জুবিন গাৰ্গৰ পুনৰ মৰণোত্তৰ পৰীক্ষা আৰু জুবিন গাৰ্গৰ শেষকৃত্যক লৈ আজি আবেলি দিয়া সংবাদমেলত বহুকেইটা গুৰুত্বপূৰ্ণ কথা ক’লে মুখ্যমন্ত্ৰীয়ে। আনফালে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জুবিনৰ পুনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে অসমজুৰি কৰা অনুৰোধৰ পাছতে ৰাজ্য চৰকাৰে ল’লে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
মুখ্যমন্ত্ৰীয়ে সংবাদমেলত কয় যে ‘‘ ছিংগাৰপুৰ নিৰপেক্ষ দেশ হিচাপে প্ৰথমে মৰণোত্তৰ পৰীক্ষা কৰিব নালাগে বুলি দাবী কৰিছিল৷ কিন্তু এতিয়া নতুনকৈ মৰণোত্তৰ পৰীক্ষাৰ দাবী উঠিছে। ৰাইজৰ দাবী আছিল মৰমৰ শিল্পীজনক মৰণোত্তৰ কৰি শৰীৰটোৰ কটা মেলা কৰিব নালাগে৷ কিন্তু আজি পুৱাৰে পৰা পুনৰ মৰণোত্তৰ পৰীক্ষাৰ দাবী উঠিছে। পুনৰ মৰণোত্তৰ পৰীক্ষা কৰা হ’ব শিল্পী জুবিন গাৰ্গৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত কৰা হ’ব মৰণোত্তৰ পৰীক্ষা।’’
মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ পুৱা ৭:৩০ বজাত নতুনকৈ আৰু এবাৰ মৰণোত্তৰ পৰীক্ষা কৰা হ’ব ৷ এই প্ৰক্ৰিয়াত এক-ডেৰ ঘণ্টা লাগিব। গৰিমা শইকীয়া গাৰ্গে মৰণোত্তৰ পৰীক্ষাৰ বাবে সন্মতি জনাইছে। মৰণোত্তৰ পৰীক্ষাত GMCHৰ চিকিৎসকৰ লগতে থাকিব সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ চিকিৎসক।’’
আনফালে জুবিন গাৰ্গৰ মুখাগ্নি প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘মুখাগ্নি কোনে কৰিব পুৱাহে গম পোৱা যাব৷ কিন্ত দেউতাক বহু অসুস্থ।’’





