আজি ঘোষণা কৰা হৈছে বিটিআৰৰ নিৰ্বাচনৰ ফলাফল।
এই মুহূৰ্তলৈকে আগবাঢ়ি আছে হাগ্ৰামা মহিলাৰী নেতৃতাধীন বিপিএফ।
সন্ধিয়া ৬ বজালৈকে ২০ খন আসনত আগবাঢ়ি বিপিএফ দল।
৯ খন আসনত অগ্ৰগতি লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে।
১১ খন আসনত আগবাঢ়ি আছে প্ৰমোদ বড়োৰ দল ইউ পি পি এল-এ।
ইতিমধ্যেই বিপিএফৰ জয় নিশ্চিত হৈছে বুলি দাবী কৰিছে বড়োলেণ্ডৰ নাগৰিকসকলে।





