• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰী আঁচনিৰ ৰূপায়ন প্ৰক্ৰিয়াৰ ওপৰত সংবাদ মাধ্যমে চোকা দৃষ্টি ৰাখিব লাগিব : মুখ্যমন্ত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
June 9, 2018 9:47 am
গতি দৈনিক
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

’প্ৰকৃত গণতান্ত্ৰিক সমাজ ব্যৱস্থা এটা গঢ়ি তোলাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ ভূমিকা অপৰিসীম। সংবাদ মাধ্যমে সংবাদ পৰিৱেশনেৰে সমাজ জীৱনত সমন্বয়ৰ  ধাৰা আৰু অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু এই ধাৰা অব্যাহত ৰাখিব লাগিব।‘’ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে শিলচৰৰ বংগ ভৱনত বাংলা ভাষাৰ ‘গতি দৈনিক’ৰ নতুন কলেবৰ আৰু নৱ সংস্কৰণ আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰি প্ৰদান কৰা ভাষণত এইদৰে কয়।

মুখ্যমন্ত্ৰী সোণোৱালে কয় যে সংবাদ মাধ্যমে চৰকাৰে ৰূপায়ন কৰা বিভিন্ন জনকল্যাণ মূলক আঁচনি সম্পৰ্কে ৰাইজক সজাগ আৰু সচেতন কৰাৰ উপৰি ৰাইজলৈ এই আঁচনিসমূহৰ সবিশেষ কঢ়িয়াই লৈ যাব লাগিব। ইয়াৰ লগতে চৰকাৰী আঁচনি সমূহৰ ৰূপায়ন প্ৰক্ৰিয়াৰ ওপৰতো সংবাদ মাধ্যমে চোকা দৃষ্টি ৰাখিব লাগিব যাতে আঁচনিসমূহৰ সুফল প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰে।

Apply Now

সমাজখনক অস্থিৰ কৰিব পৰা কোনো বা-বাতৰি প্ৰচাৰৰ ক্ষেত্ৰত সংবাদ মাধ্যম সচেষ্ট হ’ব লাগিব। বৃহত্তৰ সমাজখনৰ বুদ্ধিজীৱী, চিন্তাবিদ আৰু লেখক-লেখিকাসকলে সমাজ জীৱনক উজ্জ্বীৱিত কৰিব পৰা চিন্তা-চৰ্চ্চাৰ অৱতাৰণা কৰিব লাগিব। তেতিয়াহে গতিশীল সমাজ এখন গঢ়ি তোলাটো সম্ভৱ বুলি মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয়।

গতি দৈনিক

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ড০ ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাসে যি সমন্বয়ৰ বাণীৰে সমাজখনক আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগাইছিল, সেই আদৰ্শেৰে আমিও সমাজখনক আগুৱাই নিব লাগিব। গতি দৈনিক নামৰ কাকতখনে যি লক্ষ্য আৰু আদৰ্শেৰে গণতান্ত্ৰিক প্ৰমূল্যবোধৰ আধাৰত সমাজ ব্যৱস্থাক আগুৱাই নিয়াৰ লক্ষ্য লৈছে ই নিশ্চয়কৈ ফলপ্ৰসূ হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে পূৰ্বতে উন্নয়নৰ দিশত বৰাক উপত্যকা পিছপৰি আছিল যদিও বৰ্তমানৰ ৰাজ্য চৰকাৰখনে এই উপত্যকাৰ উন্নয়নৰ দিশত সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছিল বুলি কয়। অনাগত দিনতো চৰকাৰখনে বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ সম-উন্নয়নৰ হকে সক্ৰিয় প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি তেওঁ কয়।

বিভিন্ন জাতি-জনগোষ্ঠীয়ে বৃহত্তৰ অসমৰ সমাজ ব্যৱস্থা গঢ়ি তোলাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে বুলি উল্লেখ কৰি এই সমাজ ব্যৱস্থা ধৰি ৰখাৰ ক্ষেত্ৰত আমি সকলোৱে দায়ৱদ্ধতাৰে কৰ্মত অৱতীৰ্ণ হ’ব লাগিব বুলি কৈ মুখ্যমন্ত্ৰীয়ে দুয়োটা উপত্যকাত বসবাস কৰা জনসাধাৰণৰ মিলিত প্ৰচেষ্টাৰে ৰাজ্যখনক আৰু অধিক শক্তিশালীভাৱে আগুৱাই নিয়াৰ বাবে দায়ৱদ্ধতাৰে কাম কৰাৰ বাবে সকলোকে আহ্বান জনায়।

অনুষ্ঠানত বক্তব্য ৰাখি বিত্ত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে সাম্প্ৰতিক পৰিস্থিতিত গতি দৈনিক নামৰ কাকতখনে ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰতিফলন ঘটাই সমাজ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ দিশত বলিষ্ঠ ভূমিকা পালন কৰিব লাগিব।

শুকুৰবাৰে এই অনুষ্ঠানত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিধায়ক দিলীপ পাল, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ, অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ দিলীপ কুমাৰ নাথৰ উপৰি বৰাক উপত্যকাৰ বহু কেইগৰাকী বিধায়কো উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm
আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

June 22, 2026 9:33 pm
ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

June 22, 2026 9:22 pm
ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

June 22, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm
আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

June 22, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd