তীব্ৰ বায়ু প্ৰদূষণৰ কবলত ভাৰত। প্ৰদূষণৰ বাবে ইয়াৰ নাগৰিকৰ আয়ুস হ্ৰাস পাইছে। ভাৰতৰ ১৪০ কোটি বাসিন্দাই এনে পৰিৱেশত বাস কৰে য’ত বাৰ্ষিক বায়ু প্ৰদূষণৰ গড় বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনাতকৈ অধিক।
আনকি ভাৰতৰ অতি প্ৰদূষণমুক্ত অঞ্চলত বসবাস কৰাসকলেও বিশ্বৰ মানদণ্ড অনুসৰি বায়ুৰ গুণাগুণ ভাল হ’লে আৰু প্ৰায় চাৰে ৯ মাহ বেছি দিন জীয়াই থাকিলহেঁতেন। চিকাগো বিশ্ববিদ্যালয়ৰ শক্তি নীতি প্ৰতিষ্ঠানৰ (EPIC) ২০২৫ চনৰ প্ৰতিবেদনত এই কথা দাবী কৰা হৈছে।
প্ৰতিবেদনত দাবী কৰা হৈছে যে ২০২৩ চনত ভাৰতৰ বায়ুত পি এম ২.৫ (বায়ু প্ৰদূষক)ৰ ঘনত্ব ২০২২ চনৰ তুলনাত বহু বেছি। বৰ্তমানৰ পৰিস্থিতিত এই মাত্ৰা বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰা সীমাতকৈ ৮ গুণ বেছি। যদিহে WHOৰ নিৰ্দেশনা মানি চলি বায়ু প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰিব পৰা যায় তেন্তে ভাৰতীয়ৰ গড় আয়ুস চাৰে তিনি বছৰ বৃদ্ধি পাব।
২০২১ চনৰ বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা অনুসৰি পি এম ২.৫ৰ বাৰ্ষিক গড় মাত্ৰা প্ৰতি ঘনমিটাৰত ৫ মাইক্ৰ’গ্ৰাম পৰ্যন্ত হ’ব পাৰে। আন এটা প্ৰদূষক পি এম ১০ৰ মাত্ৰা প্ৰতি ঘনমিটাৰত ১৫ মাইক্ৰ’গ্ৰাম পৰ্যন্ত হ’ব পাৰে।
কিন্তু ভাৰতৰ নিজস্ব গাইডলাইনত এই মাত্ৰা বহু শিথিল। পি এম ২.৫ৰ বাৰ্ষিক গড় সহনশীলতাৰ মাত্ৰা প্ৰতি ঘনমিটাৰত ৪০ মাইক্ৰ’গ্ৰাম আৰু পি এম ১০ৰ সহনশীলতাৰ মাত্ৰা প্ৰতি ঘনমিটাৰত ৬০ মাইক্ৰ’গ্ৰাম ৰখা হৈছে।
তেতিয়াও প্ৰদূষণৰ মানদণ্ডৰ ভয়ানক ছবিখন সলনি হোৱা নাই। ইপিআইচিৰ প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতৰ ৪৬ শতাংশ জনসংখ্যা এনে ঠাইত বাস কৰে য’ত বাৰ্ষিক গড় পিএম ২.৫ৰ মাত্ৰা ভাৰতৰ নিজৰ নিৰ্ধাৰিত মাত্ৰাতকৈও বহু বেছি। ভাৰতৰ ক্ষেত্ৰত উত্তৰ দিশৰ সমভূমিবোৰেই আটাইতকৈ বেছি প্ৰদূষিত। দেশৰ কমেও ৩৮.৯ শতাংশ জনসংখ্যা সেই অঞ্চলত বাস কৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা মানি চলিলে এই অঞ্চলৰ বাসিন্দাসকলৰ গড় আয়ুসও ৫ বছৰ বৃদ্ধি পাব।
প্রতিবেদন অনুসৰি যদি দেশখনক প্রদূষণৰ কবলৰ পৰা উলিয়াই আনিব পৰা যায়, তেন্তে দিল্লীবাসীয়ে আটাইতকৈ বেছি উপকৃত হ’ব৷ দেশৰ ৰাজধানীত বাসিন্দাসকলৰ গড় আয়ুস ৮ বছৰ বৃদ্ধি পাব। প্ৰদূষণৰ মাত্ৰা কমি গ’লে দিল্লী আৰু কাষৰীয়া অঞ্চল, ৰাজস্থান, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰৰ বাসিন্দাসকলেও গড় আয়ুস বৃদ্ধিৰ ফলত লাভৱান হ’ব বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।