ্ৰেছৰ টিকটৰ দাবীদাৰৰ সংখ্যা হৈছে এইপৰ্যন্ত ৫১৫গৰাকী নেতা৷ কংগ্ৰেছৰ টিকটৰ দাবীদাৰৰ সংখ্যা সংখ্যালঘু অধ্যুষিত সমষ্টিত সৰ্বাধিক ৯গৰাকীলৈ ওলাইছে৷
শাসকীয় মিত্ৰজোঁটৰ অংশীদাৰ দল অসম গণ পৰিষদতো এইবাৰ বাঢ়িছে টিকটৰ দাবীদাৰৰ সংখ্যা৷ এইপৰ্যন্ত অগপৰ টিকটৰ দাবীদাৰ ওলাইছে ৮০গৰাকী ৷ মিত্ৰজোঁটৰ অংশীদাৰ UPPLৰ টিকটৰ দাবীদাৰ হৈছে ৪০গৰাকী ৷ ইয়াৰ বিপৰীতে বিৰোধী AIUDFৰ টিকটৰ দাবীদাৰ হৈছে ৮০গৰাকী৷
এইপৰ্যন্ত ৰাইজৰ দলৰ টিকটৰ দাবীদাৰ ৪০গৰাকী, অসম জাতীয় পৰিষদৰ ৪০গৰাকী, AAPৰ ২০গৰাকী আৰু তৃণমূল কংগ্ৰেছৰ ১৫গৰাকী ওলাইছে৷ বাঁওপন্থী দল CPI, CPI (M) আৰু CPI (ML)ৰ টিকটৰ দাবীদাৰ হৈছে ১৫গৰাকী৷ এই ১৩টা ৰাজনৈতিক দলৰ বাহিৰেও নিৰ্দলীয় হিচাপে আগন্তুক বিধানসভাৰ নিৰ্বাচনত প্ৰায় ১৫০গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইতিমধ্যে সাজু হৈছে৷