সোণাপুৰৰ কমাৰকুছিত মঙলবাৰে শেষকৃত্য সম্পন্ন কৰা হয় প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ। পৰিয়ালৰ আৰু জাতীয় দল-সংগঠনৰ সৈতে আলোচনামৰ্মে ৰাজ্য চৰকাৰে সোণাপুৰত জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।
তাৰ পূৰ্বে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া যোৰহাটত সম্পন্ন কৰাৰ দাবী জনাইছিল একাংশ লোকে। কিন্তু পৰিয়ালৰ কথা মতেই যোৰহাটলৈ নিয়াৰ পৰিৱৰ্তে সোণাপুৰতে সম্পন্ন কৰা হয় অন্ত্যোষ্টিক্ৰিয়া। কিন্তু যোৰহাটৰ ৰাইজৰ আবেগক সন্মান জনাই জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ যোৰহাটত সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে।
কিন্তু যোৰহাটৰ ক’ত সম্পন্ন কৰা হ’ব জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ? খবৰ অনুসৰি, জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ যোৰহাট ষ্টেডিয়ামত কৰাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা আৰু সিদ্ধাংকু অংকুৰ বৰুৱাক দায়িত্ব প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে। লগতে থাকিব মন্ত্ৰী বিমল বৰা।
ছৌব্বিছ ছেপ্টেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা আৰু সিদ্ধাংকু অংকুৰ বৰুৱাই যোৰহাটলৈ গৈ জুবিন গাৰ্গৰ আত্মীয়ৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰিব। সেইমৰ্মেই জুবিনৰ আদ্যশ্ৰাদ্ধৰ স্থান নিৰ্ধাৰণ কৰা হ’ব।





