• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্যামকানু মহন্তৰ বাবে জুবিন আছিল কেৱল পণ্য : ভতিজী সৃজনীৰ বিস্ফোৰক ফেচবুক পোষ্ট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 25, 2025 7:41 pm
81
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্যামকানু মহন্তক গ্ৰেপ্তাৰৰ দাবী সমগ্ৰ অসমত প্ৰতিবাদ চলি থকাৰ মাজতে শ্যামকানু মহন্তৰ ভতিজী তথা প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ জীয়ৰী সৃজনী ভাস্ব মহন্তৰ এটা ফেচবুক পোষ্টে জোকাৰিছে ৰাজ্য। দীঘলীয়া ফেচবুক পোষ্টটোৰ এঠাইত সৃজনী ভাস্ব মহন্তই লিখিছে – “বহু বছৰৰ আগৰ কথা, এটা ঘৰুৱা পৰিৱেশত জুবিন গাৰ্গৰ বিষয়ে আলোচনা হৈ আছিল। এজনে ক’লে, “জুবিনে নিজৰ স্বাস্থ্যৰ যত্ন নলয়, কিয়যে ইমান মদ খায়!” ফেষ্টিভেল মহন্তৰ উত্তৰৰ মই প্ৰতক্ষদৰ্শী আছিলো – “বাদ দিয়া, মোৰ কি আহে-যায়, জুবিন মোৰ কাৰণে মাত্ৰ এটা commodity (পণ্য সামগ্ৰী)।” সেই একেটা মানুহে আকৌ শেহতীয়াকৈ কোনো অনুষ্ঠানত কয় জুবিন তেওঁৰ “ৰাজহাড়”, জুবিন তেওঁৰ “আত্মা”।”

তলত উক্ত ফেচবুক পোষ্টটো হুবহু তুলি ধৰা হ’ল –

Apply Now

জুবিনদা অসমৰ জাতীয় জীৱন আৰু প্ৰত্যেক অসমীয়াৰ ব্যক্তিগত জীৱনৰ বাবে কি আছিল, কি হৈ ৰ’ব চিৰদিন, তাৰ বিশালতাক কেইটামান শব্দত কেতিয়াও সামৰিব নোৱাৰি, শিৰাই-শিৰাই মাথোঁ অনুভৱহে কৰিব পাৰি। তেওঁৰ কৰ্ম আৰু জীৱনশৈলীৰে এগৰাকী সম্পূৰ্ণ মানুহ হোৱাৰ অৰ্থ আমাক সকলোকে বুজাই থৈ গ’ল। যোৱা এসপ্তাহ ধৰি মোলৈ ঢেৰ মেছেজ আহি আছে মোক শুধি যে মই কিয় একো এটা লিখা নাই, কোৱা নাই জুবিনদাৰ মৃত্যুকলৈ। আজিও একো নিলিখিলো হয়, কাৰণ সকলো মানুহে নিজ-নিজ ধৰণেৰে শোকৰ লগত মোকাবিলা কৰে। কিন্তু কিছুমান কথাৰ কাৰণে লিখিবলৈ বাধ্য হৈছো।

মোৰ কামক বা চিন্তাধাৰাক আপোনালোকে যেনেদৰে সমালোচনা কৰে, গালিও পাৰে মাজে-মাজে, মোৰ ভাল লাগে, নিজকে সৌভাগ্যশালী বুলি ভাবো। কিন্তু আজিৰ প্ৰেক্ষাপটত শ্যামকাণু মহন্ত ওৰফে ফেষ্টিভেল মহন্তৰ কৰ্মকাণ্ডৰ লগত বহুতে মোকো সাঙুৰি লোৱা দেখিবলৈ পাইছো। এইটোহে মোৰ বাবে গ্ৰহণযোগ্য নহয়। জন্মসূত্ৰে মই এটা পৰিয়ালৰ সদস্য। তেজৰ সম্পৰ্কৰ বাহিৰে ফেষ্টিভেল মহন্তৰ লগত মোৰ আন কোনো সম্পৰ্ক নাই। বহুত বছৰ ধৰি কোনো ধৰণৰ কথা-বতৰাও নাই উল্লিখিত ব্যক্তিজনৰ লগত। যিসকল লোকে মোক ব্যক্তিগতভাৱে চিনি পায়, তেওঁলোকে জানে আমাৰ মতাদৰ্শ আৰু জীৱন-যাপন কিমান পৃথক। তেওঁ মোৰ বিভিন্ন ৰাজনৈতিক আৰু সাংস্কৃতিক উক্তিৰ বিৰুদ্ধে কেইবাবাৰো সামাজিক মাধ্যমত স্পষ্টীকৰণ লিখি ঘোষণা কৰিছে যে তেওঁ আৰু তেওঁৰ আন ভাইকেইজনৰ লগত মোৰ কোনো সম্পৰ্ক নাই।

বহু বছৰৰ আগৰ কথা, এটা ঘৰুৱা পৰিৱেশত জুবিন গাৰ্গৰ বিষয়ে আলোচনা হৈ আছিল। এজনে ক’লে, “জুবিনে নিজৰ স্বাস্থ্যৰ যত্ন নলয়, কিয়যে ইমান মদ খায়!” ফেষ্টিভেল মহন্তৰ উত্তৰৰ মই প্ৰতক্ষদৰ্শী আছিলো – “বাদ দিয়া, মোৰ কি আহে-যায়, জুবিন মোৰ কাৰণে মাত্ৰ এটা commodity (পণ্য সামগ্ৰী)।” সেই একেটা মানুহে আকৌ শেহতীয়াকৈ কোনো অনুষ্ঠানত কয় জুবিন তেওঁৰ “ৰাজহাড়”, জুবিন তেওঁৰ “আত্মা”। ঘৃণা উপজে। জুবিনদাৰ জীৱনকলৈ খেলা কৰা প্ৰত্যেকটো প্ৰাণী জাহান্নামে যাওঁক। কঠোৰতম তদন্ত আৰু শাস্তি হওঁক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd