দুৰ্গাপূজাৰ সপ্তমীৰ নিশা মৰিগাঁৱত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। মৰিগাঁৱৰ মায়ঙৰ এগৰাকী স্থানীয় সংবাদকৰ্মী হিমাংশু তামুলীক দুৰ্বিত্তই আক্ৰমণ কৰে।
জানিব পৰা মতে, দুৰ্বিত্তই ব’হাগী নামৰ এখন ৰেস্তোঁৰাৰ সন্মুখত চোকা অস্ত্ৰেৰে সাংবাদিক গৰাকীৰ পেটত আক্ৰমণ কৰে।
ঘটানাৰ পিছত সাংবাদিক গৰাকীক ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। বৰ্তমান তেওঁ সংকটজনক অৱস্থাত জি এম চি এইচত চিকিৎসাধীন হৈ আছে।
ঘটনাৰ পিছতে তামুলীৰ পৰিয়ালে মৰিগাঁও থানাত এজাহাৰ দাখিল কৰে। পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ভোলা ডেকা নামৰ অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জনোৱা মতে ভোলা ডেকা এজন মাটিৰ দালাল বুলি জানিব পৰা গৈছে।
ইফালে এই আক্ৰমণক গৰিহণা দি মৰিগাঁৱ সাংবাদিক সমাজে মৰিগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়।





