কোটিপতি আছিল সদ্যপ্ৰয়াত গণশিল্পী জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। দুহেজাৰ চৈধ্য চনৰ পৰা জুবিন গাৰ্গৰ ব্যৱস্থাপনাৰ দায়িত্বত আছিল সিদ্ধাৰ্থ শর্মা। জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে পোহৰলৈ আহিছে জুবিন গাৰ্গ মেনেজাৰ সিদ্ধাৰ্থৰ সম্পত্তিৰ তালিকা।
গুৱাহাটী মহানগৰীৰ লখৰাত বহু কোটিটকীয়া হোটেল ৰয়েল হেৰিটেজৰ গৰাকী সিদ্ধাৰ্থ শর্মা। জানিব পৰা অনুসৰি ছয়গাঁৱত কেইবা কোটি টকীয়া পানীৰ কোম্পানী আছে সিদ্ধাৰ্থৰ। গুৱাহাটীৰ বেলতলাত কেইবা কোটি টকীয়া প্ৰকাণ্ড বিলাসী ফ্লেটো আছে শৰ্মাৰ।
কেৱল এয়াই নহয়, গুহাৱাটীৰ দাতালপৰাতো বিলাসী ফ্লেট আছে মাৰোৱাৰী সিদ্ধাৰ্থ শর্মাৰ। গুৱাহাটী জু-ৰোডত মিউজিক মেনেজমেণ্টৰ কাৰ্যালয় আছে সিদ্ধাৰ্থ শর্মাৰ। দুহেজাৰ তেইছ চনৰ পৰা মিউজিক মেনেজমেণ্টৰ মুখ্য পৰিচালক এইজন সিদ্ধাৰ্থ শর্মা। বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ সুৰঞ্জন দত্তই সামাজিক মাধ্যমত প্ৰকাশ কৰিছে এই তথ্য। এতিয়া বহুতে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গ আৰু তেওঁৰ পৰিয়ালক অন্ধকাৰত ৰাখি এই সম্পত্তিৰ পাহাৰ গঢ়িছিল নেকি বুলি সৰৱ চৰ্চা চলিছে।
উল্লেখ্য যে, জুবিনৰ মৃত্যুৰ পাছতে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ বিৰুদ্ধে জুবিনৰ মৃত্যু প্ৰসংগত ৪৫খন এজাহাৰ দাখিল কৰা হৈছে। উল্লেখ্য যে এতিয়াও অসমলৈ অহা নাই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা।





