পঞ্জাৱৰ আদালতে এটা পুৰণি মানহানিৰ গোচৰত আদালতত ব্যক্তিগতভাৱে হাজিৰ হ’বলৈ বিজেপি সাংসদ কংগনা ৰানাৱটক নিৰ্দেশ দিছে।
আদালতৰ নিৰ্দেশ অনুসৰি, বিজেপি সাংসদগৰাকীয়ে ২৭ অক্টোবৰত আদালতত হাজিৰ হ’ব লাগিব।
ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আদালত হাজিৰ হ’বলৈ কংগনাই কৰা আবেদন নাকচ কৰি আদালতে এই নিৰ্দেশ দিছে।
২০২০-২১ বৰ্ষৰ কৃষক আন্দোলনৰ সময়ত অভিনেত্ৰী কংগনা ৰানাৱটে কৰা এটা টুইটক লৈ বিতৰ্ক আৰম্ভ হৈছিল। য’ত কংগনাই বাথিণ্ডা জিলাৰ বাহাদুৰগড় জাণ্ডিয়ান গাঁৱৰ মহিন্দৰ কৌৰ নামৰ এগৰাকী মহিলাৰ ছবি ব্যৱহাৰ কৰি তেওঁক ‘শ্বাহীন বাগৰ আইতাক’ বুলি উল্লেখ কৰিছিল।
আদালতত গোচৰীয়া পক্ষৰ অধিবক্তা ৰঘুবীৰ সিং বেনিৱালে কয়, “আমি কংগনা ৰানাৱটৰ ভাৰ্চুৱেল উপস্থিতিৰ বিৰোধিতা কৰিছো। কাৰণ আইনৰ অধীনত কোনো অভিযুক্তক এইদৰে ব্যক্তিগতভাৱে হাজিৰ হোৱাৰ পৰা ৰেহাই দিব নোৱাৰি। আমি আদালতক অনুৰোধ জনাইছো যে তেওঁৰ উপস্থিতি নিশ্চিত কৰক আৰু অন্যথা তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰক।”
এই ভুৱা বাতৰি প্ৰচাৰ কৰাৰ বাবেই নেটিজেনৰ তীব্ৰ আক্ৰমণৰ সন্মুখীন হৈছিল কংগনা ৰাণাৱট। ইয়াৰ কিছু সময়ৰ পিছত তেওঁ নিজৰ টুইটটো ডিলিট কৰি দিছিল। অৱশ্যে এই ভুৱা অভিযোগৰ পিছত মহিন্দৰ কৌৰে মানহানিৰ গোচৰ ৰুজু কৰিছিল।





