অসমৰ অতি মৰমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ শোকে এতিয়াও অসমবাসীৰ মন গধূৰ কৰি ৰাখিছে। একেসময়তে শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুক লৈ সৰৱো হৈ পৰিছে অজস্ৰ গুণমুগ্ধ। ইপিনে, তদন্ত চলি থকাৰ মাজতে এচাম অকালপক্ক নেতাই বিষয়টোক লৈ ৰাজনীতিৰ পাখিও মেলি দিছে। কিন্তু জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰি এতিয়াও অচল হৈ আছে জুবিন অনুৰাগী।
ইপিনে, জুবিনৰ পত্নী গৰিমা গাৰ্গে এটা ফেচবুক পোষ্টত নিজৰ স্থিতি ঘোষণা কৰিছে। আবেগিক এই পোষ্টটোত জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰি গৰিমাই লিখিছে, ‘মোক উত্তৰ লাগে…।‘
গৰিমা গাৰ্গে ফেচবুক পোষ্টটোত লিখিছে,
‘’The last one for this life…
But we will be together again,,very soon Goldie !
কিন্তু এতিয়া, অতি শীঘ্ৰেই মই/ আমি সকলোৱে জানিব লাগিব তুমি কায়িক ভাবে নোহোৱা হৈ যোৱাৰ কাৰণ ।
কিয় ? এতিয়া এটা ডাঙৰ প্ৰশ্ন !
এই প্ৰশ্নই দিন ৰাতি জ্বলাই ৰাখিছে মোৰ শূণ্য বুকু । মোক উত্তৰ লাগে ..
আনহাতে, জুবিন গাৰ্গৰ ভগ্নী ডঃ পামী বৰঠাকুৰেও এটা ফেচবুক পোষ্টত লিখিছে,
‘’আকৌ তই ‘ মমন ‘ বুলি মাতিবি…. যেতিয়া লগ পাম সীমনাৰ সিপাৰে….
এতিয়া লক্ষ্য মাত্ৰ এটাই, তোক ন্যায় দিয়াব লাগিব!
ৰাইজ! আপোনালোকৰ মনোবল আমাৰ সহায়ক হওঁক!





