শেহতীয়াকৈ শ্যামকানু মহন্তৰ হৈ ওকালতি কৰিবলৈ আগবাঢ়ি আহিছে এজন জ্যেষ্ঠ অধিবক্তা ৰাজ কমল। কেইবাটাও সংবাদমধ্যমত প্ৰকাশ পাইছে যে অধিবক্তা ৰাজ কমল কংগ্ৰেছ দলৰ সদস্য। ইয়াক লৈ কংগ্ৰেছ দল জনতাৰ প্ৰশ্নৰ সন্মুখীন হৈছে।
আনহাতে, কংগ্ৰেছ দলে ৰাজ কমল কংগ্ৰেছৰ সদস্য নহয় বুলি এই অভিযোগ নৎসাৎ কৰিছে।
কংগ্ৰেছ দলে জনোৱা মতে, অধিবক্তা ৰাজ কমলে পূৰ্বতে বিজেপি নেতা মঞ্জিন্দৰ সিং ছিৰছাৰৰ সৈতে কাম কৰিছিল। পৰৱৰ্তী সময়ত ২০১৪ চনৰ পৰা ২০১৭ লৈ ভাৰতৰ এটৰ্নী জেনেৰেল মুকুল ৰোহাটগীৰ সহায়ক হিচাপে কাম কৰিছিল।
কংগ্ৰেছে জনোৱা মতে, মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙৰ কাৰ্যকালত ৰাজ কমলে ২০১৭ চনৰ জুলাইৰ পৰা ২০২১ চনৰ ছেপ্টেম্বৰ মাহলৈকে পঞ্জাৱৰ ডেপুটি এডভোকেট জেনেৰেলৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল। পৰৱৰ্তী সময়ত অমৰিন্দৰ সিঙে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল।
এই তথ্য সমূহ উল্লেখ কৰি একাংশ সংবাদ মাধ্যমে ৰাজ কমল কংগ্ৰেছৰ সদস্য বুলি প্ৰচাৰ কৰা বাতৰি ভুৱা বুলি দাবী কৰিছে।





