ভাৰতীয় নিৰ্বাচন আয়োগে উচ্চতম ন্যায়ালয়ক অৱগত কৰিছে যে বিহাৰৰ বাহিৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নিৰ্বাচনী বিষয়াক ২০২৬ চনৰ ১ জুনক যোগ্যতাৰ তাৰিখ হিচাপে লৈ নিৰ্বাচনী তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (SIR)ৰ প্ৰস্তুতি আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে। ইচিআইয়ে এই বিষয়াসকলক ভোটাৰ তালিকাসমূহ নবীকৰণ কৰিবলৈ তৎক্ষণাত আগতীয়া পুনৰীক্ষণ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে, যাতে সঠিক আৰু কেৱল যোগ্য ভোটাৰকহে অন্তৰ্ভুক্ত কৰা হয়। ১০ ছেপ্টেম্বৰত নতুন দিল্লীত সকলো মুখ্য নিৰ্বাচনী বিষয়াৰ সৈতে দেশজোৰা এছ আই আৰৰ পৰিকল্পনাৰ বাবে হোৱা বৈঠকৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
জনপ্ৰতিনিধিত্ব আইন, ১৯৫০, আৰু নিৰ্বাচক পঞ্জীয়ন নিয়ম, ১৯৬০ৰ অধীনত, কোনো নিৰ্দিষ্ট সময়সীমা নোহোৱাকৈ, কেতিয়া আৰু কেনেকৈ এছআইআৰ পৰিচালনা কৰিব সেইটো সিদ্ধান্ত লোৱাৰ সম্পূৰ্ণ কৰ্তৃত্ব আছে বুলি নিৰ্বাচন আয়োগে মত পোষণ কৰিছে। ইয়াত গুৰুত্ব আৰোপ কৰা হৈছে যে আদালতকে ধৰি আন কোনো কৰ্তৃপক্ষই ভোটাৰ তালিকা সংশোধন সম্পৰ্কীয় সিদ্ধান্তত হস্তক্ষেপ কৰিব নোৱাৰে।
এছ আই আৰ প্ৰক্ৰিয়াত বুথ স্তৰৰ বিষয়াসকলে ঘৰে ঘৰে পৰীক্ষাৰ জৰিয়তে ভোটাৰৰ সবিশেষ পৰীক্ষা কৰি অনাগৰিক বা মৃত ব্যক্তিৰ দৰে ভুল, ডুপ্লিকেট বা অযোগ্য ভোটাৰ যাতে ভোটাৰ তালিকাত নোসোমায় সেয়া নিশ্চিত কৰিব বুলি আয়গে মত পোষণ কৰিছে।
ইতিমধ্যে এছ আই আৰ চলি থকা বিহাৰত ২০০৩ চনৰ ভোটাৰ তালিকাত ৭৫%তকৈ অধিক ভোটাৰ আছিল, আৰু ২০২৫ চনৰ ৩০ ছেপ্টেম্বৰত চূড়ান্ত তালিকা প্ৰকাশ কৰা হ’ব। বিহাৰৰ ভোটাৰৰ বাবে অতিৰিক্ত পৰিচয় প্ৰমাণ হিচাপে আধাৰ কাৰ্ডকো ইচিআইয়ে অনুমতি প্ৰদান কৰিছে, কিন্তু স্পষ্ট কৰি দিয়ে যে আধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়। আগন্তুক নিৰ্বাচনৰ বাবে সঠিক ভোটাৰ তালিকা প্ৰস্তুত কৰিবলৈ ২০২৫ চনৰ অক্টোবৰৰ ভিতৰত দেশজোৰা এছ আই আৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।