কায়িকভাৱে জুবিন গাৰ্গে আমাৰ মাজৰ পৰা মেলানি মগাৰ পাছত এতিয়া পোহৰলৈ আহি আছে বহু তথ্য। আনক সহায় কৰি ভাল পোৱা জুবিনে এটা ঘৰ কিনাৰ মন কৰিছিল যদিও টকাৰ অভাৱৰ বাবেই সেই ইচ্ছা পূৰণ কৰিব পৰা নাছিল।
শেহতীয়াকৈ পোহৰলৈ অহা স্ক্ৰীণশ্বট আৰু আনুষংগিক তথ্য অনুসৰি, খাৰঘূলিতে ঘৰ এটা কিনিবলৈ প্ৰচণ্ড মন কৰিছিল জুবিন গাৰ্গে। নিজৰ হাতত টকা নথকা বাবেই মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক ৫ কোটি টকাৰ কথা কৈছিল জুবিনে। কিন্তু সিদ্ধাৰ্থই টকা নাই বুলি জনাইছিল জুবিন গাৰ্গক।
যাৰ বাবে দুখত ভাঙি পৰিছিল জুবিন গাৰ্গ। খঙতে নিজৰ ম’বাইল ফোনটো দলিয়াই ভাঙিছিল আৰু বহু পৰ কান্দিছিল জুবিনে।
ইয়াৰ পৰা প্ৰতীয়মান হয় যে, আনক সহায় কৰি ভাল পোৱা জুবিন গাৰ্গৰ হাতত ঘৰ এটা কিনাৰ বাবেও টকা নাছিল! ৩০ বছৰীয়া ঈৰ্ষণীয় সাংগীতিক কেৰিয়াৰত জুবিনে অৰ্জন কৰা টকা তেন্তে ক’লৈ গ’ল? জুবিন গাৰ্গে অৰ্জন কৰা টকা জুবিনৰ হাতলৈ গৈছিলনে আন কোনো পক্ষৰ হাতলৈ গৈছিল? সেয়াও এতিয়াও এক ডাঙৰ সাঁথৰ।





