শেহতীয়াকৈ দেশৰ জলবায়ুকৰ্মী সোণম ৱাংচুকক চৰকাৰে অন্যায়ভাবে গ্ৰেপ্তাৰ কৰা কাৰ্যৰ বিৰোধিতা কৰিছে অসম নাগৰিক সন্মিলনে। আজি অসম নাগৰিক সন্মিলনে এই গ্ৰেপ্তাৰক গৰিহণা দি সংবাদ মাধ্যমলৈ এক বিবৃতি প্ৰেৰণ কৰিছে। তলত উক্ত বিবৃতিটো হুবহু প্ৰকাশ কৰা হ’ল।
“সোনম ৱাংচুক আমাৰ দেশৰ এগৰাকী প্ৰখ্যাত শিক্ষাবিদ, উদ্ভাৱক আৰু পৰিৱেশবিদ।তেওঁ মনে প্ৰাণে লাডাখৰ স্বায়ত্ত শাসন বিচাৰে। জন্মু-কাশ্মীৰৰ পৰা ৩৭০ ধাৰা বাতিল কৰি ২০১৯ চনত লাডাখক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰাৰ সময়ত, লাডাখৰ ৰাইজে, বিশেষকৈ লেহ অঞ্চলৰ ৰাইজ আৰু সোনম ৱাংচুকে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাইছিল। তাৰপিছত, ভাৰতীয় জনতা পাৰ্টিয়ে ২০১৯ চনৰ লোক সভা নিৰ্বাচনত তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত লাডাখক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল। একেই প্ৰতিশ্ৰুতি বিজেপিয়ে ২০২০ চনত অনুষ্ঠিত লাডাখ স্বয়ংশাসিত পাৰ্বত্য অঞ্চল বিকাশ পৰিষদৰ নিৰ্বাচনৰ সময়তো দোহাৰিছিল। কিন্তু প্ৰতিশ্ৰুতিৰ বাহিৰে তাক বাস্তৱ ৰূপ দিবলৈ তেওঁলোকে একো কৰা নাছিল। বিজেপি আৰু কেন্দ্ৰীয় চৰকাৰৰ এই অৱস্থানৰ বাবে এসময়ত ‘লেহ এপেক্স বডি’ আৰু ‘কাৰগিল ডেমক্ৰেটিক এলায়েঞ্চে’ যৌথভাৱে লাডাখৰ বাবে ষষ্ঠ অনুসূচী আৰু সুকীয়া ৰাজ্যৰ দাবী তুলি আন্দোলন আৰম্ভ কৰে। সোনম ৱাংচুকে ধাৰাবাহিক অনশনৰ দ্বাৰা এই আন্দোলনৰ নেতৃত্ব দিয়ে। এই আন্দোলনৰ অংশ হিচাপে তেওঁ ২০২৪ চনত অক্টোৱৰ মাহত লেহৰ পৰা দিল্লীলৈ ১০০০ কিলো মিটাৰ পথ খোজকাঢ়ি আহিছিল। তেওঁলোকৰ মূল দাবী কেইটা হৈছে: ১) লাডাখত ষষ্ঠ অনুসূচী প্ৰৱৰ্তন কৰা, ২) অঞ্চলটোক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিয়া যাতে তাৰ জনসাধাৰণে নিজে নিজৰ বাবে আইন প্ৰণয়ন কৰিব পাৰে, ৩) লেহ আৰু কাৰ্গিলৰ বাবে পৃথক লোকসভা সমষ্টিৰ সৃষ্টি কৰা, (৪) স্থানীয় যুৱক-যুৱতীৰ চাকৰিৰ বাবে এটা লোকসেৱা আয়োগ গঠন কৰা আৰু ৫) লাডাখৰ পৰিৱেশ আৰু সাংস্কৃতিক সুৰক্ষা নিশ্চিত কৰা।
যুক্তৰাষ্ট্ৰীয় কাঠামোৰ দেশ এখনত এই দাবীবোৰ তেনেই ন্যায়সংগত । এই দাবীবোৰৰ সমৰ্থনত সোনম ৱাংচুক আৰু তেওঁৰ সমৰ্থক সকলে চেপ্তেম্বৰৰ ১০ তাৰিখৰ পৰা ২৪ তাৰিখলৈ অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল। কিন্তু দীৰ্ঘদিনীয়া অনশন কাৰ্যসূচীলৈ চৰকাৰৰ কোনো সঁহাৰি নেদেখি স্বাভাৱিকতে কিছু যুৱক বিক্ষুব্ধ আৰু অস্থিৰ হৈ পৰিছিল। তেনেকৈয়ে শান্তিপূৰ্ণ আন্দোলনটো হঠাৎ ২৪ চেপ্তেম্বৰৰ দিনা অশান্ত হৈ পৰিছিল। কিন্তু লগে লগে ৱাংচুকে আন্দোলন প্ৰত্যাহাৰ কৰে আৰু হিংসাত্মক কাৰ্যৰ গৰিহণা দিয়ে। হিংসাই আন্দোলনটো পথভ্ৰষ্ট আৰু লক্ষ্যভ্ৰষ্ট কৰিব বুলি সকীয়াই দি হিংসাত্মক কাৰ্যকলাপৰ পৰা বিৰত থাকিবলৈ তেওঁ সকলোকে আহ্বান জনাইছিল। কিন্তু তাৰ পিছতো চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি তেওঁৰ বিৰুদ্ধে নানা মনেসজা অভিযোগ উত্থাপন কৰে। এতিয়ালৈকে তেওঁক কাৰাগাৰতে আবদ্ধ কৰি ৰখা হৈছে। সোনম ৱাংচুক ভাৰতৰ গৌৰৱ। নিজৰ উদ্ভাৱনী প্ৰতিভা, শিক্ষা সংস্কাৰ আৰু পৰিৱেশ সংৰক্ষণৰ বাবে আগবঢ়োৱা বৰঙণিৰ বাবে তেওঁক দেশৰ ভিতৰে-বাহিৰে বিভিন্ন পুৰস্কাৰ আৰু সন্মানেৰে সন্মানিত কৰা হৈছে। তেনে এগৰাকী ব্যক্তিক স্বায়ত্ত শাসন আৰু লাডাখৰ সাংস্কৃতিক আৰু পৰিৱেশ সুৰক্ষাৰ বাবে মাত মতা কাৰণে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰাটো অতি গৰ্হিত।সোনম ৱাংচুকক অবিলম্বে বিনাচৰ্তে মুকলি কৰি দিবলৈ আমি কেন্দ্ৰ চৰকাৰৰ ওচৰত দাবী জনালোঁ। এই ঘটনাটোৱে প্ৰমাণ কৰে যে বাহিৰত যিমানেই নেদেখুৱাওক কিয় প্ৰান্তীয় মানুহৰ আশা-আকাংক্ষাৰ প্ৰতি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ কোনো সদ্ভাৱ আৰু আন্তৰিকতা নাই। আমি যিমান সোনকালে সেইটো উপলব্ধি কৰোঁ সিমানেই আমাৰ মংগল।
অসম নাগৰিক সন্মিলনৰ হৈ
হীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকা, অজিত কুমাৰ ভূঞা, পৰেশ মালাকাৰ, আব্দুল মান্নান, শান্তনু বৰঠাকুৰ”
”





