জাপানৰ শাসকীয় দল লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টীয়ে শনিবাৰে প্ৰাক্তন অৰ্থনৈতিক নিৰাপত্তা মন্ত্ৰী ছানাই টাকাইচিক দলটোৰ নতুন নেত্ৰী হিচাপে নিৰ্বাচিত কৰিছে। যাৰ ফলত তাকাইচি দেশখনৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্ণ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
লিংগ সমতাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সমীক্ষাত পাছৰ স্থানত থকা দেশ জাপানৰ ৰক্ষণশীল ৰাজনৈতিক দল লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰথমগৰাকী মহিলা নেত্ৰী হিচাপে ছানাই টাকাইচিয়ে ইতিমধ্যেই ইতিহাস ৰচনা কৰিছে। উল্লেখ্য যে তাকাইচি পুৰুষ প্ৰধান দলটোৰ অন্যতম এগৰাকী ৰক্ষণশীল সদস্য।
শনিবাৰে এলডিপিৰ আভ্যন্তৰীণ দলীয় ভোটত টাকাইচিয়ে জনপ্ৰিয় প্ৰাক্তন প্ৰধানমন্ত্ৰী জুনিচিৰো ক’ইজুমিৰ পুত্ৰ কৃষি মন্ত্ৰী শ্বিনজিৰো ক’ইজুমিক পৰাস্ত কৰে।
প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাৰ ঠাইত টাকাইচিয়ে দলীয় নিৰ্বাচনত বৃহৎ পৰাজয়ৰ পাছত জনসাধাৰণৰ সমৰ্থন পুনৰ আদায় কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ আসনত ক্ষমতাসীন হ’ব বুলি আশা ব্যক্ত কৰিছে।
তদুপৰি টাকাইছি জাপানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাৰ সম্ভাৱনা এইবাবেই বেছি কাৰণ ৰাষ্ট্ৰখনৰ নেতা নিৰ্ধাৰণ কৰা নিম্ন সদনত লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিৰ সংখ্যাগৰিষ্ঠতা আছে। আৰু বিৰোধী গোটসমূহো অতিশয় বিভাজিত হোৱাটোৱে টাকাইছি প্ৰধানমন্ত্ৰী হোৱাৰ বাট প্ৰশস্ত কৰে।
শনিবাৰে জাপানৰ শাসকীয় দলটোৰ প্ৰথমগৰাকী মহিলা নেত্ৰী হোৱাৰ পাছত ছানাই টাকাইচিয়ে জাপানৰ শাসকীয় দলটোৰ বাবে “নতুন যুগ”ৰ আৰম্ভণি বুলি এলডিপিৰ ভূয়সী প্ৰশংসা কৰে।
স্মৰ্তব্য যে, বিগত এটা বছৰত সংসদীয় নিৰ্বাচনত একেৰাহে পৰাজয়ৰ ফলত দুয়োখন সদনত দুৰ্বল অৱস্থাত থকা এলডিপিয়ে এনে এজন নেতা বাছনি কৰিব বিচাৰিছে যিয়ে জাপানৰ আভ্যন্তৰীণ আৰু বাহ্যিক প্ৰত্যাহ্বানসমূহৰ সৈতে ক্ষিপ্ৰতাৰে মোকাবিলা কৰিব পাৰে। সেয়েহে সকলোৱে ছানাই টাকাইছিৰ নেতৃত্বৰ ওপৰত আস্থা আৰু বিশ্বাস প্ৰকাশ কৰিছে।





