• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জোনমণি-যোশিতা-উমৰাংছু কাণ্ডৰো তথ্য দিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাই, তেওঁ মুখ্যমন্ত্ৰী হৈ থকালৈ জুবিন গাৰ্গে লাভ নকৰে ন্যায় : গৌৰৱ গগৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 29, 2025 9:55 pm
55
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈ জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ তথ্য নাপায় অসমবাসীয়ে। আজি এখন সংবাদমেলত এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে।

এআইচিচিৰ সাধাৰণ সম্পাদক মনোজ চৌহানৰ উপস্থিতিত ৰাজীৱ ভৱনত আয়োজিত সংবাদমেলখনত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, ‘ৰাইজে এইখন চৰকাৰৰ পৰা বহু আশা কৰিছিল। ভাবিছিল যে চৰকাৰে জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ তদন্তৰ বাবে তৎপৰতা দেখুৱাব৷ কিন্তু যি বাতৰি প্ৰকাশ পাইছে আৰু মুখ্যমন্ত্ৰীৰ মুখৰ পৰা শুনি থকা কথাবোৰে প্ৰমাণ কৰে যে ঘটনাৰ তথ্য লুকুৱাব খোজা হৈছে৷ চৰকাৰে তথ্য লুকুৱাব বিচাৰিছে৷ তদন্তক অন্য ফালে ঠেলিব বিচাৰিছে৷’ মুখ্য অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ভিআইপিৰ দৰে সন্মান দিছে বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

Apply Now

‘মেনেজাৰ আৰু ইভেণ্ট অৰ্গেনাইজাৰ -এই দুয়োজন জুবিন গাৰ্গৰ ঘটনাৰ বিষয়ে আটাইতকৈ ভালকৈ জনা ব্যক্তি৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তদন্ত ইমান লাহে লাহে কৰিছে যে শ্যামকানু আৰু সিদ্ধাৰ্থক আজিলৈ আৰক্ষীক সাক্ষ্য দিবলৈ বাধ্য কৰাব পৰা নাই৷ জুবিন গাৰ্গে ছিংগাপুৰত ক’ত আছিল, কি খালে এইবোৰ কথাৰ সাক্ষ্য ল’বলৈ সক্ষম হোৱা নাই৷ শ্যামকানু আৰু সিদ্ধাৰ্থ ভিআইপি৷ মুখ্যমন্ত্ৰীয়ে তেওঁলোকক দুৰ্গা পূজা শেষ হোৱালৈ ৰৈ থাকিবলৈ কৈছে৷’ – গগৈয়ে কয়।

বাকীসকলৰ বিৰুদ্ধে তদন্ত চলি থকা সময়ত এই দুজনক পূজা খাবলৈ কিয় দিয়া হৈছে বুলিও প্ৰশ্ন কৰে গগৈয়ে। তেওঁ কয়, ‘পূজালৈ কিয় ৰৈ থাকিব লাগে৷ শেখৰজ্যোতি গোস্বামীৰ লগতে বেলেগ শিল্পীৰ বিৰুদ্ধে তদন্ত চলি আছে৷ কিন্তু এই দুজন ইমান ডাঙৰ কি ভিআইপি যে অসম আৰক্ষী, চিআইডি, এছআইটি পূজা শেষ হোৱালৈ ৰৈ থাকিব লাগিব৷ যদি পূজাই এটা কাৰণ আছিল তেন্তে সকলোকে পূজাৰ পিছত সুধিব লাগিছিল৷’

গগৈয়ে কয় যে পূজা এক অজুহাতহে। এই দুজন লোকৰ বিজেপি দলৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে বাবেহে মুখ্যমন্ত্ৰীয়ে পূজাৰ কথা কৈ দুয়োকে বচাবলৈ সময় লৈছে। ‘সিদ্ধাৰ্থ শৰ্মাৰ যোৰহাটৰ নেতাসকলৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক৷ সিদ্ধাৰ্থ শৰ্মা বিজেপি যুৱ মৰ্চাৰ সাংস্কৃতিক বিভাগৰ সদস্য বুলিও বাতৰি ওলাইছে৷ যোৰহাট বিজেপিৰ নেতাসকলে কিমান আগৰ পৰা সিদ্ধাৰ্থ শৰ্মাৰ সৈতে সম্পৰ্ক কৰি জুবিন গাৰ্গক কেনেদৰে ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিছিল সেয়া অলপ ভিতৰলৈ গৈ তদন্ত কৰিলেই ওলাই পৰিব।’ – জুবিন গাৰ্গৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ ষড়যন্ত্ৰ আগৰে পৰা চলি আহিছিল বুলিও অভিযোগ কৰে গগৈয়ে।

আনহাতে শ্যামকানু মহন্ত সন্দৰ্ভত গৌৰৱ গগৈয়ে কয় যে এচাম বিজেপি নেতাৰ সৈতে শ্যামকানু মহন্তৰ বৰ ভাল সম্পৰ্ক৷

‘শ্যামকানু মহন্ত আৰু নৰ্থ-ইষ্ট ফেষ্টিভেলৰ ইনষ্টাগ্ৰামৰ পোষ্টবোৰ চালে সকলোতে বিজেপি নেতাক দেখিব৷ বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী, এনডিএৰ সহযোগী দলৰ মুখ্যমন্ত্ৰী আদিকো দেখিব৷ ৰাজ্যিক বিজেপিৰ বিশেষকৈ যোৰহাট বিজেপি নেতাৰ সৈতে সিদ্ধাৰ্থ শৰ্মাৰ সম্পৰ্ক বেছি ভাল৷ যাৰ বাবে অসম আৰক্ষীয়ে পূজালৈকে বাট চাই আছে৷’ —গগৈয়ে কয়। তেওঁ আৰু কয় যে শ্যামকানু আৰু সিদ্ধাৰ্থ ছিংগাপুৰ, লণ্ডন, মুম্বাই, চেন্নাইত নে আন ক’ৰবাত আছে সেয়া ডাবল ইঞ্জিনৰ চৰকাৰে আজিলৈ ক’ব পৰা নাই৷ তাৰপিছত মৰমত কোৱা হৈছে যে দুৰ্গা পূজালৈ নাহিবা দেই৷ ইমান সময় কিয় দিয়া হৈছে? কোনোৱে যদি ক্ৰাইম কৰে, তেতিয়া সময় পালে ক্ৰাইম কৰাসকলে তথ্য ডিলিট কৰিব পাৰে৷ মোবাইলৰ পৰা তথ্য ডিলিট কৰিব পাৰে, মোবাইলটো পেলাই দিব পাৰে৷ বেছি সময় পালে সিহঁতৰ লাভ হয়৷ যিসকলে ক্ৰাইম কৰিছে সিহঁতক সুবিধা দিয়া হৈছে বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

অধিবক্তাৰ সৈতে কথা পাতিবলৈ ডাঙৰ বিজেপি নেতা আৰু আৰক্ষী বিষয়াক ফোন কৰি পৰামৰ্শ ল’বলৈ সুবিধা দিয়া হ’ল নেকি বুলিও কয় গগৈয়ে৷

মুখ্যমন্ত্ৰী কিয় ইমান অসমৰ্থ আৰু অদক্ষ বুলি প্ৰশ্ন কৰি গগৈয়ে কয়, ‘হিমন্ত বিশ্ব শৰ্মাই বিচৰা নাই সকলো তথ্য ৰাজহুৱা হওক৷ জোনমণি ৰাভা, লোকনিৰ্মাণ বিভাগৰ অভিযন্তা যোশিতা দাস, উমৰাংছ’ৰ কয়লা কাণ্ডক লৈ কি তদন্ত কৰিলে? কোনটো প্ৰশ্নৰ উত্তৰ দিব পাৰিছে চৰকাৰে? যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিব তেতিয়ালৈ অসমৰ ৰাইজে জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ সত্যতা জানিব নোৱাৰে৷ যেনেকৈ জোনমণি ৰাভা, যোশিতা দাসৰ আত্মহত্যা কাণ্ডত কোন ৰাজনৈতিকভাৱে প্ৰভাৱশালী ব্যক্তি জড়িত, উমৰাংছ’ত কেনেকৈ ইমান লোকৰ মৃত্যু হ’ল আৰু তাত কোন প্ৰভাৱশালী ৰাজনৈতিক ব্যক্তি জড়িত সেই কথা জানিব নোৱাৰিলে৷ তেনেদৰে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈ অসমৰ মানুহে তথ্য নাপাব যে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ’ল৷’

ইফালে, আজিৰ সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে অহা ৩ অক্টোবৰৰ পৰা জুবিন গাৰ্গৰ বাবে ন্যায়ৰ দাবীত অসমজুৰি কংগ্ৰেছ দলে প্ৰতিবাদ কৰিব বুলি কয়৷ ‘৩ অক্টোবৰৰ পৰা আমি ৰাজ্যজুৰি জুবিন গাৰ্গৰ বাবে ন্যায়ৰ দাবীত মমবাতি জ্বলাই সমদল কৰিম। আমি তেওঁৰ মৃত্যু ৰহস্যক ৰহস্য হৈ থাকিবলৈ নিদিওঁ। অসম চৰকাৰৰ জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰতি এনে উপেক্ষাপূৰ্ণ মনোভাব দেখি সৰ্বসাধাৰণ বিস্মিত। গুৱাহাটীত কৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন এতিয়ালৈকে ৰাজহুৱা কৰা হোৱা নাই। তদন্তটো সম্পূৰ্ণভাৱে সন্দেহজনক দিশত আগবাঢ়িছে। চৰকাৰে মহান শিল্পীজনৰ অনুৰাগীসকলৰ অনুভৱক সন্মান কৰিব পৰা নাই। আমি তেওঁলোকৰ অনুভৱৰ প্ৰতি গভীৰ সহানুভূতি প্ৰকাশ কৰিছো।’

জুবিন গাৰ্গৰ অনুৰাগীসকলে কোনো বাধাৰ সৃষ্টি কৰা নাই৷ তেওঁলোকে গান আৰু চকুলোৰে শান্তিপূৰ্ণভাৱে নিজৰ শোক প্ৰকাশ কৰিছে। চৰকাৰে তেওঁলোকক সন্মান কৰাৰ সলনি ভয় দেখুৱাবলৈ চেষ্টা কৰিছে আৰু নেপালৰ পৰিস্থিতিৰ সৈতে তুলনা কৰি অপমানিত কৰিছে বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। গগৈয়ে কয়, ‘জুবিন গাৰ্গৰ অনুৰাগীসকলে আটাইতকৈ বেছি ধৈৰ্য দেখুৱাইছে৷ এই ধৈৰ্যক মই ছেল্যুট কৰিছোঁ৷ ন্যায় বিচাৰিছে, গান গাইছে৷ ধৈৰ্যসহকাৰে তদন্ত কৰিবলৈ সময় দিছে৷ অনুৰাগীক সন্মান কৰাৰ পৰিৱৰ্তে ভয় খুৱাই পিটিছে৷ ঘৰলৈ আৰক্ষী পঠিয়াইছে৷ নেপালৰ সৈতে তুলনা কৰিছে৷ নেপালৰ সৈতে তুলনা কৰি জুবিনৰ অনুৰাগীৰ সৎ উদ্দেশ্যক উপলুঙা কৰিছে৷ মূল অভিযুক্তই ভিডিঅ’ মুকলি কৰি আছে৷ আৰক্ষীয়ে চাই আছে৷’

সিদ্ধাৰ্থ শৰ্মা যোৰহাটৰ বিজেপি নেতাৰ ঘনিষ্ঠ হোৱা বাবে আৰু শ্যামকানু মহন্তৰ সৈতে মুখ্যমন্ত্ৰী আৰু দিল্লী-অসম বিজেপিৰ নেতাসকলৰ আন্তৰিকতাপূৰ্ণ সম্পৰ্ক আছে বাবে মুখ্যমন্ত্ৰীয়ে তদন্তৰ গতি জানি-বুজি লেহেমীয়া কৰাৰো অভিযোগ তোলে গৌৰৱ গগৈয়ে৷ শ্যামকানু আৰু সিদ্ধাৰ্থক ভিআইপি ট্ৰিট কৰিছে বুলি উল্লেখ কৰি গগৈয়ে কয়, ‘অসম আৰক্ষীক ফ্ৰী-হেণ্ড দিয়ক৷ ফ্ৰী-হেণ্ড দিলে সকলোকে এৰেষ্ট কৰিব পাৰিলেহেঁতেন৷ অসম আৰক্ষীয়ে বহু ভাল কাম কৰিছে৷ মাওবাদীকে ধৰি বিভিন্ন উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজিছে৷ পিছে এতিয়া শ্যামকানু আৰু সিদ্ধাৰ্থক ধৰিব পৰা নাই। কিন্তু অজয় ফুকন আৰু ভিক্টৰক গ্ৰেপ্তাৰ কৰিছে৷’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱলৈ নতুন ভাবুকি: অস্ত্ৰ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈছে ড্ৰোন, ডিজে আৰু কিশোৰ   

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱলৈ নতুন ভাবুকি: অস্ত্ৰ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈছে ড্ৰোন, ডিজে আৰু কিশোৰ   

July 1, 2026 3:04 pm
ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

July 1, 2026 1:27 pm
এক কৰুণ মৃত্যু, ধাৰাবাহিক অভিযোগ আৰু দীৰ্ঘদিনীয়া প্ৰশ্ন: পুনৰ বিতৰ্কৰ আৱৰ্তত মহাৰাজ পৃথু উৰণীয়া সেতু

এক কৰুণ মৃত্যু, ধাৰাবাহিক অভিযোগ আৰু দীৰ্ঘদিনীয়া প্ৰশ্ন: পুনৰ বিতৰ্কৰ আৱৰ্তত মহাৰাজ পৃথু উৰণীয়া সেতু

July 1, 2026 12:42 pm
গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

July 1, 2026 10:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱলৈ নতুন ভাবুকি: অস্ত্ৰ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈছে ড্ৰোন, ডিজে আৰু কিশোৰ   

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱলৈ নতুন ভাবুকি: অস্ত্ৰ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈছে ড্ৰোন, ডিজে আৰু কিশোৰ   

July 1, 2026 3:04 pm
ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

July 1, 2026 1:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd