দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ দাবী জনাই অহাৰ স্বত্বেও ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা দি নিজৰ প্ৰতিশ্ৰুতি পূৰ কৰা নাই চৰকাৰে। যাৰ বাবে এতিয়া ক্ষোভিত হৈ পৰিছে জনগোষ্ঠীসমূহ।
চুতীয়া জনগোষ্ঠীৰ লোকসকলে অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকৰ লগতে চৰকাৰে আন পাঁচটা জনগোষ্ঠীক ভুৱা প্ৰতিশ্ৰুতি দিছে।
এটা বিবৃতিত তেওঁলোকে অভিযোগ কৰে যে বিজেপি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে তেওঁলোকক ভুৱা আশা আৰু প্ৰতিশ্ৰুতিৰে প্ৰতাৰণা কৰিছে।
২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত ক্ষমতালৈ অহাৰ ১০০ দিনৰ ভিতৰত ছটা জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।
চুতীয়া যুৱ সন্মিলন, অসমৰ অভিযোগ (CYSA) “কেন্দ্ৰত ১৫ বছৰ আৰু ৰাজ্যত ১০ বছৰ থকাৰ পিছতো বিজেপিয়ে জনগোষ্ঠী সমূহৰ দাবী মানি লোৱা নাই। তাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ত প্ৰতিবেদন দাখিল কৰাৰ প্ৰতিশ্ৰুতি দি চলিত বৰ্ষৰ আৰম্ভণিতে মানুহক বিপথে পৰিচালিত কৰিছিল।”
সংগঠনটোৱে সকীয়াই দিছে যে জনসাধাৰণ এতিয়া “শূন্য প্ৰতিশ্ৰুতি আৰু ফুটা আশ্বাস” গ্ৰহণ কৰিবলৈ সাজু নহয়। ‘এতিয়া জনসাধাৰণক যি লাগে সেয়া সমাধান, অন্য প্ৰতিশ্ৰুতি নহয়।’সংগঠনটোৱে সকীয়াই দিয়ে যে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি জনজাতিৰ মৰ্যাদা প্ৰদান কৰা নহয় তেন্তে ৰাজহুৱা অস্থিৰতাৰ ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’বলৈ চৰকাৰ সাজু হ’ব লাগিব। লগতে সংগঠনটোৱে এই বিষয়ত সকলো অসমীয়া ৰাইজক পূৰ্ণ সমৰ্থন আগবঢ়াবলৈ আহ্বান জনায়।