ৰাছিয়াত থকা বহু ভাৰতীয় যুৱক-যুৱতীক ভুৱা প্ৰতিশ্ৰুতিৰ ফান্দত পেলাই যুদ্ধক্ষেত্ৰলৈ প্ৰেৰণ কৰা অভিযোগ উঠিছে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধত এতিয়াও আৱদ্ধ থকা বহু ভাৰতীয়ে ঘৰলৈ উভতি আহিবৰ বাবে কাতৰ আবেদন জনাইছে। ইফালে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিত নাগৰিকক সকিয়াই দিছে যাতে কোনো সন্দেহজনক প্ৰলোভনৰ পৰা আঁতৰি থাকে।
‘দ্য হিন্দু’ৰ খবৰ অনুসৰি, দুজন ভাৰতীয় যুৱকক প্ৰৱঞ্চনাৰে ৰাছিয়াৰ সেনাবাহিনীত ভৰ্তি কৰি যুদ্ধক্ষেত্ৰলৈ পঠিয়োৱা হৈছে। তেওঁলোকৰ দাবী অনুসৰি, এই ফাঁদত কমেও ১৫জন ভাৰতীয় আবদ্ধ হৈ আছে। জম্মুৰ ২২ বছৰীয়া সুমিত শৰ্মা আৰু পঞ্জাৱৰ গুৰসেৱক সিংয়ে অভিযোগ কৰিছে যে তেওঁলোকক কামৰ প্ৰলোভন দেখাই মস্কোৰ পৰা যুদ্ধক্ষেত্ৰলৈ লৈ যোৱা হৈছিল।
প্ৰবঞ্চনাৰ প্ৰলোভনত পৰি প্ৰায় ১৫জন ভাৰতীয় আবদ্ধ হৈ পৰিছে বুলি জানিব পৰা গৈছে। ইয়াৰে কমেও ৪জন সম্পূর্ণ সন্ধানহীন।
মন কৰিবলগীয়া যে, ২০২৪ৰ আগষ্টত ৰাছিয়াৰ দূতাবাসে ঘোষণা কৰিছিল যে কোনো ভাৰতীয়ক সেনাবাহিনীত নিযুক্তি দিয়া নহ’ব। তাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মস্কোত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে বৈঠকত এই বিষয় উত্থাপন কৰিছিল। কিন্তু ‘দ্য হিন্দু’ৰ শেহতীয়া প্ৰতিবেদনে সেই আশ্বাসত প্ৰশ্ন তুলিছে।
এই ঘটনাৰ পাছতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে তেওঁলোকে ৰাছিয়াৰ সৈতে অহৰহ যোগাযোগত আছে। মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয়— “যোৱা এবছৰত কেইবাবাৰো পৰামৰ্শ জাৰি কৰা হৈছে। নাগৰিকসকলে কোনো সন্দেহজনক প্ৰলোভনত ৰাছিয়াৰ সেনাত যোগদান নকৰিব।”




