অতীজৰে পৰা ভাৰতক সোণ-ৰূপৰ দেশ বুলি কোৱা হয়। বিভিন্ন সময়ত ভাৰতত উদ্ধাৰ হৈছে কেইবাটাও মূল্যৱান হীৰা। সংগ্ৰহালয়লৈ গৈ সোণ আৰু হীৰাৰে সজোৱা ভাৰতীয় ৰজাৰ কাপোৰ দেখিলে আমাৰ চহকী ইতিহাসৰ কথা মনলৈ আহে।
কিন্তু এনে বহু মূল্যৱান হীৰা মূলতঃ মোগল আৰু ইংৰাজে লুটপাত কৰি ধ্বংস কৰিছিল। আমাৰ চহকী ইতিহাস আৰু সংস্কৃতিয়ে প্ৰমাণ কৰে যে ভাৰত দৰিদ্ৰ নাছিল বৰঞ্চ বহুমূলীয়া ধাতু আৰু ৰত্নৰে ভৰপূৰ আছিল। ভাৰতৰ এনে কেইবিধমান মূল্যৱান ৰত্নৰ কথা জানো আহক
কোহিনুৰ
ভাৰতৰ আটাইতকৈ চৰ্চিত হীৰাটো হ’ল কোহিনুৰ। এই বহুমূলীয়া হীৰাই আজিও সমগ্ৰ বিশ্বতে শিৰোনাম দখল কৰিছে। অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰ জিলাৰ গোলকণ্ডা খনিৰ পৰা খনন কৰা হৈছিল এই হীৰা। এই হীৰাটোৰ ওজন আছিল ৭৯৩ কেৰেট। কিন্তু ১৮৫২ চনত ব্ৰিটেইনত ইয়াক কাটি আকাৰ হ্ৰাস কৰে। কোহিনুৰক ব্ৰিটিছ ৰাণীৰ মুকুটত ৰখা হৈছে। কোৱা হয় যে এই হীৰাটো বিক্ৰী কৰিলে সেই টকাৰে ডেৰ-দুই দিন সমগ্ৰ বিশ্বৰ মানুহক খাদ্য খুৱাব পৰা যাব।
আহমেদাবাদ ডাইমণ্ড
এই বহুমূলীয়া হীৰা এটা সময়ত হেৰাই গৈছিল। ১৭ শতিকাত ইয়াক পুনৰ পোৱা গৈছিল। সেই সময়ত ইয়াৰ ওজন আছিল ১৫৭ কেৰেট। কেইবছৰমানৰ পাছত ই ৯৫ কেৰেটলৈ কমি গ’ল। এই হীৰাটো প্ৰথমে অউধৰ বেগম হজৰত মহলৰ মালিকানাধীন আছিল। পিছত ই ইংৰাজৰ হাতলৈ যায়।
মোগল হীৰা
কোহিনুৰৰ দৰে মোগল হীৰা ১৬৫০ চনত গলকোণ্ডাৰ পৰা খনন কৰা হৈছিল। সেই সময়ত ইয়াৰ ওজন আছিল ৭৮৭ কেৰেট, যিটো কোহিনুৰতকৈ ছয়গুণ গধুৰ। নাদিৰ শ্বাহৰ ধন-সম্পত্তিৰ এক উল্লেখযোগ্য অংশ আছিল যদিও এতিয়া ই হেৰাই গৈছে আৰু এতিয়া হীৰা ক’ত আছে কোনেও নাজানে।
ৰিজেণ্ট ডাইমণ্ড
১৭০২ চনৰ আশে-পাশে গলকোণ্ডা খনিত ৰিজেণ্ট ডাইমণ্ড খনন কৰা হৈছিল। ৪১০ কেৰেটৰ এই হীৰাটো তেতিয়াৰ মাদ্ৰাজৰ ব্ৰিটিছ গৱৰ্ণৰ উইলিয়াম পিটৰ হাতলৈ যায় আৰু ফৰাচী বিপ্লৱৰ পিছত ই নেপোলিয়নৰ হাতলৈ যায়। বৰ্তমান পেৰিছৰ লুভ্ৰ মিউজিয়ামত এই হীৰাটো নিৰাপদে সংৰক্ষণ কৰা হৈছে।
ব্রয়লেট হীৰা১৫২৬ চনত পানীপাট যুদ্ধত গ্ৱালিয়ৰৰ ৰজা বিক্ৰমজিতক পৰাস্ত কৰি বাবৰে ভাৰতৰ ব্ৰিয়ালেট লাভ কৰিছিল বুলি বিশ্বাস কৰা হয়। ১৮৪৪ চনলৈকে ব্ৰান্সৱিকৰ ড্যুক চাৰ্লছৰ সৈতে এই হীৰা দেখা গৈছিল। তাৰ পিছত শেষবাৰৰ বাবে ১৯৯০ চনত লণ্ডনৰ ক্ৰীষ্টিজ অকচন হাউচত নিলামত দেখা গৈছিল। তাৰ পিছত ই ক’ত আছে গম পোৱা নাযায়।