মেঘালয় উচ্চ ন্যায়ালয়ে কয় যে মেঘালয়ত ৰাস্তাৰ কুকুৰৰ তাণ্ডৱক কেন্দ্ৰ কৰি জনস্বাৰ্থৰ গোচৰৰ নিজস্ব স্বকীয়তা আছে। সেয়ে তেওঁলোকে পোনপটীয়াকৈ দেশৰ শীর্ষ আদালতত আবেদন জনাই কয় যে এই গোচৰটো আন উচ্চ ন্যায়ালয়ৰ দৰে মেঘালয়ৰ পৰা হস্তান্তৰ কৰিব নোৱাৰি৷
মেঘালয়ৰ পথত অঘৰী কুকুৰৰ সমস্যাৰ স্বৰূপ সম্পূৰ্ণ বেলেগ। আদালতৰ মতে ইয়াৰ বহু কুকুৰ অতি আক্ৰমণাত্মক আৰু বিপদজনক। ফলত সাধাৰণ জনতাৰ সুৰক্ষাৰ বাবে তেওঁলোক এক ডাঙৰ ভাবুকি হৈ পৰিছে।
দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা অঘৰী কুকুৰৰ সৈতে জড়িত কেইবাটাও জনস্বাৰ্থৰ গোচৰ গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়াৰ সময়তে এই গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ কৰা হৈছে।
৩০ আগষ্ট শনিবাৰে মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আই পি মুখাৰ্জী আৰু ন্যায়াধীশ ডব্লিউ ডিয়েংডোৰ বিভাগীয় বিচাৰপীঠে এক আদেশত কয় যে, ‘যদিও অন্য উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ত বিচাৰাধীন আবেদনৰ সৈতে বহু সাদৃশ্য আছে, তথাপিও আমি অনুভৱ কৰোঁ যে মেঘালয়ৰ সমস্যা সম্পূৰ্ণ বেলেগ। ইয়াত একাধিক অঘৰী কুকুৰ অত্যন্ত হিংস্ৰ। পথ আৰু ৰাজহুৱা স্থানত হঠাতে মানুহক আক্ৰমণ কৰাৰ লগতে বহু ক্ষেত্ৰত গুৰুতৰভাৱে আঘাত কৰিছে। সেই কথা মনত ৰাখি আমি এই কুকুৰবোৰক ধৰি টিকাকৰণ কৰি চিকিৎসা কৰি নিৰ্দিষ্ট আশ্ৰয় শিবিৰত কিছু দিনৰ বাবে পৰ্যবেক্ষণৰ অধীনত ৰাখিবলৈ নিৰ্দেশ দিছিলোঁ। চিকিৎসা আৰু পৰ্যবেক্ষণ অবিহনে মুকলি কৰি দিয়াটো মানুহৰ বাবে গুৰুতৰ বিপদ হ’ব পাৰে।’
আদালতে লগতে কয়, ‘এই পৰিস্থিতিত আমি মহাপঞ্জীয়কক আনুষ্ঠানিকভাৱে উচ্চতম ন্যায়ালয়ত আবেদন কৰিবলৈ নিৰ্দেশ দিছো – এই গোচৰটো মেঘালয় উচ্চ ন্যায়ালয়তে ৰখা হওক। আমাৰ দৃঢ় মতামত যে এনে স্বতন্ত্ৰ জনস্বাৰ্থৰ গোচৰ এই আদালতত থাকিব লাগে।’
উল্লেখ্য যে এই গোচৰটো ১৫ অক্টোবৰৰ বাবে পুনৰ তালিকাভুক্ত কৰা হৈছে। আদালতৰ পৰ্যবেক্ষণ অনুসৰি মেঘালয়ৰ অঘৰী কুকুৰৰ সমস্যাৰ প্ৰকৃতি দেশৰ অন্যান্য প্ৰান্তৰ তুলনাত পৃথক। গতিকে এই গোচৰৰ ভৱিষ্যত সন্দৰ্ভত এতিয়া উচ্চতম ন্যায়ালয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।