অনুপ্ৰৱেশ বিৰোধী আন্দোলনত উত্তপ্ত হৈ পৰিছে ব্ৰিটেইন। শনিবাৰে প্ৰায় ১ লাখ ৫০ হাজাৰ ব্ৰিটিছ লোকে অনুপ্ৰৱেশ বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰে। ৱেষ্টমিনিষ্টাৰ ব্ৰিজৰ মাজেৰে চেণ্ট্ৰেল লণ্ডনৰ ডাউনটাউনত এক বিশাল বিক্ষোভ অনুষ্ঠিত হয়। উগ্ৰ সোঁপন্থী নেতা টমী ৰবিনছনৰ নেতৃত্বত “ইউনাইট দ্য নেচন” পদযাত্ৰাত প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষীৰ সংঘৰ্ষ হয়।
অৱশ্যে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে দেওবাৰে স্পষ্ট কৰি দিয়ে যে উগ্ৰ সোঁপন্থীৰ এই বিদ্ৰোহৰ সন্মুখত ব্ৰিটেইনে শিৰ অৱনত নকৰে।
তেওঁ লগতে কয়, ‘আমাৰ ইংৰাজ পতাকাখনে দেশৰ বৈচিত্ৰ্য বহন কৰে। মানুহৰ ধৰ্ম বা জাতিগত ভিত্তিত মানুহৰ ওপৰত আক্ৰমণ কৰাটো চৰকাৰে কেতিয়াও মানি নলয়।” শনিবাৰে প্ৰায় ৫ হাজাৰ লোকে অনুপ্ৰৱেশকাৰীৰ সমৰ্থনত আৰু বৰ্ণবাদৰ বিৰুদ্ধে উগ্ৰ সোঁপন্থীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহে।
শেহতীয়াকৈ ব্ৰিটেইন উগ্ৰ সোঁপন্থীৰ আটাইতকৈ বৃহৎ পদযাত্ৰাৰ সাক্ষী হৈছে। শনিবাৰে মধ্য লণ্ডনৰ চৰকাৰী ভৱনৰ সন্মুখত লক্ষাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হোৱা হিংসাত্মক সংঘৰ্ষত আহত হয় প্ৰায় ২৬জন আৰক্ষী বিষয়া। এই পৰ্যন্ত প্ৰায় ৯ জন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।
প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰীয় পতাকা পৰিধান কৰি অনুপ্ৰৱেশ বিৰোধী শ্লোগান দিয়ে। ছেণ্ড্ৰা মিচেল নামৰ এগৰাকী প্ৰতিবাদকাৰীয়ে এই পদযাত্ৰাৰ পৰাই শ্লোগান দি কয় যে আমি আমাৰ দেশখন ঘূৰাই বিচাৰো। অনুপ্ৰৱেশকাৰীসকলক ব্ৰিটেইনত প্ৰৱেশ কৰাত বাধা দিবলৈ দাবী জনাই তেওঁলোকে কয় যে আমি টমীক বিশ্বাস কৰোঁ। আনহাতে, আন্দোলনৰ নেতৃত্ব দিয়া টমী ৰবিনছনে কয় যে এই আন্দোলনে ব্ৰিটিছ নাগৰিকৰ মাজত দেশপ্ৰেমৰ ঢৌ আনিছে।
ভিডিঅ’ লিংকৰ জৰিয়তে লণ্ডনৰ ৰেলীত যোগদান কৰি ইলন মাস্কে হুংকাৰ দি কয়, “যুঁজ কৰক বা নহ’লে মৰিব লাগিব। আপুনি হিংসাৰ পথ বাছি নললেও ই আপোনাক বাছি ল’ব।” ইয়াৰ পিছত মাস্কে বাওঁপন্থীসকলক তীব্ৰ আক্ৰমণ কৰে। “আপোনালোক এতিয়া অদ্ভুত পৰিস্থিতিত পৰিছে। বাওঁপন্থীসকল হত্যাকাৰী আৰু তেওঁলোকে হত্যাকাৰীক সন্তুষ্ট কৰে।”