জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰি ১৪ দিনৰ বাবে আৰক্ষীৰ জিম্মাত লোৱাৰ পিছতেই মুখ খুলিছে জুবিন গাৰ্গৰ পুৰণি বন্ধু তথা চিত্ৰশিল্পী পান্না বৰ্মনে।
উল্লেখ্য যে ড° ভূপেন হাজৰিকা, অমিতাভ বচ্চন, আনকি হলিউডৰ অভিনেত্ৰী কেট উইন্সলেটকো সন্মুখত বহুৱাই ছবি অংকন কৰিছিল পান্না বৰ্মনে।
আজি সংবাদ মাধ্যমৰ আগত আৱেগিক হৈ বৰ্মনে কয়, ‘‘যোৱা ৩০ বছৰ ধৰি মই তেওঁৰ বন্ধু আছিলোঁ। মইও জুবিনৰ ছবি আঁকিছো। তেওঁৰ লগত যি হ’ল সেয়া এশ শতাংশ গাফিলতিৰ বাবে হৈছিল।”
লগতে তেওঁ কয়, “এবাৰ শ্যামকানু মহন্তই জুবিনৰ লগতে মোকো নৰ্থ-ইষ্ট ফেষ্টিভেললৈ মাতিছিল। মোক মাত্ৰ যোৱাৰ টিকেটটো কৰি দিছিল আৰু কৈছিল আপুনি তাত ছবি আঁকি টকা উপাৰ্জন কৰি ল’ব। মই তাত ছবি আঁকি ২৭ হাজাৰ টকা উপাৰ্জন কৰি ফ্লাইটৰ টিকট কাটি ঘূৰি আহিছিলো।”
শিল্পীগৰাকীয়ে লগতে কয়, “যোৱা মাহত শ্যামকানু মহন্তৰ জ্যেষ্ঠ ভাতৃয়ে তেওঁলোকৰ মাতৃৰ প্ৰতিকৃতি আঁকিবলৈ মাতিছিল। মই ছবিখন সম্পূৰ্ণ কৰাৰ পিছত তেওঁ ছবিখন অঁকা হোৱা নাই বুলি কৈছিল। সেয়া মোৰ বাবে অপমানজনক আছিল।”ইয়াৰ লগতে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দোষী সকলোকে কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই শিল্পীগৰাকীয়ে।





