নিজৰ স্থিতিক লৈ অলৰ-অচৰ জুবিন গাৰ্গৰ অনুৰাগীসমাজ। দাবী মাত্ৰ এটাই- জুবিন গাৰ্গৰ মৃত্যুৰ নিৰপেক্ষ আৰু ক্ষীপ্ৰ তদন্ত হওক। জুবিনৰ অনুৰাগীসকলে যোৱা ১৯ ছেপ্টেম্বৰৰ পৰা শিল্পীজনৰ ন্যায়ৰ দাবীত ৰাজ্যত এক আপোচবিহীন আন্দোলন আৰম্ভ কৰিছে। কোনো দল,সংগঠনৰ বেনাৰ অবিহনে জুবিনৰ সত্বা আৰু সুৰৰ প্ৰেমীসকলে মুখ্যমন্ত্ৰী, আৰক্ষী, চিআইডি সকলোকে মন্থৰ গতিৰ তদন্ত প্ৰক্ৰিয়াৰ বাবে ক্ষুৰধাৰ সমালোচনা কৰিছে। কিন্তু ৰাজ্যজুৰি এনে এক ব্যাপক প্ৰতিবাদ চলি থকাৰ মাজতে কাইলৈ সদৌ অসম ছাত্ৰ সন্থাই ঘোষণা কৰিছে মৌন প্ৰতিবাদ। জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি কালিলৈ সন্ধিয়া অসমৰ প্ৰতিখন জিলা সদৰত সদৌ অসম ছাত্ৰ সন্থাই মম লৈ সমদল কাৰ্যসূচী ৰূপায়ণ কৰিব।
কিন্তু হঠাৎ কি ৰহস্যজনক কাৰণত পৃথকে আন্দোলনৰ ঘোষণা কৰিলে আছুৱে? তাক লৈ ৰাজ্যৰ সচেতন নাগৰিক সমাজৰ মাজত বহু প্ৰশ্নৰ উদয় হৈছে। একাংশই দাবী কৰিছে যে, বৰ্তমান সময়ত বাধহীনভাৱে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে কৰিবলগীয়া যুজঁখন অনুৰাগী সমাজে ৰাজপথ বা সামাজিক মাধ্যম সকলোতে আগবঢ়াই লৈ গৈছে। তেনে সময়ত আছুৱে পৃথকে আন্দোলন কৰাৰ প্ৰয়োজনীয়তা ক’ত। বহুতে এইক্ষেত্ৰত অসমত চলা কা-আন্দোলনক ৰাজপথৰ আন্দোলনৰ পৰা খেলপথাৰৰ আন্দোলনলৈ পৰ্যবসিত কৰাৰ অভিযোগক সোঁৱৰণ কৰে।
আন একাংশৰ অভিযোগ অনুসৰি বৰ্তমান জুবিন গাৰ্গৰ তদন্ত লেহেমীয়া হোৱাৰ বাবে বিজেপি দলৰ প্ৰতিচ্ছৱি জনমানসত কিছু ধূসৰ হৈ পৰিছে। যাৰ ফলত দলটোৰ ‘ইমেজ’ জুবিন অনুৰাগীৰ মাজত মলিন হৈছে। কিন্তু আছুৰ বিৰুদ্ধে শাসকীয় দলৰ সৈতে থকা মিতিৰালিৰ কথিত অভিযোগৰ বাবে জাতীয় সংগঠনটোক সহজে ল’ব পৰা নাই সচেতন নাগৰিক সমাজে।




