গোটেই জীৱন কেৱল গানেই গালে জুবিন গাৰ্গে। প্ৰায় প্ৰতিদিনেই ৰেকৰ্ডিং, প্ৰায় প্ৰতিদিনেই সংগীতানুষ্ঠান। অক্লান্তভাবে গান গাই গৈছিল জুবিন গাৰ্গে। জুবিন আছিল অসমৰ সৰ্বকালৰ সৰ্ব জনপ্ৰিয় কন্ঠশিল্পী। ইমানৰ পিছতো জুবিন গাৰ্গ ধনী হ’ব পৰা নাছিল। নিজাকৈ এটা ঘৰ সজাৰ বাবেও আনৰ ওচৰত হাত পাতিবলগা হৈছিল জুবিন গাৰ্গে।
শেহতীয়াকৈ জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰত্যক্ষদৰ্শী তথা জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰ গোস্বামীয়ে উত্থাপন কৰিছে বিস্ফোৰক অভিযোগ।
শেখৰ গোস্বামীৰ মতে, অসমৰ আটাইটকৈ ধনী শিল্পী নাছিল জুবিন গাৰ্গ। ঘৰ বনাবলৈও বেলেগৰ পৰাহে ধন বিচাৰিছিল জুবিন গাৰ্গে। কাৰ পকেটলৈ গৈছিল জুবিন গাৰ্গৰ কষ্টোপাৰ্জিত ধন?
কেৱল এয়াই নহয়, মৃত্যুৰ পিছত জুবিন গাৰ্গ ফোনটোও মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই কাঢ়ি ৰখা বুলি জনাইছে শেখৰ গোস্বামীয়ে।
আনহাতে, সামাজিক মাধ্যম চৰ্চা চলিছে যে জুবিন গাৰ্গৰ কষ্টোপাৰ্জিত ধনৰ বৃহৎ অংশ গৈছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ পকেটলৈ। সেই ধনেৰে সিদ্ধাৰ্থ শৰ্মাই বিলাসী হোটেল খোলাৰ লগতে বিলাসী ফ্লেট ক্ৰয় কৰিছিল।





