ৰাজস্থানৰ এহাল আই এ এছ-আই পি এছ দম্পতী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে ৩৬টা ভিলা ক্ৰয় কৰাৰ অভিযোগৰ ৰাজস্থানৰ দুৰ্নীতি নিবাৰক ব্যুৰোৱে তদন্ত আৰম্ভ কৰিছে।
অভিযোগ অনুসৰি উদয়পুৰ আৰু আলৱাৰৰ দুখন ৰিজ’ৰ্টত বজাৰ মূল্যতকৈ বহু কম মূল্যত এই ভিলাসমূহ ক্ৰয় কৰা হৈছিল। সম্পত্তিসমূহৰ মুঠ ঘোষিত ক্ৰয় মূল্য প্ৰায় ৫.৫২ কোটি টকা। একে সময়তে চৰকাৰী পদবী ব্যৱহাৰ কৰি ব্যক্তিগত কোম্পানী এটাক বিশেষ সুবিধা দিয়াৰ অভিযোগৰ তদন্তও অব্যাহত ৰাখিছে তদন্তকাৰী সংস্থাটোৱে।
অভিযুক্ত আই এ এছ বিষয়াজনৰ নাম শিখৰ আগৰৱালা। পত্নী প্ৰশাখা মাথুৰো এগৰাকী আই পি এছ বিষয়া। ২০২৬ চনৰ মাৰ্চ মাহত উদয়পুৰৰ বুজৰাৰ অনন্ত ৰিজৰ্টত ২০ টা ভিলা ক্ৰয় কৰাৰ অভিযোগ উত্থাপন হৈছে। তাৰ ভিতৰত ১০ টা আগৰৱালাৰ নামত আৰু ১০ টা তেওঁৰ পত্নীৰ নামত পঞ্জীয়ন কৰা হৈছিল। প্ৰতিটো ভিলাৰ দাম আছিল প্ৰায় ১৫ লাখ টকা। অৰ্থাৎ এই ২০টা সম্পত্তিৰ মুঠ ক্ৰয় মূল্য প্ৰায় ৩ কোটি টকা।
আলৱাৰৰ আজৱাগড়ৰ অনন্ত ৰিজৰ্টত আৰু ১৬টা ভিলা ক্ৰয়ৰ তথ্য লাভ কৰিছে এচিবিয়ে। ইয়াৰে ৮টা আগৰৱাল আৰু তেওঁৰ পত্নীৰ নামত, চাৰিটা তেওঁলোকৰ দুই পুত্ৰৰ নামত আৰু বাকী চাৰিটা আগৰৱালাৰ শহুৰ-শাহুৱেকৰ নামত ক্ৰয় কৰা বুলি অভিযোগ উঠিছে। প্ৰতিটো ভিলাৰ মূল্য আছিল প্ৰায় ১৫ৰ পৰা ১৬.৫ লাখ টকা।
আগৰৱালৰ বিৰুদ্ধে অনন্ত ব্ৰেণ্ডৰ ৰিজ’ৰ্ট চলোৱা কোম্পানী গোৱাল ফেশ্বনছ প্ৰাইভেট লিমিটেডক বিশেষ সুবিধা দিয়াৰ অভিযোগ উঠিছে। ৰিজ’ৰ্ট নিৰ্মাণৰ নিয়মত শিথিলতা, প্ৰয়োজনীয় প্ৰমাণ পত্ৰ পৰীক্ষা নকৰাকৈ অনুমোদন আৰু বিশেষ বিত্তীয় পেকেজ দিয়াৰ বিষয়বোৰৰ তদন্ত চলি আছে।
উল্লেখ্য যে, ২০২৬ চনৰ ২৭ মাৰ্চত কোম্পানীটোক বিশেষ বিত্তীয় পেকেজ দিয়াৰ দিনাই উদয়পুৰৰ ২০ টা ভিলা পঞ্জীয়ন কৰা হৈছিল। বিভিন্ন চৰকাৰী পদত অধিষ্ঠিত হৈ থকাৰ সময়ত আগৰৱালে লোৱা সিদ্ধান্তবোৰৰ তদন্তও অব্যাহত আছে।





