গুৱাহাটী আৰক্ষীয়ে মহানগৰীত শোভাযাত্ৰা, ৰেলী, মাৰাথনৰ দৰে অনুষ্ঠানৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিছে। মহানগৰৰ যান-জঁট ৰোধ কৰা আৰু বাহনৰ সুচাৰু চলাচল নিশ্চিত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি সদৰী কৰিছে। এই ধৰণৰ অনুষ্ঠানৰ ফলত প্ৰায়ে বৃহৎ ভিৰৰ সৃষ্টি হয়, পথ বন্ধ হৈ পৰে, ফলত যাত্ৰীৰ অসুবিধা হয় আৰু জৰুৰী সেৱাত পলম হয়।
ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩ৰ ১৬৩ নং ধাৰাৰ অধীনত আৰক্ষী উপ-আয়ুক্ত (প্ৰশাসন) ইমদাদ আলীয়ে জাৰি কৰিছে আৰু ই তৎক্ষণিক ভাবে এই নিৰ্দেশনা কাৰ্যকৰী হৈছে। গুৱাহাটীত যান-বাহনৰ চলাচলৰ বাবে পথৰ সঠিক ব্যৱহাৰ অতি জৰুৰী বুলি আৰক্ষীয়ে মত পোষণ কৰিছে।
যদি কোনোবাই এই নিষেধাজ্ঞা ভংগ কৰে, তেন্তে ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ ২২৩ নং ধাৰাৰ অধীনত শাস্তি প্ৰদান কৰা হ’ব। তথাপি, এই নিষেধাজ্ঞাৰ প্ৰতি অসন্তুষ্ট লোকে লিখিতভাৱে আপত্তি দৰ্খাস্ত কৰি নিৰ্দেশৰ পৰিৱৰ্তন বা বাতিলৰ বাবে আবেদন কৰিব পাৰে বুলি সদৰী কৰিছে।