• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিধেয়ক সন্মতিৰ গোচৰৰ নৱম দিনৰ শুনানি গ্ৰহণ! মুখ্য ন্যায়াধীশৰ তীক্ষ্ণ প্ৰশ্ন কেন্দ্ৰলৈ…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 11, 2025 7:33 am
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ত চলিথকা বিধেয়কৰ সন্মতি সম্পৰ্কীয় গোচৰৰ শুনানিত পোহৰলৈ আহিছে কেতবোৰ নতুন দিশ। বিধেয়কৰ সন্মতিৰ সময়সীমা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ বিচাৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ৰাষ্ট্ৰপতিয়ে ১৪টা প্ৰশ্নৰ ব্যাখ্যা বিচাৰি কৰা আবেদনৰ, ভিত্তিত এই বিষয়ত মুখ্য ন্যায়াধীশৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠত শুনানি চলি আছে। শেহতীয়া শুনানিত মুখ্য ন্যায়াধীশ বি আৰ গাভাই প্ৰশ্ন উত্থাপন কৰে যে ৰাজ্যপালৰ ওচৰত তিনি-চাৰি বছৰ ধৰি বিধেয়কসমূহ আবদ্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰই কেনেকৈ ৰাজ্যসমূহৰ আশংকাক ‘মিছা’ বুলি দাবী কৰিব পাৰে?

শুনানিৰ সময়ত কেন্দ্ৰই আদালতক জনায় যে বিগত ৫৫ বছৰত মাত্ৰ ২০খন বিলহে সন্মতিৰ বাবে স্থগিত ৰখা হৈছে। ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে, “৯০ শতাংশ বিল এমাহৰ ভিতৰত সন্মতি লাভ কৰিছে। তেওঁ আৰু কয় ৰাজ্যপাল সংবিধানৰ ৰক্ষক আৰু ৰাষ্ট্ৰপতিৰ প্ৰতিনিধি হিচাপে দেশৰ স্বাৰ্থত কাম কৰে। তেওঁ কেবিনেটৰ সৈতে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰে।”

Apply Now

মেহতাই যুক্তি দাঙি ধৰে যে কেতিয়াবা ৰাজ্যপালে মুখ্যমন্ত্রীৰ সৈতে চাহ-পানৰ সময়ত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে। “সংবিধান এনেদৰেই কাম কৰে। কিন্তু এতিয়া ৰাজ্যসমূহে ভুৱা আশংকা সৃষ্টি কৰিছে।” ইয়াৰ উত্তৰত মুখ্য ন্যায়াধীশে প্ৰশ্ন কৰে, “যেতিয়া তিনি-চাৰি বছৰ ধৰি বিল আবদ্ধ হৈ আছে, তেতিয়া আপুনি কেনেকৈ ক’ব যে এই আশংকা মিছা?”

মেহতাই এই প্ৰশ্নৰ উত্তৰত কয় যে কেন্দ্ৰই বিলসমূহ অনিৰ্দিষ্টকালৰ বাবে স্থগিত ৰখাৰ পোষকতা কৰা নাই। তেওঁ যুক্তি দিয়ে যে সময়সীমা নিৰ্ধাৰণ কৰি বিষয়টো সৰল কৰিব নোৱাৰি, কাৰণ এনে বিষয়ত ৰাজনৈতিক আলোচনা জড়িত থাকে। তেওঁ কয়, “গুৰুতৰভাৱে অসাংবিধানিক বিলৰ ক্ষেত্ৰত সন্মতি প্ৰদানৰ পৰা বিৰত থাকিব পাৰে।”আনহেতে আদালতে নেপাল আৰু বাংলাদেশৰ উদাহৰণ উল্লেখ কৰি বিধেয়কৰ সন্মতিৰ সময়সীমাৰ বিষয়ে আলোচনা কৰে। ন্যায়াধীশ পি এছ নৰসিংহই কয়, “সংবিধানৰ ২০১ অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে বিল স্থগিত ৰাখিব নোৱাৰে। তেওঁ হয় সন্মতি দিব লাগিব নহয় পুনৰ বিবেচনাৰ বাবে ঘূৰাই পঠিয়াব লাগিব। কিন্তু দ্বিতীয়বাৰ বিল পঠিওৱাৰ পিছত কি কৰিব লাগে, তাৰ কোনো স্পষ্ট নিৰ্দেশনা সংবিধানত নাই।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

June 29, 2026 9:16 am
কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

June 29, 2026 8:21 am
বৈভৱহীন টীম ইণ্ডিয়া! আয়াৰলেণ্ডৰ মাটিত খহি পৰিল তাৰকাখচিত বেটিং লাইন আপ, হেৰুৱালে শৃংখলা

বৈভৱহীন টীম ইণ্ডিয়া! আয়াৰলেণ্ডৰ মাটিত খহি পৰিল তাৰকাখচিত বেটিং লাইন আপ, হেৰুৱালে শৃংখলা

June 29, 2026 7:37 am
ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

June 29, 2026 9:16 am
কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

June 29, 2026 8:21 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd