আম্বানীৰ মালিকানাধীন বনতাৰাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ে গঠন কৰা বিশেষ তদন্তকাৰী দল (SIT)ৰ শুনানি মঙলবাৰে দিল্লীৰ তাজ পেলেচ হোটেলত অনুষ্ঠিত হয়। এই শুনানিত সাংবাদিকসহ বিভিন্ন অভিযোগকাৰীৰ শুনানি গ্ৰহণ কৰা হয়।
প্ৰাপ্ত তথ্য অনুসৰি, এছআইটিয়ে অসম আৰু অৰুণাচল প্ৰদেশৰ পৰা হাতী স্থানান্তৰণ প্ৰক্ৰিয়াত কথিত অনিয়মৰ অভিযোগৰ সৈতে জড়িত নথি-পত্ৰ পৰ্যালোচনা কৰাৰ লগতে গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা বিদেশী প্ৰাণীসমূহ বনতাৰালৈ নিয়া আাৰু কেন্দ্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষ আৰু পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ বিষয়াসকলৰ পৰাও শুনানি গ্ৰহণ কৰে।
এই শুনানিত অংশগ্ৰহণ কৰিছিল সাংবাদিক এম ৰাজশেখৰ আৰু নৰ্থইষ্ট নাওৰ কার্যবাহী সম্পাদক মহেশ ডেকা। দুয়োৱে হাতী স্থানান্তৰণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰাৰ লগতে সমৰ্থনকাৰী নথিপত্ৰও জমা কৰে।
কিন্তু শুনানিৰ সময়ত বনতাৰাৰ অধিবক্তাসকলৰ উপস্থিতিক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপিত হৈছে। যিহেতু এই শুনানি অভিযোগকাৰীসকলৰ ভাষ্য গ্ৰহণৰ বাবে অনুষ্ঠিত হৈছিল, তাত বনতাৰাৰ পক্ষৰ অধিবক্তাসকলক উপস্থিত থাকিবলৈ অনুমতি প্ৰদান কৰা কাৰ্যই এই অভিযোগসমূহৰ ন্যায়সংগত সমাধানৰ প্ৰতি সন্দেহৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে বনতাৰাৰ বিৰুদ্ধে অসম আৰু অৰুণাচল প্ৰদেশৰ পৰা হাতী স্থানান্তৰণত অনিয়ম, অবৈধ পশু অধিগ্ৰহণ, বন্দী জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা, আৰু আৰ্থিক অনিয়মৰ অভিযোগ উত্থাপিত হৈছে।