ভুৱা নম্বৰ প্লেট থকা বিলাসী গাড়ী। একাধিক মহিলাক নিৰ্যাতনৰ অভিযোগ। সংসাৰ ত্যাগ কৰা সন্ন্যাসী। তিনিটা কথাই একেবাৰে মিল নাখায় নহয়নে? কিন্তু এনে এক অভাৱনীয় ঘটনাক লৈ উত্তাল হৈ পৰিছে দিল্লীৰ বসন্ত কুঞ্জ অঞ্চলত থকা এখন আশ্ৰম। আশ্ৰমৰ মহাৰাজ চৈতন্যনন্দ সৰস্বতীৰ বিৰুদ্ধে একাধিক মহিলাক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।
ইতিমধ্যে ১৫ গৰাকীতকৈও অধিক মহিলাই তেওঁৰ বিৰুদ্ধে আনুষ্ঠানিক অভিযোগ দাখিল কৰিছে। পৰিস্থিতি উত্তপ্ত হোৱাৰ লগে লগে শ্ৰীংগেৰী মঠৰ ফলাৰ পৰা তেওঁক অপসাৰণ কৰা হৈছে। বৰ্তমান তেওঁ পলাতক। দিল্লী আৰক্ষীয়ে জনোৱা মতে, শেষবাৰৰ বাবে আগ্ৰাত তেওঁৰ অৱস্থান ধৰা পেলোৱা হৈছিল।
স্বামী চৈতন্যনন্দ সৰস্বতীক পাৰ্থসাৰথি নামেৰেও জনা গৈছিল। ইয়াৰ পূৰ্বে তেওঁৰ নাম একাধিক অপৰাধমূলক অভিযোগৰ সৈতে জড়িত আছিল। ২০০৯ চনত ডিফেন্স কলনী এলেকাত তেওঁৰ বিৰুদ্ধে প্ৰতাৰণা আৰু নিৰ্যাতনৰ গোচৰ ৰুজু হৈছিল। পুনৰ ২০১৬ চনত বসন্ত কুঞ্জৰ এগৰাকী মহিলাই তেওঁৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ দাখিল কৰে।
এই ঘটনাত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। তদন্তৰ সময়ত আৰক্ষীয়ে চৈতন্যনন্দ স্বামীৰ বিলাসী ভলভো এছ ৬০ গাড়ীখন জব্দ কৰিছে। চিকচিকিয়া এই ৰঙা গাড়ীখনৰ বজাৰ মূল্য প্ৰায় ৫০-৬০ লাখ টকা। কেৱল সেয়াই নহয়, গাড়ীখনত ৰাষ্ট্ৰসংঘৰ (UN) ভুৱা নম্বৰ প্লেট লগোৱা আছিল।
আশ্ৰম কৰ্তৃপক্ষই এক বিবৃতিত কয় যে স্বামী চৈতন্যনন্দ সৰস্বতী অবৈধ আৰু অনৈতিক কামত জড়িত। সেয়ে তেওঁৰ সৈতে সকলো সম্পৰ্ক বিচ্ছিন্ন কৰা হৈছে। ইয়াৰ উপৰিও তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰা হৈছে।
অভিযোগকাৰীসকলে ‘শ্ৰী সাৰাদা ইনষ্টিটিউট অৱ ইণ্ডিয়ান মেনেজমেণ্ট’ত ই ডব্লিউ এছ বৃত্তিৰে পি জি ডি এম পাঠ্যক্ৰম কৰি আছে। অভিযুক্ত সন্ন্যাসীজন সেই প্ৰতিষ্ঠানৰ পৰিচালক আছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি মুঠ ৩২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ভাষ্য প্ৰদান কৰিছে। ইয়াৰে ১৭ গৰাকীয়ে পোনপটীয়াকৈ অভিযোগ কৰিছে। তেওঁলোকে দাবী কৰে যে চৈতন্যনন্দ স্বামীয়ে আগতে অশ্লীল ভাষা ব্যৱহাৰ কৰিছিল। তেওঁ হোৱাটছএপ আৰু এছএমএছত অশ্লীল বাৰ্তা প্ৰেৰণ কৰিছিল। অবাঞ্চিত স্পৰ্শৰ অভিযোগো উত্থাপন কৰিছে।
এই কুকৰ্মত চৈতন্যনন্দ স্বামীক আগতে তিনিগৰাকী মহিলা শিক্ষয়িত্ৰী আৰু শিক্ষানুষ্ঠানৰ এডমিনে সহায় কৰিছিল বুলি ছাত্ৰীসকলৰ অভিযোগ। অভিযোগ অনুসৰি বহু ছাত্ৰীয়ে তেওঁলোকৰ হেঁচাত স্বামী চৈতন্যনন্দৰ অনৈতিক দাবী পূৰণ কৰিবলৈ বাধ্য হৈছিল। আৰক্ষীয়ে তেওঁলোকৰ জেৰা অব্যাহত ৰাখিছে। তদন্তকাৰীৰ মতে, সন্ন্যাসীজনক গ্ৰেপ্তাৰ নকৰালৈকে এই তিনিজনৰ সঠিক ভূমিকা স্পষ্ট নহ’ব।
ইপিনে, ঘটনাৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰা হৈছে। আৰক্ষীয়ে আশ্ৰম আৰু অভিযুক্তৰ একাধিক ঠিকনাত অভিযান চলাইছে। একাধিক হাৰ্ড ডিস্ক আৰু ভিডিঅ’ ৰেকৰ্ডাৰ উদ্ধাৰ কৰা হৈছে। ইতিমধ্যে সেইবোৰ ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।





