• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মহিলা ন্যায়াধীশৰ পৰা ৫০০ কোটি টকা মুক্তিপণ দাবী বৃদ্ধৰ! ঘটনাৰ আঁৰত আছে আচৰিত ৰহস্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 5, 2025 12:30 pm
47
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। তাৰে এজন ৭৪ বছৰীয়া বৃদ্ধক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মধ্যপ্ৰদেশৰ ৰেৱা জিলাৰ এগৰাকী মহিলা ন্যায়াধীশলৈ ৫০০ কোটি টকা মুক্তিপণৰ দাবীত ভাবুকি পত্ৰ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে বৃদ্ধগৰাকীৰ বিৰুদ্ধে। কিন্তু ইয়াত লুকাই আছে এক গোপন ৰহস্য।

জানিব পৰা মতে, তেওঁৰ এজন বন্ধুক ফচাবলৈ তেওঁ সেই বন্ধুৰ নামত মহিলা ন্যায়াধীশলৈ ভাবুকি পত্ৰ প্ৰেৰণ কৰিছিল। তেওঁৰ আচল লক্ষ্য আছিল নিজৰ প্ৰতিদ্বন্দ্বীক ফচাই তেওঁৰ ওপৰত প্ৰতিশোধ লোৱা। শেষত তেওঁৰ ষড়যন্ত্ৰ বুমেৰাং হৈ পৰাত নিজে পতা জালত নিজেই বন্দী হৈ পৰে বৃদ্ধ।

Apply Now

জানিব পৰা মতে, ৰেৱাৰৰ টিওনথৰ আদালতত কৰ্মৰত ন্যায়াধীশ মোহিনী ভাদোৰিয়াই ২ ছেপ্টেম্বৰত ডাকযোগে ভাবুকি পত্ৰ লাভ কৰিছিল।

২৮ আগষ্টত প্ৰয়াগৰাজৰ পৰা প্ৰেৰণ কৰা ৰেজিষ্টাৰ্ড চিঠিখনত লিখা আছিল, ‘যদি জীয়াই থাকিব বিচাৰে তেন্তে টকা দিয়ক’। পত্ৰখনত স্বাক্ষৰ কৰিছিল ‘সন্দীপ সিং’ নামৰ এজন ব্যক্তিয়ে। জানিব পৰা মতে ব্যক্তিজন কুখ্যাত হনুমান চক্ৰৰ সহযোগী। ন্যায়াধীশৰ অভিযোগৰ ভিত্তিত ৰেৱাৰৰ আৰক্ষী অধীক্ষক বিবেক সিঙে এটা বিশেষ তদন্তকাৰী দল গঠন কৰে।

প্ৰথম অৱস্থাত প্ৰয়াগৰাজৰ বাসিন্দা সন্দীপ সিঙৰ ওপৰত সন্দেহৰ সৃষ্টি হৈছিল। তেওঁৰ হাতৰ আখৰো পৰীক্ষা কৰা হৈছিল। কিন্তু প্ৰাৰম্ভিক তদন্ত আৰু ফৰেনছিক পৰীক্ষাত দেখা গ’ল যে তেওঁক প্ৰকৃততে ফচোৱা হৈছে। পিছত প্ৰকৃত ৰহস্যটো প্ৰয়াগৰাজৰ আৰ এম এছ ডাকঘৰৰ চি চি টিভি ফুটেজত ধৰা পৰে। এজন বৃদ্ধ মানুহে ৰেজিষ্টাৰ্ড ডাকযোগে চিঠি পঠিয়াই আছিল। তেওঁৰ পৰিচয় দেৱৰাজ সিং বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, শংকৰগড় চহৰৰ ৰাজকোঠী গাঁৱৰ বাসিন্দা। আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে দেৱৰাজ সিং নামৰ ব্যক্তিজনৰ সৈতে সন্দীপ সিঙৰ ব্যক্তিগত শত্ৰুতা আছিল। কিছু সপ্তাহ পূৰ্বে সন্দীপে তেওঁক মাৰপিট কৰাৰ অভিযোগ আছে। সেই ক্ষোভৰ বাবেই তেওঁ প্ৰথমে থানাত অভিযোগ দিছিল, কিন্তু সন্তুষ্ট নহ’ল। অৱশেষত প্ৰতিশোধ ল’বলৈ তেওঁ নিজৰ নাম লুকুৱাই ৰাখি মুক্তিপণৰ দাবী জনাই ভাবুকি দিয়া চিঠিখন লিখিলে।

জেৰাৰ সময়ত দেৱৰাজে স্বীকাৰ কৰে যে তেওঁ ইচ্ছাকৃতভাৱে সন্দীপৰ নামত চিঠিখন লিখিছিল যাতে তেওঁক ফচাব পৰা যায়। তেওঁ ৫০০ কোটি টকাৰ সংখ্যাটো কেৱল গোচৰটোক বিশ্বাসযোগ্য কৰি তুলিবলৈ ব্যৱহাৰ কৰিছিল।

বৃহস্পতিবাৰে দেৱৰাজ সিঙক গ্ৰেপ্তাৰ কৰি টিওনথাৰ আদালতত হাজিৰ কৰোৱা হয়। আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে প্ৰমাণ হিচাপে ৰেজিষ্টাৰ্ড পোষ্টৰ ৰচিদকে ধৰি কেইবাখনো নথি জব্দ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm
চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

August 15, 2026 7:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd