গোৱালপাৰা জিলা বালাজানাত থকা সেনা শিৱিৰৰ উদ্যোগত শনিবাৰে মাৰ্কাজ ডাৰুল য়াটামা (অনাথ গৃহ)ত অনাথসকলৰ বাবে পৱিত্ৰ ৰমজান মাহ উপলক্ষে এটা ইফতাৰ পাৰ্টিৰ আয়োজন কৰে।
অনাথসকলৰ লগতে স্থানীয় লোক, শীৰ্ষ প্ৰশাসনিক বিষয়া, আৰক্ষী বিষয়া আৰু সেনা বিষয়াকে ধৰি মিলি প্ৰায় ৭০০ লোক ইফতাৰ পাৰ্টিত উপস্থিত থাকে।
সমাজৰ সকলো শ্ৰেণীৰ প্ৰতিনিধিয়ে সেনাই আয়োজন কৰা ইফতাৰ পাৰ্টি গোৱালপাৰাত ভাতৃত্ববোধ, শান্তি আৰু সম্প্ৰীতিৰ এনাজৰী বৃদ্ধি কৰাত এক গুৰুত্বপূৰ্ণ প্ৰয়াস বুলি ব্যক্ত কৰিছে।
বালিজানাৰ সেনা শিৱিৰৰ কমাণ্ডিং অফিচাৰ কৰ্ণেল বিৱেক ভাটে উপস্থিত সকলোকে তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু লগতে ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় যে ৰমাজানৰ পৱিত্ৰ মাহত একতা, সুখ আৰু এক ভাতৃত্ববোধৰ অনুভৱ জাগ্ৰত হওঁক যাতে ইয়ে শান্তি তথা সমৃদ্ধিৰ পথ মুকলি কৰে।
স্থানীয় লোক আৰু অনাথসকলৰ উপৰি ইফতাৰ পাৰ্টিত উপস্থিত থাকে অনাথালয়ৰ সৈতে ঘনিষ্ঠভাৱে জড়িত পশ্চিম বিলাসীপাৰাৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমী, পূব গোৱালপাৰাৰ বিধায়ক এ কে ৰছিদ আলম, গোৱালপাৰাৰ অতিৰিক্ত উপাযুক্ত ওমৰ শ্বৰিফ, গোৱালপাৰাৰ নিৰ্বাচনী বিষয়া চন্দন বৰগোঁহাই, গোৱালপাৰাৰ আৰক্ষী বিষয়া নৱনীত মহন্ত, গোৱালপাৰাৰ উপ আৰক্ষী অধীক্ষক (সীমান্ত আৰু মুখ্য কাৰ্যালয়) আনোৱাৰ হুছেইন আৰু গোৱালপাৰা পৌৰ প্ৰশাসন পৰিষদৰ কাৰ্যবাহী বিষয়া বৰ্নালী দাস।
তদুপৰি, মাটিয়া আৰু বালিজানাৰ চক্ৰ বিষয়া, গোৱালপাৰা পৌৰ পৰিষদৰ অধ্যক্ষ, গোৱালপাৰা প্ৰেছ ক্লাৱৰ সভাপতি আৰু আন কেইবাগৰাকীয়ো বিশিষ্ট ব্যক্তি ইফতাৰ পাৰ্টিত উপস্থিত থাকে।
সেনাই উপস্থিত সকলোকে ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰা তথা সহযোগ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু অদূৰ ভৱিষ্যতেও এনেধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি ব্যক্ত কৰে।