’প্ৰকৃত গণতান্ত্ৰিক সমাজ ব্যৱস্থা এটা গঢ়ি তোলাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ ভূমিকা অপৰিসীম। সংবাদ মাধ্যমে সংবাদ পৰিৱেশনেৰে সমাজ জীৱনত সমন্বয়ৰ ধাৰা আৰু অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু এই ধাৰা অব্যাহত ৰাখিব লাগিব।‘’ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে শিলচৰৰ বংগ ভৱনত বাংলা ভাষাৰ ‘গতি দৈনিক’ৰ নতুন কলেবৰ আৰু নৱ সংস্কৰণ আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰি প্ৰদান কৰা ভাষণত এইদৰে কয়।
মুখ্যমন্ত্ৰী সোণোৱালে কয় যে সংবাদ মাধ্যমে চৰকাৰে ৰূপায়ন কৰা বিভিন্ন জনকল্যাণ মূলক আঁচনি সম্পৰ্কে ৰাইজক সজাগ আৰু সচেতন কৰাৰ উপৰি ৰাইজলৈ এই আঁচনিসমূহৰ সবিশেষ কঢ়িয়াই লৈ যাব লাগিব। ইয়াৰ লগতে চৰকাৰী আঁচনি সমূহৰ ৰূপায়ন প্ৰক্ৰিয়াৰ ওপৰতো সংবাদ মাধ্যমে চোকা দৃষ্টি ৰাখিব লাগিব যাতে আঁচনিসমূহৰ সুফল প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰে।
সমাজখনক অস্থিৰ কৰিব পৰা কোনো বা-বাতৰি প্ৰচাৰৰ ক্ষেত্ৰত সংবাদ মাধ্যম সচেষ্ট হ’ব লাগিব। বৃহত্তৰ সমাজখনৰ বুদ্ধিজীৱী, চিন্তাবিদ আৰু লেখক-লেখিকাসকলে সমাজ জীৱনক উজ্জ্বীৱিত কৰিব পৰা চিন্তা-চৰ্চ্চাৰ অৱতাৰণা কৰিব লাগিব। তেতিয়াহে গতিশীল সমাজ এখন গঢ়ি তোলাটো সম্ভৱ বুলি মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয়।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ড০ ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাসে যি সমন্বয়ৰ বাণীৰে সমাজখনক আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগাইছিল, সেই আদৰ্শেৰে আমিও সমাজখনক আগুৱাই নিব লাগিব। গতি দৈনিক নামৰ কাকতখনে যি লক্ষ্য আৰু আদৰ্শেৰে গণতান্ত্ৰিক প্ৰমূল্যবোধৰ আধাৰত সমাজ ব্যৱস্থাক আগুৱাই নিয়াৰ লক্ষ্য লৈছে ই নিশ্চয়কৈ ফলপ্ৰসূ হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।
ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে পূৰ্বতে উন্নয়নৰ দিশত বৰাক উপত্যকা পিছপৰি আছিল যদিও বৰ্তমানৰ ৰাজ্য চৰকাৰখনে এই উপত্যকাৰ উন্নয়নৰ দিশত সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছিল বুলি কয়। অনাগত দিনতো চৰকাৰখনে বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ সম-উন্নয়নৰ হকে সক্ৰিয় প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি তেওঁ কয়।
বিভিন্ন জাতি-জনগোষ্ঠীয়ে বৃহত্তৰ অসমৰ সমাজ ব্যৱস্থা গঢ়ি তোলাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে বুলি উল্লেখ কৰি এই সমাজ ব্যৱস্থা ধৰি ৰখাৰ ক্ষেত্ৰত আমি সকলোৱে দায়ৱদ্ধতাৰে কৰ্মত অৱতীৰ্ণ হ’ব লাগিব বুলি কৈ মুখ্যমন্ত্ৰীয়ে দুয়োটা উপত্যকাত বসবাস কৰা জনসাধাৰণৰ মিলিত প্ৰচেষ্টাৰে ৰাজ্যখনক আৰু অধিক শক্তিশালীভাৱে আগুৱাই নিয়াৰ বাবে দায়ৱদ্ধতাৰে কাম কৰাৰ বাবে সকলোকে আহ্বান জনায়।
অনুষ্ঠানত বক্তব্য ৰাখি বিত্ত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে সাম্প্ৰতিক পৰিস্থিতিত গতি দৈনিক নামৰ কাকতখনে ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰতিফলন ঘটাই সমাজ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ দিশত বলিষ্ঠ ভূমিকা পালন কৰিব লাগিব।
শুকুৰবাৰে এই অনুষ্ঠানত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিধায়ক দিলীপ পাল, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ, অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ দিলীপ কুমাৰ নাথৰ উপৰি বৰাক উপত্যকাৰ বহু কেইগৰাকী বিধায়কো উপস্থিত থাকে।