জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই ২০২৬ চনৰ ৰঙালী বিহু অনুষ্ঠানৰ কাৰ্যসূচী বাতিল কৰিছে বেলতলা বিহু সমিতিয়ে।
উল্লেখ্য যে বেলতলা বিহু সমিতিয়ে বহু বছৰ ধৰি ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠান পালন কৰি আহিছে।
বুধবাৰে বেলতলা বিহু সমিতিৰ উদ্যোগত জুবিন গাৰ্গৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে আদ্য শ্ৰাদ্ধও পালন কৰা হয়।
উল্লেখ্য যে ভূপেন হাজৰিকাই এসময়ত বেলতলাৰ বিহুতেই জুবিন গাৰ্গক সম্বৰ্ধনা জনাইছিল আৰু সেই মঞ্চতে জুবিন গাৰ্গেও প্ৰতি বছৰে বিহুৰ অনুষ্ঠান পৰিৱেশন কৰি আহিছে।
ইয়াৰ উপৰিও জুবিন গাৰ্গৰ অকাল মৃত্যুৰ তদন্ত বিচাৰি অতি সোনকালে এজাহাৰ দাখিল কৰাৰ পৰিকল্পনা ঘোষণা কৰিছে বেলতলা বিহু সমিতিয়ে।





