ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ ৰাজবংশীক জনজাতিকৰণৰ দাবীত কৰা প্ৰতিবাদত প্ৰতিবাদকাৰীৰ ওপৰত অসম চৰকাৰৰ আৰক্ষী বাহিনীয়ে কৰা বৰ্বৰ আক্ৰমণক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে কঠোৰ ভাষাৰে নিন্দা কৰাৰ লগতে এয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ স্বৈৰাচাৰী মানসিকতাৰ প্ৰতিফলন বুলি অভিহিত কৰিছে।
আৰক্ষীৰ নিৰ্মম অত্যাচাৰত কেইবাজনো প্ৰতিবাদকাৰী গুৰুতৰভাৱে আহত হৈছে। ক্ষমতালৈ আহিলে ছয় মাহৰ ভিতৰত জনজাতিকৰণ কৰিম বুলি নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিয়া বিজেপি দলে ক্ষমতালৈ অহাৰ পিছত সকলো পাহৰি পেলালে। দীৰ্ঘদিন কেৱল প্ৰতাৰণাৰ ৰাজনীতিহে কৰিলে। এই প্ৰতাৰণাৰ বিৰুদ্ধে বিগত সময়ত কোঁচ ৰাজবংশী জনগোষ্ঠীয় সংগঠনৰ লগতে অন্যান্য সংগঠনেও ধাৰাবাহিক আন্দোলন কৰি গৈছে। কালিও তাৰেই অংশ হিচাপে ছাত্ৰ সংগঠন আক্ৰাছু আৰু অন্য অংশৰ ৰাইজে আন্দোলন আৰম্ভ কৰিছিলে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনত থকা গৃহ বিভাগৰ অধীনৰ আৰক্ষী বাহিনীয়ে গণতান্ত্ৰিক প্ৰতিবাদকাৰী ৰাইজৰ ওপৰত নিৰ্মম অত্যাচৰ কৰিলে। এইটো নিশ্চিত যে বিগত সময়ত গণতান্ত্ৰিক প্ৰতিবাদক আৰক্ষী বাহিনী লগাই দি বৰ্বৰ অত্যাচাৰ কৰি স্বৈৰাচাৰী আচৰণেৰে দমন কৰাটো সাধাৰণ নিয়ম হৈ পৰিছে। বিজেপি চৰকাৰৰ এই দৃষ্টিভংগীৰেই প্ৰতিফলন গোলোকগঞ্জৰ ঘটনা।
উল্লেখনীয় যে জনমতৰ হেঁচাত ২০১৯ চনত ৰাজ্যসভাত এই সম্পৰ্কে এখন বিল উত্থাপন কৰা হ’ল যদিও তাক গৃহীত নকৰি পৰামৰ্শ দিয়াৰ কাৰণে এটা মন্ত্ৰীসভাৰ গোট(Group of Ministers) গঠন কৰি দিয়া হ’ল। এই মন্ত্ৰীসভা গোটৰ মুৰব্বী, বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৬ মাহৰ ভিতৰত প্ৰতিবেদন দিয়া হ’ব বুলি ঘোষণা কৰিছিল; কিন্তু ৬ বছৰ উকলি যোৱাৰ পাছতো প্ৰতিবেদন দাখিল নকৰিলে। এয়া বিজেপি চৰকাৰৰ কোঁচ ৰাজবংশী জনগোষ্ঠীটোৰ প্ৰতি চৰম বিশ্বাসঘাতকতাৰ বাদে একো নহয়। ইয়াৰ ফলতে জনগোষ্ঠীটোৰ লোক ক্ষুব্ধ হৈছে আৰু প্ৰতিবাদত নামিছে। অকল কোঁচ ৰাজবংশীয়েই নহয় অন্য জনগোষ্ঠীসমূহো প্ৰতিবাদত নামিছে। কোঁচ ৰাজবংশীসহ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত এতিয়া ৰাজ্যখনৰ সৰ্বত্ৰ প্ৰতিবাদী আন্দোলন সংগঠিত হৈছে। উজনি অসমৰ বিভিন্ন ঠাইত মৰাণ,মটক, চুতীয়া,তাই-আহোম,চাহ জনগোষ্ঠী-আদিবাসীৰ জনজাতি কৰণৰ দাবীত বিশাল সভা-সমদল দেখিবলৈ পোৱা গৈছে। বিজেপি চৰকাৰে নিজে দিয়া প্ৰতিশ্ৰুতি পালন নকৰা আৰু চৰম প্ৰতাৰণাৰ আশ্ৰয় লোৱাৰ ফলতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদৰ জোৱাৰ উঠিছে। ডি ৱাই এফ আইয়ে কোঁচ ৰাজবংশীসহ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ন্যায্য দাবী শীঘ্ৰে পূৰণ কৰি ইয়াক কাৰ্যকৰী কৰিবলৈ দাবী কৰিছে।