অসমীয়া ভাষাত দুৰ্বল সঞ্জীৱ নাৰায়ণে সংবাদ মাধ্যমৰ প্ৰশ্নত বিব্ৰত হৈ পৰাৰ সন্দেহত কাষত বহুৱাই ল’লে মৃদুভাষী সাংবাদিক-সম্পাদক প্ৰশান্ত ৰাজগুৰুক! এই অভিযোগ আমাৰ নহয়, এই দাবী একাংশ দায়বদ্ধশীল অসমীয়াৰ। শেহতীয়াকৈ অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছত বিতৰ্কত সোমাই পৰিছে উদ্যোগী সঞ্জীৱ নাৰায়ণ।
কালি অৰ্থাৎ ২৩ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ অন্ত্যোষ্টিক্ৰিয়া সমাপন হোৱাৰ পাছত আজি সঞ্জীৱ নাৰায়ণে প্ৰথমে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল দিয়াৰ কথা আছিল যদিও পাছত প্ৰাগ নিউজৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰিছিল। আৰক্ষীৰ বাধাৰ বাবে সঞ্জীৱ নাৰায়ণে সংবাদমেলৰ স্থান সলনি কৰিছিল বুলি জানিব পৰা গৈছে। ইতিমধ্যে প্ৰাগ নিউজৰ চিএমডি সঞ্জীৱ নাৰায়ণৰ বিৰুদ্ধে বীৰ লাচিত সেনাই উলুবাৰীস্থিত কাৰ্যালয়ৰ বাহিৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। কিছুদিন আগতে বঙাইগাঁৱত জাতীয় যুৱ বাহিনীয়ে সঞ্জীৱ নাৰায়ণ আৰু আনসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল আৰু আজি পুনৰ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি দিছপুৰ থানাত এজাহাৰ দাখিল কৰে বীৰ লাচিত সেনাই। শ্যামকাণু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী, সঞ্জীৱ নাৰায়ণৰ বিৰুদ্ধে দিশপুৰ থানাত এই এজাহাৰ দাখিল কৰা হয়।
ইপিনে আজি সংবাদমেলত সঞ্জীৱ নাৰায়ণে কয় যে, ‘ছিংগাপুৰত ১৮ ছেপ্তেম্বৰৰ পাৰ্টিত মই উপস্থিত নাছিলো। জুবিন গাৰ্গৰ সৈতে য়াট পার্টিলৈ মই যোৱা নাছিলো। স্কুবা ড্রাইভিঙত জুবিনৰ মৃত্যু হোৱা খবৰটো ময়েই গুৱাহাটীলৈ প্রথম দিছিলো। তেতিয়ালৈকে মই একো কথা সঠিককৈ গ’ম পোৱা নাছিলো।’





