• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

সন্ধিয়াৰ স্বীকাৰোক্তি

ড° গৌতম কুমাৰ বৰা by ড° গৌতম কুমাৰ বৰা
September 22, 2025 1:03 pm
“

“

208
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এই কথা আজি অকপটে স্বীকাৰ কৰোঁ জুবিন গাৰ্গ সম্পৰ্কত আমাৰ পূৰ্বৰ ধাৰণা আৰু সিন্ধান্ত শুদ্ধ নাছিল। পুৰণি প্ৰজন্মৰ অসমীয়া হিচাপে আমি জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা, হেমাংগ বিশ্বাস, আৰু ভূপেন হাজৰিকাৰ গীত শুনি ডাঙৰ হোৱা লোক।

এওঁলোকৰ যুগমীয়া সৃষ্টিৰে অসমীয়া আধুনিক সংগীত হৈ পৰিছিল এক সবল মানবতাবাদী, সামাজিক, আৰু গণতান্ত্ৰিক চেতনাৰ বাহক।ৰাজহুৱা মঞ্চত এই ধাৰাৰ গীত সদায় পৰিবেশিত হৈছিল অতি প্ৰাণৱন্ত অথচ এক শান্ত সমাহিত ৰূপত। উশৃংখলতা বা চিন্তাহীন উত্তেজনাৰ তাত কোনো স্থান নাছিল।

Apply Now

ৰাজহুৱা মঞ্চত জুবিন এই ধাৰাৰ পৰা আতঁৰি আহিছিল।পুৰণি সেই ধাৰাৰ সংস্পৰ্শ আৰু আদৰ্শত গঢ় লোৱা আমাৰ মনে ইয়াক সমূলি গ্ৰহণ কৰিব পৰা নাছিল। জুবিনৰ গীত সেয়ে শুনা নাছিলোঁ। থিয়ৈ থিয়ৈ মনত এই ধাৰণা আৰু সিদ্ধান্তলৈ আহিছিলো যে জ্যোতিপ্ৰসাদ, ৰাভা, হাজৰিকাই অশেষ কষ্টেৰে প্ৰতিষ্ঠা কৰা আধুনিক অসমীয়া সংগীতৰ মানবতাবাদী সামাজিক গণতান্ত্ৰিক চেতনাৰ ধাৰাটোৰ ওপৰত জুবিনৰ গীত বৰং এক উন্মত্ত উন্মুক্ত আক্ৰমণ: চিন্তাৰ ঠাইত সি প্ৰতিষ্ঠা কৰিছে উত্তেজনা, জীৱন তথা সমাজ বিমুখ মনোৰঞ্জন।

কিন্তু এতিয়া তেওঁৰ কিছু গীত অতি মনোযোগে শুনি বিব্ৰত অনুভব কৰিছোঁ আৰু পতিয়ন গৈছো যে তেওঁৰ সম্পৰ্কত আমাৰ ধাৰণা সম্পূৰ্ণ শুদ্ধ নাছিল আৰু তাৰ নিৰ্মোহ বিশ্লেষণৰ প্ৰয়োজন।

নিশ্চয় অতি সৎ অন্তৰৰ আছিল বাবেই জুবিন অতি নিৰ্ভীক আছিল; কাকো খাতিৰ বা পৰোৱাই কৰা নাছিল। ক্ষমতাৰ লগত হলিগলি তেওঁ কৰা নাছিল। ভূপেন হাজৰিকাই  হিতেশ্বৰ শইকীয়াৰ দৰে মুখ্যমন্ত্ৰীক “সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী” আখ্যা দি আমাক স্তম্ভিত কৰিছিল (আদৰ্শগতভাবে তেতিয়াৰ পৰাই হাজৰিকাক সম্পূৰ্ণভাবে পৰিত্যাগ কৰিছিলোঁ), কিন্তু জুবিন এই ক্ষেত্ৰত শেহলৈকে মূৰ দাঙি থাকিল। আচৰিত নহয় যে কিছু বছৰ আগেয়ে বৰ্তমান চৰকাৰৰ এক প্ৰভাৱশালী মন্ত্ৰীক তেওঁ ৰাজহুৱা ভাৱে “গৰু” আখ্যা দিবলৈ পিচ ভৰি হোৱা নাছিল। সত্ৰৰ এক সামন্তীয় পৰম্পৰাক তেওঁ চূড়ান্ত ভাষাত খোদ মাজুলীৰ বুকুতে ৰাজহুৱাভাবে আক্ৰমণ কৰি সাহসৰ বিৰল উদাহৰণ প্ৰতিষ্ঠা কৰিছিল। কা-ৰ বিৰুদ্ধে হোৱা অসমৰ ৰাইজৰ ব্যাপক আন্দোলনত তেওঁ দৃঢ়তাৰে যোগ দিছিল, শেষলৈকে তাৰ বিৰোধিতা কৰিছিল। তেওঁ ধৰ্মীয় সংকীৰ্ণতা, বৰ্ণবাদ, সাম্প্ৰদায়িকতাৰ বহু উৰ্দ্ধত আছিল। মানবতা আৰু গণতন্ত্ৰৰ পৰম শত্ৰু এইবোৰ ধাৰণাৰ বিৰুদ্ধে তেওঁৰ অনন্য পুৰুষ কন্ঠ ৰাজহুৱা মঞ্চত সদা গৰজি উঠিছিল।

আচৰিত নহয় যে তেওঁ নিজকে বিষ্ণু ৰাভাৰ সাম্যবাদী আদৰ্শৰ অনুগামী বুলি ৰাজহুৱাভাবে ঘোষণা কৰিছিল, যদিওবা একেসময়তে কোটিটকীয়া গাড়ীৰ গৰাকী বুলি গৌৰব কৰিছিল।

সমালোচনাৰ প্ৰতি তেওঁ সদায় সহিষ্ণু নাছিল, কিন্তু বামপন্থী কাকোকেই কেতিয়াও তেওঁ আক্ৰমণ কৰা নাছিল; আজি অসমৰ অন্ধ একাংশই চৰম অশালীনতা আৰু ঔদ্ধত্যাৰে অসমৰ বিবেক স্বৰূপ ডক্টৰ হীৰেন গোহাঁই ছাৰক অহৰ্নিশে আক্ৰমণ কৰাৰ সময়ত জুবিনে তেখেতৰ প্ৰতি সদায় সন্মান বজাই ৰাখিছিল, সন্মানেৰে “গোহাঁই ছাৰ” বুলি উল্লেখ কৰিছিল। অলপতে ময়ূৰ বৰা দেবে ৰাজহুৱাভাবে কৰা কঠোৰ সমালোচনাৰ প্ৰতি চৰম সহিষ্ণুতা দেখুৱাইছিল, তেওঁ তাৰ বিৰুদ্ধে এটা শব্দও উচ্চাৰণ কৰা নাছিল।

কিন্তু জুবিন গাৰ্গ বিষ্ণু ৰাভা নহয়, জ্যোতিপ্ৰসাদো নহয়; সেই ভুল সিদ্ধান্তত উপনীত হোৱাৰ প্ৰয়োজন নাই। জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাৰ গীতে স্বাধীনতা আন্দোলনত হাজাৰ হাজাৰ লোকক উদ্বুদ্ধ কৰিছিল;  স্বাধীনতাৰ পাছত “ইয়ে আজাদী ঝুঠা হ্যায়, দেশ কি জনতা ভুখী হ্যায়” বুলি ৰাভা গৰজি উঠি দ্বিতীয় এক স্বাধীনতা সংগ্ৰামৰ বাবে আত্মগোপন কৰিছিল; গোপনে দলীয় কৰ্মীৰ সৈতে অসমৰ ইমূৰ-সিমূৰ বগাই জনতাক পুনৰ বাৰ সংগঠিত কৰি চৰকাৰৰ চূড়ান্ত ৰোষত পৰিছিল। স্বাধীন চৰকাৰে তেওঁৰ মূৰত ঘোষণা কৰিছিল ১০ হাজাৰ টকা (আজিৰ দিনত এই টকাৰ মূল্য আছিল আধা কোটি টকা), কিন্তু ৰাভাই আত্মসমৰ্পন কৰা নাছিল।

অসমৰ সমাজ ব্যৱস্থা আজি বিধ্বস্ত। আমি ভাবো অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ চৰম সুবিধাবাদেই তাৰ প্ৰধান কাৰণ। তাহানিৰ কংগ্ৰেছ বা এতিয়াৰ বিজেপি-এজিপি চৰকাৰ অসমীয়া সুবিধাবাদী মধ্যবিত্ত শ্ৰেণীৰে চৰকাৰ। জাতি, ভাষা, আৰু এতিয়া ধৰ্মৰ নাম লৈ এওঁলোকে অসমীয়া সাধাৰণ ৰাইজক আবেগিক কৰি সংগঠিত কৰে; জাতিৰ উন্নয়নৰ নামত এইদৰেই সাধাৰণ ৰাইজৰ শক্তি ব্যৱহাৰ কৰি সিহঁতে দিল্লীৰ পৰা মোটা অংকৰ ধন আনে, আৰু পাচত তাক কৌশলেৰে আত্মসাৎ কৰে।

আজি দশক জুৰি অসমীয়া ৰাইজক এইদৰেই অসমীয়া মধ্যবিত্ত নেতৃত্বই প্ৰতাৰণা কৰি আহিছে। অসমীয়া ৰাইজৰ হাতত আজি অৰ্থনীতি নাই, – স্বাধীন দেশৰ নাগৰিক, তেওঁলোক আজি নিচক হিতাধিকাৰী।

সমাজৰ এই সৰ্বতো ভাঙোন আৰু চৰম সংকটৰ দিনত জুবিনৰ সংগীতে অসমীয়া ৰাইজক কি দিছিল, কিহত উদ্ধুদ্ধ কৰিছিল, সেয়াই প্ৰশ্ন। তেওঁৰ যাদুকৰী কন্ঠই তেওঁৰ সংগীতৰ বিচাৰৰ একমাত্ৰ মাপকাঠি হ’ব নোৱাৰে।

কিন্তু অসমৰ এই সন্ধিক্ষণত অসমৰ সাধাৰণ জনতাৰ প্ৰতিজনেই যে তেওঁক এনেকৈ পাৰভাঙি ভাল পাইছিল, তাৰ কাৰণ নিশ্চয় উপৰুৱা নহয়, য’ত আমি ভুল কৰিছিলোঁ। বিনামূলীয়া চাউল, ১২৫০ টকা,  আৰু প্ৰতিশ্ৰুতিৰ বান তেওঁৰ এই বিস্ময়কৰ জনপ্ৰিয়তাৰ কাৰণ নিশ্চয় নাছিল। অসমৰ এই জটিল সন্ধিক্ষণত বিমূঢ় জনতাই নিশ্চয় তেওঁৰ সংগীত আৰু যাদুকৰী দৰদী কন্ঠত, তেওঁৰ অকপট বেপেৰুৱা ভয়-ভীতিহীন কথা আৰু আচৰণত (যি চতুৰ মধ্যবিত্তৰ মসৃণতাৰ ওপৰত আছিল এক মোক্ষম আঘাত)  বিচাৰি পাইছিল সামাজিক অবদমনৰ পৰা মুক্তিৰ স্বাদ, বিচাৰি পাইছিল কিছু শ্বাশ্বত মূল্য, কিছু শ্বাশ্বত সৌন্দৰ্য, যি কঠোৰ যাতনা আৰু হতাশাৰ মাজতো তেওঁলোকক জীয়াই থকাৰ হেঁপাহ আৰু প্ৰেৰণা দিছিল।

সাধাৰণ মানুহৰ প্ৰতি, সত্যৰ প্ৰতি, নিৰ্ভীকতাৰ প্ৰতি অসীম প্ৰতিভাধৰ জুবিনৰ যি সাবেগ ভালপোৱা আছিল, সি পূৰ্ণতা নাপালে, যি পূৰ্ণতা, – তাৰ উত্তৰণ, অসমে দেখিছিল জ্যোতিপ্ৰসাদৰ ক্ষেত্ৰত, ৰাভাৰ ক্ষেত্ৰত।

কিন্তু তাৰ বাবে কেৱল জুবিনেই দায়ী নহয়, জুবিনক আগুৰি থকা একাংশ সুবিধাবাদী ধূৰ্ত মধ্যবিত্তই বিচৰা নাছিল জুবিনৰ এই উত্তৰণ ঘটক, অসমৰ জনগণক তেখেতৰ সংগীতে এক আমূল সামাজিক পৰিবৰ্তনৰ দিশত উদ্বুদ্ধ কৰক। সেয়ে হোৱা হ’লে সি অসমীয়া মধ্যবিত্তৰ সুবিধাবাদৰ ওপৰত এক চৰম আঘাত হ’লহেতেন।

আচৰিত নহয় যে অসমীয়া সুবিধাবাদী মধ্যবিত্তৰ ধন আৰু ক্ষমতাৰ লালসাতে অসীম প্ৰতিভাধৰ, নিভাঁজ অন্তৰৰ এক খেয়ালী বিদ্ৰোহী সত্বাৰ আজি অকালতে জীৱন নিৰ্বাপিত হ’ল। কিন্তু অসমৰ সাধাৰণ ৰাইজৰ মনত জুবিন সদায় জীয়াই থাকিব, সেয়াও এক অলৰ সত্য।

ড° গৌতম কুমাৰ বৰা (অধ্যাপক, তেজপুৰ বিশ্ববিদ্যালয়)

ড° গৌতম কুমাৰ বৰা

ড° গৌতম কুমাৰ বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd