• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যিয়ে মানুহক মুৰ্খ সজাব পাৰে তেওঁৱেই শ্ৰেষ্ঠ নেতা; অকপট মন্তব্য নীতিন গাডকাৰীৰ  

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 2, 2025 8:28 am
221
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজনীতিৰ জগতখন বৰ আমোদজনক। নিৰ্বাচনৰ আগতে আমাৰ মানুহে প্ৰাৰ্থীৰ আশ্বাস আৰু প্ৰতিশ্ৰুতি শুনি দিন পাৰ কৰে। নিৰ্বাচন পাৰ হ’লেই প্ৰকৃততে কিমানখিনি পূৰণ হয় তাক লৈ প্ৰশ্ন উত্থাপন হয়। দল যিয়েই নহওক কিয়, প্ৰকৃত ছবিখন সলনি নহয়।

কিন্তু কোনো ৰাজনীতিবিদে কেতিয়াবা এই সন্দৰ্ভত ৰাজহুৱাভাৱে মুখ খুলিছেনে বুলি সুধিলে বহুতেই উত্তৰ বিচাৰি নাপাব। এইক্ষেত্ৰত নীতিন গাডকাৰী অলপ ব্যতিক্ৰম। সোমবাৰে এক অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে ৰাজনীতিৰ জগতখনত সঁচা কথা কোৱাটো কেতিয়াও কাম্য নহয়। গাডকাৰীয়ে কয়, ‘আমি বাস কৰা পৃথিৱীখনত অন্তৰৰ পৰা সঁচা কথা কোৱাত নিষেধাজ্ঞা আছে। মিছা কথা কৈ মানুহক মুৰ্খ সজাব পৰাজনেই শ্ৰেষ্ঠ নেতা।’

Apply Now

গাডকাৰীৰ এই মন্তব্যৰ পিছতে দেশৰ ৰাজনীতৈক অন্দৰ মহলত স্বাভাৱিকতেই চৰ্চাৰ ধুমুহা চলিছে। কাৰণ, বিভিন্ন সময়ত নৰেন্দ্ৰ মোডীৰ জুমলাক লৈ বিৰোধীয়ে সৰৱ হৈ আহিছে। এইবাৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এজন গুৰুত্বপূৰ্ণ সদস্যৰ এনে ইংগিতদায়ক মন্তব্য দলৰ পোষ্টাৰ বয়কো লক্ষ্য কৰি লোৱা হৈছে নেকি সেই সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

অৱশ্যে এইটো প্ৰথমবাৰৰ বাবে নহয়। ইয়াৰ পূৰ্বেও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পৰা এনে ইংগিতদায়ক মন্তব্য শুনা গৈছে। যোৱা মাহত নাগপুৰত ‘প্ৰকাশ দেশপাণ্ডে সোঁৱৰণী দক্ষ সংস্থা’ৰ বঁটা প্ৰদান অনুষ্ঠানত গাডকাৰীয়ে কোৱা শুনা গৈছিল যে, ‘চৰকাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব পৰা মানুহ আমাক লাগে।‘

পিছত এই মন্তব্যৰ ব্যাখ্যা দি তেওঁ কয়, ‘প্ৰশাসনত অনুশাসন আনিবলৈ চৰকাৰৰ বিৰুদ্ধে আদালতৰ আদেশৰ প্ৰয়োজন। কেতিয়াবা আদালতে এনে সিদ্ধান্ত লয় যিবোৰ চৰকাৰে ল’ব নোৱাৰে।’

ৰাজনৈতিক বিশ্লেষকসকলৰ মতে জনমোহিনী নীতিৰে চৰকাৰত থকাটো এতিয়া মোডী যুগৰ নিয়ম। কোনো ধৰণৰ সমালোচনা শুনিবলৈ ইচ্ছুক নহয় কেন্দ্ৰ। চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে বিনাচৰ্তে সমৰ্থন নকৰিলে মুখ মেলিলেই অপমান পাব। মোডী কেবিনেটৰ এই গুৰুত্বপূৰ্ণ সদস্যগৰাকীয়ে মোডী চৰকাৰৰ সেই অলিখিত ‘নিয়ম’ক লৈ প্ৰশ্ন উত্থাপন কৰিছিল।

সোমবাৰে নাগপুৰত অখিল ভাৰতীয় মহানুভৱ পৰিষদৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীগৰাকীয়ে। তাত ভাষণ দি তেওঁ কয় যে কোনো লক্ষ্যত উপনীত হোৱাৰ কোনো চৰ্টকাট ৰাস্তা নাই। কোনোবাই হয়তো চৰ্টকাটৰ জৰিয়তে ক’ৰবাত সোনকালে উপনীত হ’ব পাৰে, কিন্তু সেই ক্ষেত্ৰত তেওঁ আইন ভংগ কৰিবলগীয়া হয়। আৰু সেইবাবেই সততা, বিশ্বাসযোগ্যতা আৰু আনুগত্য গুৰুত্বপূৰ্ণ। কাৰণ গীতাত ভগৱান শ্ৰীকৃষ্ণইও কৈছে যে শেষত সত্যৰেই জয় হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

July 3, 2026 7:05 am
কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

July 3, 2026 7:05 am
কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd