উচ্চতম ন্যায়ালয়ত চলিথকা বিধেয়কৰ সন্মতি সম্পৰ্কীয় গোচৰৰ শুনানিত পোহৰলৈ আহিছে কেতবোৰ নতুন দিশ। বিধেয়কৰ সন্মতিৰ সময়সীমা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ বিচাৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ৰাষ্ট্ৰপতিয়ে ১৪টা প্ৰশ্নৰ ব্যাখ্যা বিচাৰি কৰা আবেদনৰ, ভিত্তিত এই বিষয়ত মুখ্য ন্যায়াধীশৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠত শুনানি চলি আছে। শেহতীয়া শুনানিত মুখ্য ন্যায়াধীশ বি আৰ গাভাই প্ৰশ্ন উত্থাপন কৰে যে ৰাজ্যপালৰ ওচৰত তিনি-চাৰি বছৰ ধৰি বিধেয়কসমূহ আবদ্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰই কেনেকৈ ৰাজ্যসমূহৰ আশংকাক ‘মিছা’ বুলি দাবী কৰিব পাৰে?
শুনানিৰ সময়ত কেন্দ্ৰই আদালতক জনায় যে বিগত ৫৫ বছৰত মাত্ৰ ২০খন বিলহে সন্মতিৰ বাবে স্থগিত ৰখা হৈছে। ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে, “৯০ শতাংশ বিল এমাহৰ ভিতৰত সন্মতি লাভ কৰিছে। তেওঁ আৰু কয় ৰাজ্যপাল সংবিধানৰ ৰক্ষক আৰু ৰাষ্ট্ৰপতিৰ প্ৰতিনিধি হিচাপে দেশৰ স্বাৰ্থত কাম কৰে। তেওঁ কেবিনেটৰ সৈতে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰে।”
মেহতাই যুক্তি দাঙি ধৰে যে কেতিয়াবা ৰাজ্যপালে মুখ্যমন্ত্রীৰ সৈতে চাহ-পানৰ সময়ত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে। “সংবিধান এনেদৰেই কাম কৰে। কিন্তু এতিয়া ৰাজ্যসমূহে ভুৱা আশংকা সৃষ্টি কৰিছে।” ইয়াৰ উত্তৰত মুখ্য ন্যায়াধীশে প্ৰশ্ন কৰে, “যেতিয়া তিনি-চাৰি বছৰ ধৰি বিল আবদ্ধ হৈ আছে, তেতিয়া আপুনি কেনেকৈ ক’ব যে এই আশংকা মিছা?”
মেহতাই এই প্ৰশ্নৰ উত্তৰত কয় যে কেন্দ্ৰই বিলসমূহ অনিৰ্দিষ্টকালৰ বাবে স্থগিত ৰখাৰ পোষকতা কৰা নাই। তেওঁ যুক্তি দিয়ে যে সময়সীমা নিৰ্ধাৰণ কৰি বিষয়টো সৰল কৰিব নোৱাৰি, কাৰণ এনে বিষয়ত ৰাজনৈতিক আলোচনা জড়িত থাকে। তেওঁ কয়, “গুৰুতৰভাৱে অসাংবিধানিক বিলৰ ক্ষেত্ৰত সন্মতি প্ৰদানৰ পৰা বিৰত থাকিব পাৰে।”আনহেতে আদালতে নেপাল আৰু বাংলাদেশৰ উদাহৰণ উল্লেখ কৰি বিধেয়কৰ সন্মতিৰ সময়সীমাৰ বিষয়ে আলোচনা কৰে। ন্যায়াধীশ পি এছ নৰসিংহই কয়, “সংবিধানৰ ২০১ অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে বিল স্থগিত ৰাখিব নোৱাৰে। তেওঁ হয় সন্মতি দিব লাগিব নহয় পুনৰ বিবেচনাৰ বাবে ঘূৰাই পঠিয়াব লাগিব। কিন্তু দ্বিতীয়বাৰ বিল পঠিওৱাৰ পিছত কি কৰিব লাগে, তাৰ কোনো স্পষ্ট নিৰ্দেশনা সংবিধানত নাই।”