এটাতকৈ অধিক ভোটাৰ তালিকাত নাম থকা প্ৰাৰ্থীক পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অনুমতি দিয়াৰ বাবে উচ্চতম ন্যায়ালয়ৰ ৰোষৰ সন্মুখীন হৈছে উত্তৰাখণ্ড ৰাজ্যিক নিৰ্বাচন আয়োগ।
ভোটাৰ তালিকাত দুবাৰকৈ নাম থকাৰ পাছতো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অনুমতি দিয়া বিজ্ঞপ্তি বাতিল কৰিছিল উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে। উত্তৰাখণ্ড ৰাজ্যিক নিৰ্বাচন আয়োগে সেই ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। কিন্তু তাতো তেওঁলোক হতাশ হ’বলগীয়া হ’ল।
উত্তৰাখণ্ড ৰাজ্যিক নিৰ্বাচন আয়োগে দাখিল কৰা আবেদন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ৰ ৰায় বাহাল ৰখাৰ লগতে উচ্চতম ন্যায়ালয়ে উত্তৰাখণ্ড নিৰ্বাচনী পেনেলক দুই লাখ টকাৰ জৰিমনাও বিহিছে।
উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে ইয়াৰ পূৰ্বে উত্তৰাখণ্ড ৰাজ্যিক নিৰ্বাচন আয়োগৰ শপতনামা উত্তৰাখণ্ড পঞ্চায়ত ৰাজ আইন ২০১৬ৰ পৰিপন্থী বুলি ৰায় দিছিল। এই আইনত স্পষ্ট কৰি কোৱা আছে যে এজন ব্যক্তি একেসময়তে একাধিক স্থানত ভোটাৰ হিচাপে অন্তৰ্ভুক্ত হ’ব নোৱাৰে।
কিন্তু আয়োগৰ এই নিৰ্দেশত এনে প্ৰাৰ্থীক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অনুমতি দিয়াৰ ফলত উত্তৰাখণ্ড ৰাজ্যিক নিৰ্বাচন আয়োগে আইনী প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়।
উচ্চ ন্যায়ালয়ৰ ৰায়ক সমৰ্থন কৰি উচ্চতম ন্যায়ালয়ে ৰাজ্যিক নিৰ্বাচন আয়োগৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে, “আপোনালোকে আইনৰ বিধানৰ বিৰুদ্ধে কেনেকৈ সিদ্ধান্ত ল’ব পাৰে?”
এই ৰায়দানৰ লগে লগে কংগ্ৰেছে বিজেপি আৰু নিৰ্বাচন আয়োগৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়। কংগ্ৰেছে অভিযোগ কৰে যে, “উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তই দেখুৱাইছে যে নিৰ্বাচন আয়োগে বিজেপিৰ সৈতে গোপন বুজাবুজি কৰি সমগ্ৰ দেশতে ভোট চুৰি কৰি গণতন্ত্ৰক আঘাত কৰিছে।”





