• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেঘালয়ৰ অঘৰী কুকুৰবোৰ হিংস্ৰ, আতংকিত লোক! উচ্চতম ন্যায়ালয়ক কি অনুৰোধ জনালে উচ্চ ন্যায়ালয়ে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 1, 2025 2:26 pm
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয় উচ্চ ন্যায়ালয়ে কয় যে মেঘালয়ত ৰাস্তাৰ কুকুৰৰ তাণ্ডৱক কেন্দ্ৰ কৰি জনস্বাৰ্থৰ গোচৰৰ নিজস্ব স্বকীয়তা আছে। সেয়ে তেওঁলোকে পোনপটীয়াকৈ দেশৰ শীর্ষ আদালতত আবেদন জনাই কয় যে এই গোচৰটো আন উচ্চ ন্যায়ালয়ৰ দৰে মেঘালয়ৰ পৰা হস্তান্তৰ কৰিব নোৱাৰি৷

মেঘালয়ৰ পথত অঘৰী কুকুৰৰ সমস্যাৰ স্বৰূপ সম্পূৰ্ণ বেলেগ। আদালতৰ মতে ইয়াৰ বহু কুকুৰ অতি আক্ৰমণাত্মক আৰু বিপদজনক। ফলত সাধাৰণ জনতাৰ সুৰক্ষাৰ বাবে তেওঁলোক এক ডাঙৰ ভাবুকি হৈ পৰিছে।

Apply Now

দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা অঘৰী কুকুৰৰ সৈতে জড়িত কেইবাটাও জনস্বাৰ্থৰ গোচৰ গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়াৰ সময়তে এই গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ কৰা হৈছে।

৩০ আগষ্ট শনিবাৰে মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আই পি মুখাৰ্জী আৰু ন্যায়াধীশ ডব্লিউ ডিয়েংডোৰ বিভাগীয় বিচাৰপীঠে এক আদেশত কয় যে, ‘যদিও অন্য উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ত বিচাৰাধীন আবেদনৰ সৈতে বহু সাদৃশ্য আছে, তথাপিও আমি অনুভৱ কৰোঁ যে মেঘালয়ৰ সমস্যা সম্পূৰ্ণ বেলেগ। ইয়াত একাধিক অঘৰী কুকুৰ অত্যন্ত হিংস্ৰ। পথ আৰু ৰাজহুৱা স্থানত হঠাতে মানুহক আক্ৰমণ কৰাৰ লগতে বহু ক্ষেত্ৰত গুৰুতৰভাৱে আঘাত কৰিছে। সেই কথা মনত ৰাখি আমি এই কুকুৰবোৰক ধৰি টিকাকৰণ কৰি চিকিৎসা কৰি নিৰ্দিষ্ট আশ্ৰয় শিবিৰত কিছু দিনৰ বাবে পৰ্যবেক্ষণৰ অধীনত ৰাখিবলৈ নিৰ্দেশ দিছিলোঁ। চিকিৎসা আৰু পৰ্যবেক্ষণ অবিহনে মুকলি কৰি দিয়াটো মানুহৰ বাবে গুৰুতৰ বিপদ হ’ব পাৰে।’

আদালতে লগতে কয়, ‘এই পৰিস্থিতিত আমি মহাপঞ্জীয়কক আনুষ্ঠানিকভাৱে উচ্চতম ন্যায়ালয়ত আবেদন কৰিবলৈ নিৰ্দেশ দিছো – এই গোচৰটো মেঘালয় উচ্চ ন্যায়ালয়তে ৰখা হওক। আমাৰ দৃঢ় মতামত যে এনে স্বতন্ত্ৰ জনস্বাৰ্থৰ গোচৰ এই আদালতত থাকিব লাগে।’

উল্লেখ্য যে এই গোচৰটো ১৫ অক্টোবৰৰ বাবে পুনৰ তালিকাভুক্ত কৰা হৈছে। আদালতৰ পৰ্যবেক্ষণ অনুসৰি মেঘালয়ৰ অঘৰী কুকুৰৰ সমস্যাৰ প্ৰকৃতি দেশৰ অন্যান্য প্ৰান্তৰ তুলনাত পৃথক। গতিকে এই গোচৰৰ ভৱিষ্যত সন্দৰ্ভত এতিয়া উচ্চতম ন্যায়ালয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

June 7, 2026 6:41 pm
দুবাৰকৈ আই পি এলৰ খিতাপ জয়, তথাপিও ভাৰতীয় দলত স্থান নাপালে ৰজত পাটীদাৰে

দুবাৰকৈ আই পি এলৰ খিতাপ জয়, তথাপিও ভাৰতীয় দলত স্থান নাপালে ৰজত পাটীদাৰে

June 7, 2026 6:30 pm
অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

June 7, 2026 5:40 pm
ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

June 7, 2026 5:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

June 7, 2026 6:41 pm
দুবাৰকৈ আই পি এলৰ খিতাপ জয়, তথাপিও ভাৰতীয় দলত স্থান নাপালে ৰজত পাটীদাৰে

দুবাৰকৈ আই পি এলৰ খিতাপ জয়, তথাপিও ভাৰতীয় দলত স্থান নাপালে ৰজত পাটীদাৰে

June 7, 2026 6:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd