অব্যাহত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্ক যুদ্ধ। শেহতীয়াকৈ ট্ৰাম্পে চীনৰ ওপৰত ১০০% অতিৰিক্ত শুল্ক আৰোপ কৰাৰ ঘোষণা কৰিছে। এই শুল্ক ১ নৱেম্বৰৰ পৰা কাৰ্যকৰী হ’ব। তেওঁ চফটৱেৰ ৰপ্তানিৰ ক্ষেত্ৰতো কঠোৰ নিয়ন্ত্ৰণৰ দাবী জনাইছে। শান্তিৰ নোবেল বঁটা ঘোষণাৰ পিছতে এই ভাবুকি আহিছে।
ট্ৰাম্পে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পৰা বিভিন্ন দেশৰ ওপৰত শুল্ক আৰোপ কৰি আমেৰিকাৰ অৰ্থনীতিত প্ৰভাৱ পেলাইছে। কিছুদিন শান্ত থকাৰ পিছত হঠাতে চীনৰ ওপৰত এই নতুন শুল্ক ঘোষণা কৰে। তেওঁৰ বিবৃতিত এয়া চীনৰ বাণিজ্য নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ বুলি উল্লেখ কৰে। এই শুল্কই চীনক সৰ্বাধিক ক্ষতিগ্ৰস্ত কৰিব যদিও আমেৰিকাতো ইয়াৰ প্ৰভাৱ পৰিব। লগতে সকলো চফটৱেৰৰ ৰপ্তানিতো নিয়ন্ত্ৰণ আৰোপ হ’ব বুলি উল্লেখ কৰে বিবৃতিত।
উল্লেখ্য যে আমেৰিকাৰ নতুন শুল্কই টেক খণ্ডত বিৰূপ প্ৰভাৱ পেলাব পাৰে। প্ৰকাশিত তথ্য অনুসৰি ২০২৫ চনৰ জানুৱাৰীত আমেৰিকাৰ বাণিজ্য বিভাগে উন্নত কম্পিউটিং চফটৱেৰ আৰু এআই মডেলৰ ওপৰত নিয়ন্ত্ৰণ বৃদ্ধি কৰিছে। অৱশ্যে সকলো চফটৱেৰ নিষিদ্ধ নহয়, কেৱল সুৰক্ষা-সংবেদনশীল আৰু উন্নত কম্পিউটিং জড়িত চফটৱেৰ সমূহৰ ওপৰতহে নিয়ন্ত্ৰণ বৃদ্ধি কৰাৰ হ’ব বুলি বিবৃতিত উল্লেখ কৰিছে।
২০২৫ চনৰ এপ্ৰিলত স্মাৰ্টফোন, পিচি, চিপৰ ওপৰত সাময়িক সকাহ দিয়া হৈছিল। কিন্তু এতিয়া ১০০% অতিৰিক্ত শুল্ক আৰোপ কৰাৰ ফলত অৰ্ধপৰিবাহীৰ শুল্ক ২৫%ৰ পৰা ৫০% আৰু ইলেক্ট্ৰনিকছৰ ২৫%ৰ পৰা ১৪৫% হ’ব পাৰে। মুঠ শুল্ক ১২৫%ৰ পৰা ২৪৫% পৰ্যন্ত হ’ব পাৰে। বিশেষজ্ঞসকলে কয় যে যদি সম্পূৰ্ণৰূপে কাৰ্যকৰী হয়, তেন্তে ২০৪০ চনলৈ স্মাৰ্টফোন, লেপটপ, ইভি বেটাৰীৰ দাম ২০% বৃদ্ধি পাব পাৰে। প্ৰকৃত প্ৰভাৱ যোগান শৃংখল আৰু উৎপাদনৰ ওপৰত নিৰ্ভৰ কৰিব। ভাৰতত বিশেষকৈ প্ৰযুক্তি আৰু ইলেক্ট্ৰনিকছ আমদানিত এই শুল্কৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা প্ৰৱল।





