• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্যক্তিগত আক্ৰোশৰ বাবেই ৰকিবুল হুছেইনৰ পিছত অনিল ৰাজা? : ডিগ্ৰী সঁচা বুলি প্ৰমাণ দিলে ৰকিবুলে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 8, 2018 9:33 pm
KSUP files FIR against former Assam minister Rockybul Hussain

ৰকিবুল হুছেইনৰ ফাইল ছবি।

9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰমে বিৰক্তিকৰ হৈ উঠা বহিষ্কৃত কংগ্ৰেছ নেতা অনিল ৰাজা আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বাকযুদ্ধৰ এতিয়াও অন্ত পৰা নাই। ৰাজনৈতিক আক্ৰোশক ব্যক্তিগত পৰ্য্যায়লৈ নমাই নিয়া এই অৰিয়াঅৰিত অতিষ্ঠ হৈ পৰিছে ৰুচিৱান নাগৰিক। অথচ দুয়োজনৰ যেন অন্তই নপৰিব অভিযোগ-প্ৰতি অভিযোগৰ আখ্যান। দুদিন পূৰ্বে যদি অনিল ৰাজাই সংবাদ মেল অনুষ্ঠিত কৰি ৰকিবুল হুছেইনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনে তাৰ বিপৰীতে দুদিন পাছত আকৌ ৰকিবুল হুছেইনে তাৰ প্ৰত্যুত্তৰ দিয়ে।

৫ জুনত অনিল ৰাজাই ৰকিবুলৰ ডিগ্ৰীৰ প্ৰমাণ পত্ৰ ভুৱা বুলি অনা অভিযোগটো আজি গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল দি ৰকিবুল হুছেইনে মিছা, ভিত্তীহীন বুলি প্ৰমাণ কৰে সংবাদ মাধ্যমৰ সন্মুখত নিজৰ ডিগ্ৰীৰ প্ৰমাণ পত্ৰসমূহ প্ৰদৰ্শন কৰি।  তেওঁ লগতে অনিল ৰাজাক ৪২০ আৰু ঠগবাজ বুলিও আখ্যা দিয়ে।

Apply Now

উল্লেখযোগ্য যে নিজৰ ঘৰতে সংবাদমেল দি ৫ জুনৰ দিনা অনিল ৰাজাই ৰকিবুল হুছেইনৰ ডিগ্ৰীৰ প্ৰমাণ পত্ৰখন ভুৱা বুলি দাবী কৰিছিল। তেওঁ এই বিষয়ে বিধান সভাৰ অধ্যক্ষ, অসমৰ মুখ্য নিৰ্বাচনী বিষয়াক চিঠি আকাৰে লিখিত অভিযোগো দাখিল কৰিছিল। অৱশ্যে সাংবাদিকক অনিল ৰাজাই তেওঁৰ দাবীৰ সত্যতা প্ৰতিপন্ন কৰিব পৰাকৈ উপযুক্ত নথি প্ৰদৰ্শন কৰিব পৰা নাছিল।

তাৰ পিছতে ৰকিবুল হুছেইনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী লোৱা মূল প্ৰমাণ পত্ৰৰ বাবে আৱেদন জনাইছিল আৰু কালি তেওঁ সেই প্ৰমাণ পত্ৰ লাভ কৰা বুলি গুৱাহাটী প্ৰেছ ক্লাবত আজি সংবাদমেল অনুষ্ঠিত কৰি জানিবলৈ দিয়ে।

হুছেইনে কয়, “সাধাৰণতে বহু লোকৰ হাতত মহাবিদ্যালয়ৰ পৰা ডিগ্ৰীত উত্তীৰ্ণ হ’লে প্ৰদান কৰা প্ৰমাণ পত্ৰখন থাকে। মই ২০ জন লোকক বিশ্ববিদ্যালয়ৰ প্ৰমাণ পত্ৰখন আছে নে নাই সোধাত তেওঁলোকৰ ১৯ জনেই নাই বুলি কৈছিল। কাৰণ বিশেষ প্ৰয়োজনতহে বিশ্ববিদ্যালয়ৰ পৰা প্ৰদান কৰা প্ৰমাণ পত্ৰখন আনিবলগীয়া হয়।”

আনহাতে ৰকিবুল হুছেইনে অনতিপলমে দিল্লীলৈ গৈ মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰি অনিল ৰাজাই তেওঁৰ বিৰুদ্ধে দিয়া চিঠি দুখনৰ সন্দৰ্ভত আলোচনা কৰিব। তেওঁ লগতে কয়, “যদি মই দোষী সাব্যস্ত হওঁ তেন্তে মই শাস্তি মূৰ পাতি ল’বলৈ সাজু। যদি অভিযোগ মিছা হয় তেন্তে তেওঁৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা ল’বৰ বাবে আহ্বান জনাম।”

মন কৰিব লগীয়া যে অনিল ৰাজাই বিধান সভাৰ অধ্যক্ষক সাক্ষাৎ কৰি ৰকিবুল হুছেইনৰ শিক্ষাগত অৰ্হতাত ব্যাপক খেলিমেলি থকা বুলি গুৰুতৰ অভিযোগ তুলি পত্ৰ প্ৰদান কৰিছিল।

অৱশ্যে ৰকিবুল হুছেইনে সংবাদমেলৰ পিছতে বিধান সভাৰ অধ্যক্ষক সাক্ষাৎ কৰি এজন ৰাজনৈতিক নেতাৰ বিশেষাধিকাৰ ভংগ কৰাৰ উদ্দেশ্য লৈ অনিল ৰাজাই অনা অভিযোগৰ সত্য-সত্যতা আছে নে নাই সেই সম্পৰ্কে বিধানসভাত বিষয়টো উত্থাপন কৰিবলৈ আহ্বান জনায়।

ইফালে ৰকিবুল হুছেইনে আজি ভঙাগড় আৰক্ষী থানাত উপস্থিত হৈ তেওঁৰ সকলোবোৰ প্ৰমাণ পত্ৰ, মাৰ্কশ্বিটৰ কপি ভঙাগড় আৰক্ষী চকীত দাখিল কৰে। লগতে তেওঁ গোচৰটো ফ্ৰাষ্ট ট্ৰেক আদালতত চলোৱাৰ বাবে দাবী জনায়।

আনহাতে, নগাওঁ মহাবিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষগৰাকীয়ে ৰকিবুল হুছেইনে ১৯৭৯ চনত মহাবিদ্যালয়ত নামভৰ্তিৰ তথ্যসমূহ দিয়াৰ বিপৰীতে ১৯৮৮ চনত ডিগ্ৰী উত্তীৰ্ণ হোৱা তথ্যখিনি দিয়াৰ পৰা বিৰত থকা বুলি আজিৰ সংবাদ মেলত অভিযোগ তোলে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে।

উল্লেখযোগ্য যে নগাওঁ মহাবিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ শৰৎ বৰকটকীয়ে ১৩ বছৰতে মেট্ৰিক পাছ কৰা বুলি গুৰুতৰ অভিযোগ তুলি ৰকিবুলে লগতে কয় “মোৰ ডিগ্ৰীৰ প্ৰমাণ পত্ৰখন সত্য হয় নে ভুৱা হয় প্ৰমাণ কৰি দিবৰ বাবে আহ্বান জনাইছো যদিও তেওঁ এতিয়ালৈকে দিয়া নাই। কিন্তু গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মোক দুদিনৰ ভিতৰতে মূল প্ৰমাণ পত্ৰখন প্ৰদান কৰিলে।”

ইতিমধ্যে কালি ৰকিবুল হুছেইনে নগাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ শৰৎ বৰকটকীৰ বিৰুদ্ধে নগাওঁ সদৰ থানাত এক গোচৰ ৰুজু কৰাৰ লগতে অনিল ৰাজাৰ ওপৰতো দিচপুৰ থানাত মানহানিৰ এক গোচৰ ৰুজু কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd