বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি যোৰহাটত সাংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। তেওঁ অভিযোগ কৰে যে জনপ্ৰিয় গায়ক জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ লুৰীণজ্যোতি গগৈৰ দৰে নেতাসকলে ৰাজনীতি কৰিছে। এই অভিযোগে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশত নতুন বিতৰ্কৰ সৃষ্টি কৰিছে, যিহেতু জুবিনৰ মৃত্যুৰ তদন্তত অসম চৰকাৰ ভূমিকাক লৈ ৰাজ্য জুৰি তীব্ৰ সমালোচনাৰ ঢৌ উঠিছে।
পবিত্ৰ মাৰ্ঘেৰিটাই কয়, “জুবিনৰ মৃতদেহ ছিংগাপুৰৰ পৰা অসমলৈ অনাক লৈ মিছা মাতিছে লুৰীণজ্যোতি গগৈয়ে। একাংশ প্ৰবাসী অসমীয়া লোকেহে ধন যোগাৰ কৰি নশ্বৰদেহ অসমলৈ প্ৰেৰণ কৰা বুলি দাবী কৰিছিল লুৰীণে।” তেওঁ লগতে কয় যে প্ৰকৃততে ভাৰতীয় দূতাবাসে সমস্ত খৰচ বহন কৰিছে আৰু মৃতদেহ অসমলৈ অনাত ৭,৩৫৬ ছিংগাপুৰ ডলাৰ খৰচ হৈছে। এই ধন অসম চৰকাৰে দূতাবাসক পৰিশোধ কৰিব বুলিও তেওঁ উল্লেখ কৰে।
ইফালে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত সমগ্ৰ ৰাজ্য শোক বিহ্বল হৈ পৰাৰ লগতে সৃষ্টি ৰাজনৈতিক বা্ক-বিতণ্ডাৰো। লুৰীণজ্যোতি গগৈয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰি জুবিনৰ মৃত্যুৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত অনুসন্ধানৰ দাবী কৰাৰ লগতে প্ৰধানমন্ত্ৰীলৈও পত্ৰ প্ৰেৰণ কৰিছে। অৱশ্যে মাৰ্ঘেৰিটাই সংবাদ মাধ্যমৰ আগত লুৰীণজ্যোতি গগৈৰ সন্দৰ্ভত কৰা মন্তব্যই এই বিতৰ্কক অধিক তীব্ৰতৰ কৰি তুলিছে।





