• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘চকুত চকুপানী লৈ নাচিব নোৱাৰি’, মণিপুৰত প্ৰধানমন্ত্ৰীৰ বাবে পতা অনুষ্ঠানৰ বিৰোধিতা কুকি-জো সংগঠনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 11, 2025 3:29 pm
67
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় আঢ়ৈ বছৰৰ অন্তত ১৩ ছেপ্টেম্বৰত হিংসা জৰ্জৰিত মণিপুৰলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। তেওঁক আদৰণি জনাই প্ৰশাসনে কেইবাটাও সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। কুকি-জো গোটৰ কেইবাটাও সংগঠনে এই চৰকাৰী উদ্যোগৰ তীব্ৰ সমালোচনা কৰিছে।

তেওঁলোকৰ মতে, প্ৰধানমন্ত্ৰীয়ে নৃত্য অনুষ্ঠানত যোগদান কৰাৰ পৰিৱৰ্তে ভুক্তভোগীসকলক লগ কৰি তেওঁলোকৰ দুখ-কষ্ট লাঘৱ কৰাৰ উদ্যোগ ল’ব লাগে।

Apply Now

চুৰাচান্দপুৰ জিলাৰ গংটে ছাত্ৰ সংগঠনে কয়, ‘আমি নিশ্চিতভাৱে প্ৰধানমন্ত্ৰীক আদৰণি জনাইছো। কিন্তু, আমি চকুত চকুপানী লৈ তেওঁৰ সন্মুখত নাচিব নোৱাৰো।’ অৱশ্যে তেওঁলোকে আশা কৰিছে যে মোডীৰ এই ভ্ৰমণে অন্ততঃ গোষ্ঠীগত সংঘৰ্ষত বিধ্বস্ত ৰাইজৰ মনত কিছু স্বস্তি দিব।

ইম্ফল হাম ডিচপ্লেচড কমিটিয়েও এই বিষয়ত সৰৱ হৈছে। তেওঁলোকে কয় যে আমাৰ দুখ শেষ হোৱা নাই। আমাৰ চকুপানী শুকাই যোৱা নাই। এনে পৰিস্থিতিত আমাৰ বাবে আনন্দত নাচিব পৰাটো সম্ভৱ নহয়।

তেওঁলোকে কয় যে জাকজমকীয়া অনুষ্ঠানৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰীয়ে ভুক্তভোগীক সময় দিব লাগে। তেওঁলোকৰ লগত কথা পাতিব লাগে। এই গোষ্ঠীৰ মূল সংগঠন কুকি ইনপি মণিপুৰে কয় যে প্ৰধানমন্ত্ৰীক আদৰণি জনাব লাগিব। কিন্তু, এই ভ্ৰমণৰ সময়ত কুকি-জো সম্প্ৰদায়ক ন্যায় দিব লাগিব। ইয়াৰ সমান্তৰালকৈ তেওঁলোকে সমস্যাটোৰ স্থায়ী সমাধানৰো দাবী জনাইছে।

মণিপুৰীসকল আশাবাদী যে প্ৰধানমন্ত্ৰীয়ে স্থানীয় ৰাইজৰ মনৰ কথা শুনিব। ইম্ফল পূব জিলাৰ বাসিন্দা ছাইবাম ৰিগানে কয় যে মোডী আহিলে আমি মনৰ কথা কোৱাৰ সুযোগ পাম। বহু দাবী অপূৰ্ণ। তদুপৰি সংঘাতৰ বাবে সাধাৰণ মানুহৰ জীৱনতো যথেষ্ট প্ৰভাৱ পৰিছে।

আনহাতে, মহিলা সংগঠন ইমাঘী মেইৰাৰ দাবী, প্ৰধানমন্ত্ৰীয়ে যাতে ৰাষ্ট্ৰীয় ঘাইপথত মেইটেইসকলে নিৰাপদে যাত্ৰা কৰিব পাৰে তাৰ ব্যৱস্থা কৰক।

উল্লেখ্য যে ২০২৩ চনৰ মে’ মাহৰ পৰা মেইটেই আৰু কুকি-জো গোটৰ মাজত সংঘাত আৰম্ভ হৈছিল। হিংসাত ২৬০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। কেইবা হাজাৰ লোক স্থানচ্যুত হৈছে। এন বীৰেণ সিঙৰ নেতৃত্বত বিজেপি চৰকাৰৰ পতনৰ পিছত উত্তৰ-পূবৰ ৰাজ্যখন ৰাষ্ট্ৰপতিৰ শাসনৰ অধীনলৈ আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুৰ্নীতিত নাকী লগাবলৈ আৰম্ভ জোচেফ বিজয়ৰ; মুখ্যমন্ত্ৰীয়ে জনাই দিলে ‘পাৰ্টি ফাণ্ড’ চিষ্টেম নচলিব

দুৰ্নীতিত নাকী লগাবলৈ আৰম্ভ জোচেফ বিজয়ৰ; মুখ্যমন্ত্ৰীয়ে জনাই দিলে ‘পাৰ্টি ফাণ্ড’ চিষ্টেম নচলিব

June 7, 2026 11:52 am
ট্ৰাম্প প্ৰশাসনৰ এআই নীতি উপদেষ্টা পদৰ পৰা পদত্যাগৰ ঘোষণা ভাৰতীয় মূলৰ শ্ৰীৰাম কৃষ্ণনৰ!

ট্ৰাম্প প্ৰশাসনৰ এআই নীতি উপদেষ্টা পদৰ পৰা পদত্যাগৰ ঘোষণা ভাৰতীয় মূলৰ শ্ৰীৰাম কৃষ্ণনৰ!

June 7, 2026 11:08 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 7, 2026 10:13 am
১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

June 7, 2026 9:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুৰ্নীতিত নাকী লগাবলৈ আৰম্ভ জোচেফ বিজয়ৰ; মুখ্যমন্ত্ৰীয়ে জনাই দিলে ‘পাৰ্টি ফাণ্ড’ চিষ্টেম নচলিব

দুৰ্নীতিত নাকী লগাবলৈ আৰম্ভ জোচেফ বিজয়ৰ; মুখ্যমন্ত্ৰীয়ে জনাই দিলে ‘পাৰ্টি ফাণ্ড’ চিষ্টেম নচলিব

June 7, 2026 11:52 am
ট্ৰাম্প প্ৰশাসনৰ এআই নীতি উপদেষ্টা পদৰ পৰা পদত্যাগৰ ঘোষণা ভাৰতীয় মূলৰ শ্ৰীৰাম কৃষ্ণনৰ!

ট্ৰাম্প প্ৰশাসনৰ এআই নীতি উপদেষ্টা পদৰ পৰা পদত্যাগৰ ঘোষণা ভাৰতীয় মূলৰ শ্ৰীৰাম কৃষ্ণনৰ!

June 7, 2026 11:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd